--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আমেৰিকাই ৫০% শুল্ক আৰোপৰ ফলত ভাৰতীয় ৰপ্তানি উদ্যোগে সন্মুখীন হোৱা লোকচান পূৰণ কৰিবলৈ বিচৰা হৈছে।

ডিজিটেল ডেস্ক : ভাৰতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ শুল্ক বোমাৰ সমশক্তিৰে প্ৰত্যুত্তৰ দিয়াৰ প্ৰস্তুতি চলাইছে।


ৰাষ্ট্ৰপতি ট্রাম্পে ভাৰতীয় সামগ্ৰীত আৰোপ কৰা ৫০% শুল্কৰ প্ৰত্যুত্তৰ দি ভাৰতে আমেৰিকাৰ পৰা আমদানি কৰা কিছুমান সামগ্ৰীত সমানুপাতিক শুল্ক আৰোপ কৰাৰ কথা বিবেচনা কৰি আছে।


হিন্দুস্তান টাইম্ আৰু মানি কন্ট্র'লে প্রকাশ কৰা এটা বাতৰিত এই কথা কোৱা হৈছে। ইয়াৰ যোগেদি আমেৰিকাই ৫০% শুল্ক আৰোপৰ ফলত ভাৰতীয় ৰপ্তানি উদ্যোগে সন্মুখীন হোৱা লোকচান পূৰণ কৰিবলৈ বিচৰা হৈছে।

Trump tariff shocker: Which sectors are in the line of fire and ones that  dodge disaster? - Economy News | The Financial Express


বাতৰিটোত প্ৰকাশ কৰা মতে, ভাৰতৰ পৰা ৰপ্তানি কৰা ষ্টীল, এলুমিনিয়াম তথা আন সামগ্রীত ৫০% শুল্ক আৰোপৰ প্ৰত্যুত্তৰ দি ভাৰতে আমেৰিকাৰ পৰা আমদানি কৰা কিছুমান সামগ্রীত সমানুপাতিক হাৰত ৫০% শুল্ক আৰোপৰ কথা বিবেচনা কৰি আছে। চৰকাৰে এই প্ৰস্তাৱত সন্মতি জনালে ই হ'ব ৰাষ্ট্ৰপতি ট্রাম্পৰ ভাৰতীয় সামগ্ৰীত ৫০% শুল্ক আৰোপৰ প্ৰত্যুত্তৰৰ প্রথমটো আনুষ্ঠানিক পদক্ষেপ। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ট্রাম্পে যোৱা ৩১ জুলাইত তেওঁৰ দেশলৈ ভাৰতৰ পৰা আমদানি কৰা সকলো সামগ্ৰীত ২৫% শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে।


ইয়াৰ পাছত ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয়ৰ অভিযোগত যোৱা ৬ আগষ্টত ভাৰতীয় সামগ্রীত অতিৰিক্ত ২৫% শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে। উল্লেখযোগ্য যে ষ্টীল আৰু এলুমিনিয়াম তথা ইয়াৰ পৰা উৎপাদন কৰা সামগ্রীক লৈ আমেৰিকাৰ সৈতে ফেব্ৰুৱাৰী মাহতে বিবাদ আৰম্ভ হয়। ট্রাম্প প্রশাসনে এই সামগ্রীসমূহত ফেব্ৰুৱাৰীত ২৫% শুল্ক আৰোপ কৰে আৰু পাছলৈ এই হাৰ বৃদ্ধি কৰি ৫০% কৰে। ইয়াৰ ফলত ভাৰতৰ ৰপ্তানিত ৭৬০ কোটি ডলাৰৰ প্ৰভাৱ পৰিছে। ভাৰতে বিশ্ব বাণিজ্য সংগঠনত (ডব্লিউ টি অ') এই বুলি অভিযোগ কৰে যে আমেৰিকাৰ এই পদক্ষেপ ৰাষ্ট্ৰীয় সুৰক্ষাৰ নামত আৰোপ কৰা 'ছেফগার্ড ডিউটি' আৰু ই ডব্লিউ টি অ'ৰ নিয়মৰ পৰিপন্থী। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি আমেৰিকাৰ পৰা আমদানি কৰা এক সীমিতসংখ্যক সামগ্রীত এই প্রত্যুত্তৰমূলক শুল্ক আৰোপ কৰা হ'ব।


এই সামগ্রীসমূহ এনেদৰে বাছনি কৰা হ'ব, যাৰ দ্বাৰা ট্রাম্পৰ শুল্ক বোমাৰ দ্বাৰা হোৱা ৰাজহৰ লোকচান আৰু ভাৰতীয় ৰপ্তানিকাৰীৰ হোৱা লোকচানৰ সমান হয়। সূত্ৰটোৰ মতে, আমেৰিকাই এহাতে দ্বিপাক্ষিক বাণিজ্যিক চুক্তি কৰাৰ কথা কৈছে আৰু আনহাতে ভাৰতৰ অৰ্থনৈতিক স্বাৰ্থৰ বিৰুদ্ধে একপক্ষীয় পদক্ষেপ গ্রহণ কৰিছে। ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ ভাৰতৰ অধিকাৰ আছে। উল্লেখযোগ্য যে আমেৰিকাই প্রতি বছৰে ভাৰতক প্রায় ৩.৯৪১ লাখ কোটি টকাতকৈ (৪৫০০ কোটি ডলাৰ) অধিক মূল্যৰ সামগ্রী বিক্ৰী কৰে। ইয়াৰ বিপৰীতে ভাৰতে আমেৰিকালৈ ৰপ্তানি কৰে প্রায় ৭.৫৩১ লাখ কোটি টকাৰ (৮৬০০ কোটি ডলাৰ) সামগ্রী।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু