--°C
Loading...
Listen to Article
2 min read
80%

অধ্যক্ষই এনেদৰে চুলি কাটি শাস্তি দিয়াৰ বাবে ছাত্ৰসকলে অসন্তুষ্টি প্ৰকাশ কৰে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ হাপুড় জিলাত অৱস্থিত মাৰৱাৰ ইণ্টাৰ কলেজত।

ডিজিটেল ডেস্কঃ এখন কলেজৰ অধ্যক্ষই ৮৪ জন ছাত্ৰৰ কাটিলে চুলি। অধ্যক্ষগৰাকীয়ে নিজ হাতে কেঁচী চলালে ৮৪ জনকৈ ছাত্ৰৰ ওপৰত। পিছে কিয়? কলেজখনত অনুশাসন বৰ্তাই ৰখাৰ বাবে অধ্যক্ষগৰাকীয়ে এই পদক্ষেপ হাতত লয়। অধ্যক্ষগৰাকীয়ে সদৰী কৰা অনুসৰি যোৱা কেইবাদিনো ধৰি শিক্ষাৰ্থীসকলক চুটি চুলি ৰখাৰ বাবে সতৰ্ক কৰি দিয়া হৈছিল। বাৰে বাৰে কোৱাৰ পাছতো অধ্যক্ষৰ কথা মনা নাছিল ছাত্ৰসকলে। সেয়েহ কলেজৰ অনুশাসন ভংগ কৰাৰ অপৰাধত ছাত্ৰকেইজনক তেওঁ শাস্তি বিহে। কলেজৰ প্ৰাৰ্থনা হৈ যোৱাৰ পাছতেই দীঘল চুলি ৰখা আটাইকেইজন ছাত্ৰক একেলগে বহুৱাই অধ্যক্ষগৰাকীয়ে চুলি কাটি শাস্তি প্ৰদান কৰে। কেৱল দীঘল চুলি ৰখা ছাত্ৰ কেইজনেই নহয় চুলিত ৰং কৰি অহা ছাত্ৰৰো চুলি কাটি শাস্তি বিহে অধ্যক্ষই। অধ্যক্ষ ৰাজেশ যাদৱে দীঘল চুলি আৰু চুলিৰ ৰং কৰাকলৈ কলেজখনৰ শিক্ষাৰ্থীসকলক কেইবাবাৰো বুজাইছিল। বাৰে বাৰে বুজোৱাৰ পাছতো নুবুজাত ছাত্ৰসকলক এনেদৰে শাস্তি বিহিবলৈ বাধ্য হয় অধ্যক্ষ ৰাজেশ যাদৱ।অধ্যক্ষই এনেদৰে চুলি কাটি শাস্তি দিয়াৰ বাবে ছাত্ৰসকলে অসন্তুষ্টি প্ৰকাশ কৰে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ হাপুড় জিলাত অৱস্থিত মাৰৱাৰ ইণ্টাৰ কলেজত। আৰু পঢ়কঃ ৩ মাৰ্চত আপোনাৰ ভাগ্যই কি কঢ়িয়াই আনিব…চাওঁ আহক ৰাশিফল

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন