--°C
Loading...
Advertisement
Listen to Article
3 min read
80%

In Short

  • আমেৰিকাই ৫০% শুল্ক আৰোপৰ ফলত ভাৰতীয় ৰপ্তানি উদ্যোগে সন্মুখীন হোৱা লোকচান পূৰণ কৰিবলৈ বিচৰা হৈছে।

ডিজিটেল ডেস্ক : ভাৰতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ শুল্ক বোমাৰ সমশক্তিৰে প্ৰত্যুত্তৰ দিয়াৰ প্ৰস্তুতি চলাইছে।


ৰাষ্ট্ৰপতি ট্রাম্পে ভাৰতীয় সামগ্ৰীত আৰোপ কৰা ৫০% শুল্কৰ প্ৰত্যুত্তৰ দি ভাৰতে আমেৰিকাৰ পৰা আমদানি কৰা কিছুমান সামগ্ৰীত সমানুপাতিক শুল্ক আৰোপ কৰাৰ কথা বিবেচনা কৰি আছে।


হিন্দুস্তান টাইম্ আৰু মানি কন্ট্র'লে প্রকাশ কৰা এটা বাতৰিত এই কথা কোৱা হৈছে। ইয়াৰ যোগেদি আমেৰিকাই ৫০% শুল্ক আৰোপৰ ফলত ভাৰতীয় ৰপ্তানি উদ্যোগে সন্মুখীন হোৱা লোকচান পূৰণ কৰিবলৈ বিচৰা হৈছে।

Trump tariff shocker: Which sectors are in the line of fire and ones that  dodge disaster? - Economy News | The Financial Express


বাতৰিটোত প্ৰকাশ কৰা মতে, ভাৰতৰ পৰা ৰপ্তানি কৰা ষ্টীল, এলুমিনিয়াম তথা আন সামগ্রীত ৫০% শুল্ক আৰোপৰ প্ৰত্যুত্তৰ দি ভাৰতে আমেৰিকাৰ পৰা আমদানি কৰা কিছুমান সামগ্রীত সমানুপাতিক হাৰত ৫০% শুল্ক আৰোপৰ কথা বিবেচনা কৰি আছে। চৰকাৰে এই প্ৰস্তাৱত সন্মতি জনালে ই হ'ব ৰাষ্ট্ৰপতি ট্রাম্পৰ ভাৰতীয় সামগ্ৰীত ৫০% শুল্ক আৰোপৰ প্ৰত্যুত্তৰৰ প্রথমটো আনুষ্ঠানিক পদক্ষেপ। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ট্রাম্পে যোৱা ৩১ জুলাইত তেওঁৰ দেশলৈ ভাৰতৰ পৰা আমদানি কৰা সকলো সামগ্ৰীত ২৫% শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে।


ইয়াৰ পাছত ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয়ৰ অভিযোগত যোৱা ৬ আগষ্টত ভাৰতীয় সামগ্রীত অতিৰিক্ত ২৫% শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে। উল্লেখযোগ্য যে ষ্টীল আৰু এলুমিনিয়াম তথা ইয়াৰ পৰা উৎপাদন কৰা সামগ্রীক লৈ আমেৰিকাৰ সৈতে ফেব্ৰুৱাৰী মাহতে বিবাদ আৰম্ভ হয়। ট্রাম্প প্রশাসনে এই সামগ্রীসমূহত ফেব্ৰুৱাৰীত ২৫% শুল্ক আৰোপ কৰে আৰু পাছলৈ এই হাৰ বৃদ্ধি কৰি ৫০% কৰে। ইয়াৰ ফলত ভাৰতৰ ৰপ্তানিত ৭৬০ কোটি ডলাৰৰ প্ৰভাৱ পৰিছে। ভাৰতে বিশ্ব বাণিজ্য সংগঠনত (ডব্লিউ টি অ') এই বুলি অভিযোগ কৰে যে আমেৰিকাৰ এই পদক্ষেপ ৰাষ্ট্ৰীয় সুৰক্ষাৰ নামত আৰোপ কৰা 'ছেফগার্ড ডিউটি' আৰু ই ডব্লিউ টি অ'ৰ নিয়মৰ পৰিপন্থী। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি আমেৰিকাৰ পৰা আমদানি কৰা এক সীমিতসংখ্যক সামগ্রীত এই প্রত্যুত্তৰমূলক শুল্ক আৰোপ কৰা হ'ব।


এই সামগ্রীসমূহ এনেদৰে বাছনি কৰা হ'ব, যাৰ দ্বাৰা ট্রাম্পৰ শুল্ক বোমাৰ দ্বাৰা হোৱা ৰাজহৰ লোকচান আৰু ভাৰতীয় ৰপ্তানিকাৰীৰ হোৱা লোকচানৰ সমান হয়। সূত্ৰটোৰ মতে, আমেৰিকাই এহাতে দ্বিপাক্ষিক বাণিজ্যিক চুক্তি কৰাৰ কথা কৈছে আৰু আনহাতে ভাৰতৰ অৰ্থনৈতিক স্বাৰ্থৰ বিৰুদ্ধে একপক্ষীয় পদক্ষেপ গ্রহণ কৰিছে। ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ ভাৰতৰ অধিকাৰ আছে। উল্লেখযোগ্য যে আমেৰিকাই প্রতি বছৰে ভাৰতক প্রায় ৩.৯৪১ লাখ কোটি টকাতকৈ (৪৫০০ কোটি ডলাৰ) অধিক মূল্যৰ সামগ্রী বিক্ৰী কৰে। ইয়াৰ বিপৰীতে ভাৰতে আমেৰিকালৈ ৰপ্তানি কৰে প্রায় ৭.৫৩১ লাখ কোটি টকাৰ (৮৬০০ কোটি ডলাৰ) সামগ্রী।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement