--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শেহতীয়াকৈ কপিলক মৃত্যুৰ ভাবুকিও দিছিল লৰেন্স বিষ্ণোই গেঙে। এই সকলোবোৰ কথা মনত ৰাখি আৰক্ষীয়ে কমেডিয়ানগৰাকীৰ নিৰাপত্তা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।

ডিজিটেল ডেস্ক : মুম্বাই আৰক্ষীয়ে বৃদ্ধি কৰিছে কমেডিয়ান কপিল শৰ্মাৰ নিৰাপত্তা।কমেডিয়ানগৰাকীৰ কেপছ কেফেত দুবাৰকৈ গুলীচালনাৰ ঘটনাৰ পিছতে আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে।


শেহতীয়াকৈ কপিলক মৃত্যুৰ ভাবুকিও দিছিল লৰেন্স বিষ্ণোই গেঙে। এই সকলোবোৰ কথা মনত ৰাখি আৰক্ষীয়ে কমেডিয়ানগৰাকীৰ নিৰাপত্তা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।


সূত্ৰই জনোৱা মতে, কপিল শৰ্মাৰ নিৰাপত্তা কিমান শ্ৰেণীত বৃদ্ধি কৰা হৈছে সেই বিষয়ে তেওঁলোকে প্ৰকাশ কৰিব নোৱাৰে। কপিল শৰ্মাই যাতে কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিছে আৰক্ষীয়ে।


মাহত দুবাৰকৈ কেফেত গুলীচালনা


কানাডাৰ কপিল শৰ্মাৰ কেপছ কেফেত এমাহ নৌহওঁতেই দুবাৰকৈ গুলীচালনা কৰা হয়। ইয়াৰ পূৰ্বে ১০ জুলাইত কপিল শৰ্মাৰ ৰেষ্টুৰেণ্টক লক্ষ্য কৰি লোৱা হৈছিল। গুলীচালনাত কেফেখনৰ যথেষ্ট ক্ষতি হয়। এই আক্ৰমণৰ দায়িত্ব ল’লে বাব্বৰ খালছা ইণ্টাৰনেশ্যনেল (বি কে আই)ৰ কৰ্মী হৰ্জিত সিং লাডীয়ে। ইয়াৰ পিছত ৭ আগষ্টতো কপিল শৰ্মাৰ কেফেত গুলী চলোৱা হয়। এই আক্ৰমণৰ দায়িত্ব ল’লে গেংষ্টাৰ গোল্ডি ধিলনে।


বিষ্ণুই গেঙে কপিল শৰ্মাক ভাবুকি দিছিল


কপিল শৰ্মাৰ ৰেষ্টুৰেণ্টত হোৱা গুলীচালনাৰ পিছত লৰেন্স গ্ৰুপৰ গেংষ্টাৰ হেৰী বক্সাৰৰ অডিঅ’ পোহৰলৈ আহে। ইয়াত হেৰী বক্সাৰে কৈছিল যে ছলমান খানক ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’ ছিজন ৩’ৰ উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ বাবেই কেফেখনত গুলীচালনা কৰা হৈছিল। অডিঅ’ত কোৱা হৈছিল যে ছলমান খানৰ লগত যিয়ে কাম কৰিব তেওঁক হত্যা কৰা হ’ব। এই অডিঅ’টোত এইটোও কোৱা হৈছিল যে এতিয়া কোনো পৰিচালক, প্ৰযোজক বা অভিনেতাক সকীয়াই দিয়া নহ’ব, কিন্তু পোনপটীয়াকৈ শ্বুটিং কৰা হ’ব। অৱশ্যে এবিপি নিউজে এই অডিঅ’ নিশ্চিত কৰা নাই।


কপিল শৰ্মাই বৰ্তমান তেওঁৰ কমেডী শ্ব’ ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’ ছিজন ৩’ আয়োজন কৰা দেখা গৈছে। এই শ্ব’টো প্ৰতি শনিবাৰে নেটফ্লিক্সত ষ্ট্ৰীমিং কৰা হয়। ইয়াৰ উপৰিও তেওঁৰ আগন্তুক ছবি ‘কিছ কিছ ক’ প্যাৰ কাৰুণ ২’ এই বছৰ মুক্তিৰ বাবে সাজু হৈছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ