--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে  মণিপুৰৰ কেইবাটাও মেইটেই উগ্ৰপন্থী গোটক "বেআইনী সংগঠন" হিচাপে ঘোষণা কৰাৰ পৰ্যাপ্ত কাৰণ আছে নে নাই সেয়া  বিচাৰ কৰি চাবলৈ  বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ ন্যায়াধিকৰণ গঠন কৰিছে। ন্যায়াধিকৰণৰ নেতৃত্ব দিব  গুৱাহাটী  উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কুমাৰ মেধিয়ে৷ ১৩ নৱেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সশস্ত্ৰ উপায়েৰে মণিপুৰক বিচ্ছিন্ন কৰাৰ বাবে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত কেইবাটাও মেইটেই উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে   পাঁচ বছৰৰ বাবে নিষেধাজ্ঞাৰ ম্যাদ  বৃদ্ধি কৰিছিল৷ ১৩ নৱেম্বৰত জাৰী কৰা গেজেট অধিসূচনাসমূহত মেইটেই গোটসমূহক সামূহিকভাৱে মেইটেই উগ্ৰপন্থী সংগঠন বুলি উল্লেখ কৰা হৈছিল। 

এই গোটবোৰ হৈছে পিপলছ লিবাৰেচন আৰ্মি আৰু ইয়াৰ ৰাজনৈতিক শাখা, ৰিভলিউচনৰী পিপলছ ফ্ৰণ্ট, ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট আৰু ইয়াৰ সশস্ত্ৰ শাখা, মণিপুৰ পিপলছ আৰ্মি, পিপলছ ৰিভলিউচনৰী পাৰ্টি অফ কাংলেইপাক আৰু ইয়াৰ সশস্ত্ৰ শাখা,  ৰেড আৰ্মি,কমিউনিষ্ট পাৰ্টি আৰু কাংলেই য়াওল কানবা লুপ৷ এই সংগঠনকেইটাক  ইতিমধ্যে অবৈধ ঘোষণা কৰা হৈছে। ১৩ নৱেম্বৰৰ অধিসূচনাত মন্ত্ৰালয়ে গোটবোৰক সশস্ত্ৰ উপায়েৰে ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ  প্ৰতি ক্ষতিকাৰক কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগ কৰিছিল৷ মণিপুৰত নিৰাপত্তা বাহিনী, আৰক্ষী বিষয়া আৰু অসামৰিক লোকক আক্ৰমণ আৰু হত্যা কৰাৰ অভিযোগো সংগঠন কেইটাৰ বিৰুদ্ধে  উত্থাপন হৈছিল৷ মন্ত্ৰালয়ে সংগঠন কেইটাই  বিদেশী সংস্থাৰ পৰা সহায় লাভ কৰাৰো অভিযোগ উত্থাপন কৰিছিল৷  কেন্দ্ৰই কৈ আহিছে  যে যদি এনে সংগঠনবোৰক নিয়ন্ত্ৰণ কৰা নহয়, তেন্তে তেওঁলোকে হিংসাত্মক কাৰ্য্য চলাই যাব৷ 

তথ্য অনুসৰি এই  সংগঠনবোৰে ১ জানুৱাৰী, ২০১৩ আৰু ৩১ জুলাই, ২০১৮-ৰ ভিতৰত ৭৫৬  টা হিংসাত্মক ঘটনাত জড়িত আছিল। একে সময়তে, তেওঁলোকে ৮৬ জন লোকক হত্যা কৰিছিল ।  আৰক্ষীৰ তথ্য অনুসৰি চলিত বৰ্ষৰ  মে’ মাহৰ আৰম্ভণিতে জাতিগত সংঘৰ্ষ আৰম্ভ হোৱাৰ পিছত মণিপুৰত  প্ৰায় ১৭৫ জন লোক নিহত হৈছে। প্ৰায় ৬০,০০০ লোকে নিজৰ  ঘৰৰ পৰা পলায়ন কৰিবলৈ বাধ্য  হৈছে। ৰাজ্যখনৰ পাহাৰীয়া জিলাসমূহত কুকিসকল সংখ্যাগৰিষ্ঠ আৰু মেইটিসকলে ইম্ফল উপত্যকাত আধিপত্য বিস্তাৰ কৰি আহিছে।  মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে  কৈছে যে তেওঁৰ চৰকাৰ ইম্ফল উপত্যকাৰ  বিদ্ৰোহী গোটৰ সৈতে আলোচনাৰ বাবে সাজু হৈ আছে  আৰু শীঘ্ৰেই শান্তি চুক্তি স্বাক্ষৰ কৰা হ'ব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement