--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এটা বহুজাতিক কোম্পানীয়ে অসমৰ পৰা ১ কোটি টকাৰ ভোট জলকীয়া বহিঃৰাষ্ট্ৰলৈ ৰপ্তানি কৰিছে। আগন্তুক সময়ত পাঁচ কোটি টকাৰ ভোট জলকীয়া বহিঃৰাষ্ট্ৰলৈ ৰপ্তানি কৰিব পাৰিব বুলি আশা কৰা হৈছে।

ডিজিটেল ডেস্কঃ অসমৰ ভোট জলকীয়া বিশ্ব বিখ্যাত জলকীয়া। ইয়াৰ তীব্ৰ জ্বলা গুণৰ বাবে ই বিশ্বজুৰি পৰিচিত। এইবাৰ বিশ্বৰ বজাৰত বজাৰ দখল কৰিবলৈ সাজু হৈছে অসমৰ ভোট জলকীয়া। এটা বহুজাতিক কোম্পানীয়ে অসমৰ পৰা ১ কোটি টকাৰ ভোট জলকীয়া বহিঃৰাষ্ট্ৰলৈ ৰপ্তানি কৰিছে। গুৱাহাটীৰ KADlien Innovations & Export Centre-এ অসমৰ ভিন্ন প্ৰান্তৰ পৰা ভোট জলকীয়া সংগ্ৰহ কৰি বহুজাতিক কোম্পানীটোক যোগান ধৰিছে।


ভাৰতৰ বাণিজ্যৰ ক্ষেত্ৰখনলৈ এই খবৰে আশাৰ খবৰ কঢ়িয়াই আনিছে। ২০০৭ চনত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ দ্বাৰা বিশ্বৰ আটাইতকৈ জ্বলা জলকীয়া হিচাপে প্ৰমাণিত হৈছিল ভোট জলকীয়া। ইয়াৰ জ্বলাৰ পৰিমাণ অতি বেছি। Scoville স্কেলত ইয়াৰ মান ৫ লাখ-১০ লাখ, যাৰ ফলত ই পৃথিৱীৰ আটাইতকৈ জ্বলা জলকীয়াৰ ভিতৰত অন্যতম।

অসমৰ ভোট জলকীয়া সাধাৰণতে ৰঙা বা কমলা ৰঙৰ আৰু ২.৫–৩.৫ ইঞ্চি জোখৰ আৰু মসৃণ বা বলিৰেখাযুক্ত ছালৰ হোৱা দেখা যায়। এই জলকীয়াই ২০০৮ চনত ভৌগোলিক স্বীকৃতি (GI Tag) লাভ কৰিছিল আৰু বিশ্বৰ মছলাৰ বজাৰত ই এক লোভনীয় উপাদান।

অসমৰ কৃষক, কৃষক উৎপাদক সংস্থা (এফ পি অ’), মহিলা গোট, আৰু স্থানীয় ব্যৱসায়ী আদিয়ে যাতে অসমৰ উৎপাদিত সামগ্ৰীৰে বিশ্বৰ বজাৰ দখল কৰিব পাৰে তাৰবাবে KADlien-য়ে বহিঃৰাষ্ট্ৰলৈ ৰপ্তানিৰ ক্ষেত্ৰখন সম্প্ৰসাৰিত কৰিছে। যিয়ে অৰ্থনৈতিক বৃদ্ধি আৰু বহনক্ষম উন্নয়ন দুয়োটাকে আগুৱাই লৈ যাব। এই পদক্ষেপে খিলঞ্জীয়া জনগোষ্ঠীৰ বাবেও অৰ্থপূৰ্ণ কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছে।


বিশ্বজুৰি গ্ৰাহকসকলক উচ্চমানৰ সামগ্ৰী প্ৰদান কৰাও KADlienৰ মূল উদ্দেশ্য। KADlien-এ APEDA (Agricultural and Processed Food Products

Export Development Authority), the Spice Board of India, and FIEO (Federation of

Indian Export Organisations) ৰ সৈতে লগ লাগি বিশ্বব্যাপী বিতৰণলৈকে উৎপাদন আৰু প্ৰক্ৰিয়াকৰণ সম্ভৱ কৰি তুলিছে।

আগন্তুক সময়ত পাঁচ কোটি টকাৰ ভোট জলকীয়া বহিঃৰাষ্ট্ৰলৈ ৰপ্তানি কৰিব পাৰিব বুলি আশা কৰা হৈছে। উত্তৰ-পূব ভাৰতৰ কৃষিক উন্নীত কৰিবলৈ KADlienৰ সৈতে যোগাযোগ কৰাৰ আহ্বান। 


যোগাযোগ নম্বৰ: +91 8753-933408


www.kadlien.in


Contact@kadlien.com


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু