--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আমেৰিকা ভ্ৰমণলৈ যোৱা জেনেৰেল মুনিৰে দম্ভালি মাৰি কয় যে ভৱিষ্যতে যদি ভাৰতৰ সৈতে হোৱা যুদ্ধৰ বাবে তেওঁৰ দেশৰ অস্তিত্বৰ প্রতি ভাবুকিৰ সৃষ্টি হয়, তেতিয়া সমগ্র অঞ্চলটোক পাৰমাণৱিক যুদ্ধৰ মাজলৈ ঠেলি দিব

ডিজিটেল ডেস্ক : পাকিস্তানৰ ফিল্ড মার্শাল জেনেৰেল আছিম মুনিৰে দম্ভালি মাৰি ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক যুদ্ধৰ ভাবুকি দিছে।


আমেৰিকা ভ্ৰমণলৈ যোৱা জেনেৰেল মুনিৰে দম্ভালি মাৰি কয় যে ভৱিষ্যতে যদি ভাৰতৰ সৈতে হোৱা যুদ্ধৰ বাবে তেওঁৰ দেশৰ অস্তিত্বৰ প্রতি ভাবুকিৰ সৃষ্টি হয়, তেতিয়া সমগ্র অঞ্চলটোক পাৰমাণৱিক যুদ্ধৰ মাজলৈ ঠেলি দিব।


'দ্য প্রিন্ট'ৰ এটা বাতৰিত এই কথা কোৱা হৈছে। বাতৰিটোত মুনিৰৰ উদ্ধৃতি দি কোৱা হৈছে, 'আমি এখন পাৰমাণৱিক অস্ত্রসম্পন্ন ৰাষ্ট্ৰ আৰু আমি আমাৰ অস্তিত্বৰ প্ৰতি সংকটৰ সৃষ্টি হোৱা বুলি অনুভৱ কৰিলে, আমি আধা বিশ্বক আমাৰ লগত লৈ যাম।' আমেৰিকাত মুনিৰে দিয়া এই মন্তব্যই যথেষ্ট আশ্চৰ্যৰ সৃষ্টি কৰিছে। ইয়াৰ কাৰণ হ'ল তেওঁ প্ৰথমবাৰৰ বাবে আমেৰিকাত তৃতীয় দেশৰ সৈতে পাৰমাণৱিক যুদ্ধৰ ভাবুকি দিয়ে।


দ্য প্রিন্টে প্রকাশ কৰা অনুসৰি টাম্পাত থকা গ্রেণ্ড হায়াট হোটেলত পাকিস্তানী ব্যৱসায়ী আদনান আছাদৰ তৰফৰ আয়োজন কৰা নৈশ ভোজত অংশগ্ৰহণ কৰাৰ সময়ত মুনিৰে এনেদৰে ভাৰতক পাৰমাণৱিক যুদ্ধৰ ভাবুকি দিয়ে। দ্য প্রিন্টে সূত্ৰসমূহৰ উদ্ধৃতি দি কয় যে জেনেৰেল মুনিৰে পাৰমাণৱিক অস্ত্ৰক লৈ দম্ভালি মৰাৰ সময়তে সিন্ধু জল চুক্তিক লৈও ভাৰতক ভাবুকি দিয়ে। তেওঁ কয় যে ভাৰতে চুক্তিখনৰ পৰা ওলাই অহাৰ ফলত পাকিস্তানৰ প্ৰায় ২৫ কোটি লোক ক্ষুধাৰ কবলত পৰাৰ আশংকা কৰা হৈছে।


তেওঁ কয়, 'আমি ভাৰতে বান্ধ নিৰ্মাণ কৰালৈ অপেক্ষা কৰিম। যেতিয়া বান্ধ নিৰ্মাণ কৰিব, তেতিয়া আমি ইয়াক ১০টা ক্ষেপণাস্ত্ৰৰে ধ্বংস কৰিম।' তেওঁ লগতে কয়, 'সিন্ধু নদী ভাৰতৰ পৈত্রিক সম্পত্তি নহয়। আমাৰ হাতত ক্ষেপণাস্ত্ৰৰ অভাৱ নাই।'


উল্লেখযোগ্য যে ভাৰতীয় নেতাসকলে এই কথা স্পষ্ট কৰি দিয়ে যে এতিয়াৰ পৰা পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰৰ ব্লেকমেইলিং সহ্য কৰা নহ'ব আৰু পাকিস্তানৰ তৰফৰ পৰা পুনৰ সন্ত্রাসবাদীৰ আক্ৰমণ হ'লে তৎক্ষণাৎ পাকিস্তানত আক্ৰমণ কৰা হ'ব। সেই সময়তে মুনিৰে আমেৰিকাত গৈ এই ভাবুকি দিয়ে। উক্ত ভোজমেললৈ যোৱা লোকসকলক লগত ম'বাইল ফ'ন নিবলৈ দিয়া হোৱা নাছিল, কিন্তু তাত উপস্থিত থকা কেইবাজনো লোকে এই কথা প্রকাশ কৰে যে জেনেৰেলে মুনিৰে এই বুলি কয় যে পাকিস্তানৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ'লে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ ভাবুকি দিয়ে। মন কৰিব লগীয়া যে মুনিৰে যোৱা দুমাহৰ ভিতৰত দ্বিতীয়বাৰ পাকিস্তান ভ্ৰমণ কৰিছে। ইয়াৰ আগৰটো ভ্ৰমণত তেওঁ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ সৈতে নৈশ ভোজত মিলিত হৈছিল।




উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু