--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আমেৰিকা ভ্ৰমণলৈ যোৱা জেনেৰেল মুনিৰে দম্ভালি মাৰি কয় যে ভৱিষ্যতে যদি ভাৰতৰ সৈতে হোৱা যুদ্ধৰ বাবে তেওঁৰ দেশৰ অস্তিত্বৰ প্রতি ভাবুকিৰ সৃষ্টি হয়, তেতিয়া সমগ্র অঞ্চলটোক পাৰমাণৱিক যুদ্ধৰ মাজলৈ ঠেলি দিব

ডিজিটেল ডেস্ক : পাকিস্তানৰ ফিল্ড মার্শাল জেনেৰেল আছিম মুনিৰে দম্ভালি মাৰি ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক যুদ্ধৰ ভাবুকি দিছে।


আমেৰিকা ভ্ৰমণলৈ যোৱা জেনেৰেল মুনিৰে দম্ভালি মাৰি কয় যে ভৱিষ্যতে যদি ভাৰতৰ সৈতে হোৱা যুদ্ধৰ বাবে তেওঁৰ দেশৰ অস্তিত্বৰ প্রতি ভাবুকিৰ সৃষ্টি হয়, তেতিয়া সমগ্র অঞ্চলটোক পাৰমাণৱিক যুদ্ধৰ মাজলৈ ঠেলি দিব।


'দ্য প্রিন্ট'ৰ এটা বাতৰিত এই কথা কোৱা হৈছে। বাতৰিটোত মুনিৰৰ উদ্ধৃতি দি কোৱা হৈছে, 'আমি এখন পাৰমাণৱিক অস্ত্রসম্পন্ন ৰাষ্ট্ৰ আৰু আমি আমাৰ অস্তিত্বৰ প্ৰতি সংকটৰ সৃষ্টি হোৱা বুলি অনুভৱ কৰিলে, আমি আধা বিশ্বক আমাৰ লগত লৈ যাম।' আমেৰিকাত মুনিৰে দিয়া এই মন্তব্যই যথেষ্ট আশ্চৰ্যৰ সৃষ্টি কৰিছে। ইয়াৰ কাৰণ হ'ল তেওঁ প্ৰথমবাৰৰ বাবে আমেৰিকাত তৃতীয় দেশৰ সৈতে পাৰমাণৱিক যুদ্ধৰ ভাবুকি দিয়ে।


দ্য প্রিন্টে প্রকাশ কৰা অনুসৰি টাম্পাত থকা গ্রেণ্ড হায়াট হোটেলত পাকিস্তানী ব্যৱসায়ী আদনান আছাদৰ তৰফৰ আয়োজন কৰা নৈশ ভোজত অংশগ্ৰহণ কৰাৰ সময়ত মুনিৰে এনেদৰে ভাৰতক পাৰমাণৱিক যুদ্ধৰ ভাবুকি দিয়ে। দ্য প্রিন্টে সূত্ৰসমূহৰ উদ্ধৃতি দি কয় যে জেনেৰেল মুনিৰে পাৰমাণৱিক অস্ত্ৰক লৈ দম্ভালি মৰাৰ সময়তে সিন্ধু জল চুক্তিক লৈও ভাৰতক ভাবুকি দিয়ে। তেওঁ কয় যে ভাৰতে চুক্তিখনৰ পৰা ওলাই অহাৰ ফলত পাকিস্তানৰ প্ৰায় ২৫ কোটি লোক ক্ষুধাৰ কবলত পৰাৰ আশংকা কৰা হৈছে।


তেওঁ কয়, 'আমি ভাৰতে বান্ধ নিৰ্মাণ কৰালৈ অপেক্ষা কৰিম। যেতিয়া বান্ধ নিৰ্মাণ কৰিব, তেতিয়া আমি ইয়াক ১০টা ক্ষেপণাস্ত্ৰৰে ধ্বংস কৰিম।' তেওঁ লগতে কয়, 'সিন্ধু নদী ভাৰতৰ পৈত্রিক সম্পত্তি নহয়। আমাৰ হাতত ক্ষেপণাস্ত্ৰৰ অভাৱ নাই।'


উল্লেখযোগ্য যে ভাৰতীয় নেতাসকলে এই কথা স্পষ্ট কৰি দিয়ে যে এতিয়াৰ পৰা পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰৰ ব্লেকমেইলিং সহ্য কৰা নহ'ব আৰু পাকিস্তানৰ তৰফৰ পৰা পুনৰ সন্ত্রাসবাদীৰ আক্ৰমণ হ'লে তৎক্ষণাৎ পাকিস্তানত আক্ৰমণ কৰা হ'ব। সেই সময়তে মুনিৰে আমেৰিকাত গৈ এই ভাবুকি দিয়ে। উক্ত ভোজমেললৈ যোৱা লোকসকলক লগত ম'বাইল ফ'ন নিবলৈ দিয়া হোৱা নাছিল, কিন্তু তাত উপস্থিত থকা কেইবাজনো লোকে এই কথা প্রকাশ কৰে যে জেনেৰেলে মুনিৰে এই বুলি কয় যে পাকিস্তানৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ'লে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ ভাবুকি দিয়ে। মন কৰিব লগীয়া যে মুনিৰে যোৱা দুমাহৰ ভিতৰত দ্বিতীয়বাৰ পাকিস্তান ভ্ৰমণ কৰিছে। ইয়াৰ আগৰটো ভ্ৰমণত তেওঁ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ সৈতে নৈশ ভোজত মিলিত হৈছিল।




উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ