--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এটা বহুজাতিক কোম্পানীয়ে অসমৰ পৰা ১ কোটি টকাৰ ভোট জলকীয়া বহিঃৰাষ্ট্ৰলৈ ৰপ্তানি কৰিছে। আগন্তুক সময়ত পাঁচ কোটি টকাৰ ভোট জলকীয়া বহিঃৰাষ্ট্ৰলৈ ৰপ্তানি কৰিব পাৰিব বুলি আশা কৰা হৈছে।

ডিজিটেল ডেস্কঃ অসমৰ ভোট জলকীয়া বিশ্ব বিখ্যাত জলকীয়া। ইয়াৰ তীব্ৰ জ্বলা গুণৰ বাবে ই বিশ্বজুৰি পৰিচিত। এইবাৰ বিশ্বৰ বজাৰত বজাৰ দখল কৰিবলৈ সাজু হৈছে অসমৰ ভোট জলকীয়া। এটা বহুজাতিক কোম্পানীয়ে অসমৰ পৰা ১ কোটি টকাৰ ভোট জলকীয়া বহিঃৰাষ্ট্ৰলৈ ৰপ্তানি কৰিছে। গুৱাহাটীৰ KADlien Innovations & Export Centre-এ অসমৰ ভিন্ন প্ৰান্তৰ পৰা ভোট জলকীয়া সংগ্ৰহ কৰি বহুজাতিক কোম্পানীটোক যোগান ধৰিছে।


ভাৰতৰ বাণিজ্যৰ ক্ষেত্ৰখনলৈ এই খবৰে আশাৰ খবৰ কঢ়িয়াই আনিছে। ২০০৭ চনত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ দ্বাৰা বিশ্বৰ আটাইতকৈ জ্বলা জলকীয়া হিচাপে প্ৰমাণিত হৈছিল ভোট জলকীয়া। ইয়াৰ জ্বলাৰ পৰিমাণ অতি বেছি। Scoville স্কেলত ইয়াৰ মান ৫ লাখ-১০ লাখ, যাৰ ফলত ই পৃথিৱীৰ আটাইতকৈ জ্বলা জলকীয়াৰ ভিতৰত অন্যতম।

অসমৰ ভোট জলকীয়া সাধাৰণতে ৰঙা বা কমলা ৰঙৰ আৰু ২.৫–৩.৫ ইঞ্চি জোখৰ আৰু মসৃণ বা বলিৰেখাযুক্ত ছালৰ হোৱা দেখা যায়। এই জলকীয়াই ২০০৮ চনত ভৌগোলিক স্বীকৃতি (GI Tag) লাভ কৰিছিল আৰু বিশ্বৰ মছলাৰ বজাৰত ই এক লোভনীয় উপাদান।

অসমৰ কৃষক, কৃষক উৎপাদক সংস্থা (এফ পি অ’), মহিলা গোট, আৰু স্থানীয় ব্যৱসায়ী আদিয়ে যাতে অসমৰ উৎপাদিত সামগ্ৰীৰে বিশ্বৰ বজাৰ দখল কৰিব পাৰে তাৰবাবে KADlien-য়ে বহিঃৰাষ্ট্ৰলৈ ৰপ্তানিৰ ক্ষেত্ৰখন সম্প্ৰসাৰিত কৰিছে। যিয়ে অৰ্থনৈতিক বৃদ্ধি আৰু বহনক্ষম উন্নয়ন দুয়োটাকে আগুৱাই লৈ যাব। এই পদক্ষেপে খিলঞ্জীয়া জনগোষ্ঠীৰ বাবেও অৰ্থপূৰ্ণ কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছে।


বিশ্বজুৰি গ্ৰাহকসকলক উচ্চমানৰ সামগ্ৰী প্ৰদান কৰাও KADlienৰ মূল উদ্দেশ্য। KADlien-এ APEDA (Agricultural and Processed Food Products

Export Development Authority), the Spice Board of India, and FIEO (Federation of

Indian Export Organisations) ৰ সৈতে লগ লাগি বিশ্বব্যাপী বিতৰণলৈকে উৎপাদন আৰু প্ৰক্ৰিয়াকৰণ সম্ভৱ কৰি তুলিছে।

আগন্তুক সময়ত পাঁচ কোটি টকাৰ ভোট জলকীয়া বহিঃৰাষ্ট্ৰলৈ ৰপ্তানি কৰিব পাৰিব বুলি আশা কৰা হৈছে। উত্তৰ-পূব ভাৰতৰ কৃষিক উন্নীত কৰিবলৈ KADlienৰ সৈতে যোগাযোগ কৰাৰ আহ্বান। 


যোগাযোগ নম্বৰ: +91 8753-933408


www.kadlien.in


Contact@kadlien.com


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ