--°C
Loading...
Listen to Article
2 min read
80%

অধ্যক্ষই এনেদৰে চুলি কাটি শাস্তি দিয়াৰ বাবে ছাত্ৰসকলে অসন্তুষ্টি প্ৰকাশ কৰে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ হাপুড় জিলাত অৱস্থিত মাৰৱাৰ ইণ্টাৰ কলেজত।

ডিজিটেল ডেস্কঃ এখন কলেজৰ অধ্যক্ষই ৮৪ জন ছাত্ৰৰ কাটিলে চুলি। অধ্যক্ষগৰাকীয়ে নিজ হাতে কেঁচী চলালে ৮৪ জনকৈ ছাত্ৰৰ ওপৰত। পিছে কিয়? কলেজখনত অনুশাসন বৰ্তাই ৰখাৰ বাবে অধ্যক্ষগৰাকীয়ে এই পদক্ষেপ হাতত লয়। অধ্যক্ষগৰাকীয়ে সদৰী কৰা অনুসৰি যোৱা কেইবাদিনো ধৰি শিক্ষাৰ্থীসকলক চুটি চুলি ৰখাৰ বাবে সতৰ্ক কৰি দিয়া হৈছিল। বাৰে বাৰে কোৱাৰ পাছতো অধ্যক্ষৰ কথা মনা নাছিল ছাত্ৰসকলে। সেয়েহ কলেজৰ অনুশাসন ভংগ কৰাৰ অপৰাধত ছাত্ৰকেইজনক তেওঁ শাস্তি বিহে। কলেজৰ প্ৰাৰ্থনা হৈ যোৱাৰ পাছতেই দীঘল চুলি ৰখা আটাইকেইজন ছাত্ৰক একেলগে বহুৱাই অধ্যক্ষগৰাকীয়ে চুলি কাটি শাস্তি প্ৰদান কৰে। কেৱল দীঘল চুলি ৰখা ছাত্ৰ কেইজনেই নহয় চুলিত ৰং কৰি অহা ছাত্ৰৰো চুলি কাটি শাস্তি বিহে অধ্যক্ষই। অধ্যক্ষ ৰাজেশ যাদৱে দীঘল চুলি আৰু চুলিৰ ৰং কৰাকলৈ কলেজখনৰ শিক্ষাৰ্থীসকলক কেইবাবাৰো বুজাইছিল। বাৰে বাৰে বুজোৱাৰ পাছতো নুবুজাত ছাত্ৰসকলক এনেদৰে শাস্তি বিহিবলৈ বাধ্য হয় অধ্যক্ষ ৰাজেশ যাদৱ।অধ্যক্ষই এনেদৰে চুলি কাটি শাস্তি দিয়াৰ বাবে ছাত্ৰসকলে অসন্তুষ্টি প্ৰকাশ কৰে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ হাপুড় জিলাত অৱস্থিত মাৰৱাৰ ইণ্টাৰ কলেজত। আৰু পঢ়কঃ ৩ মাৰ্চত আপোনাৰ ভাগ্যই কি কঢ়িয়াই আনিব…চাওঁ আহক ৰাশিফল

FOLLOW US F
POPULAR
FEATURE
TRENDY
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি