--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে  মণিপুৰৰ কেইবাটাও মেইটেই উগ্ৰপন্থী গোটক "বেআইনী সংগঠন" হিচাপে ঘোষণা কৰাৰ পৰ্যাপ্ত কাৰণ আছে নে নাই সেয়া  বিচাৰ কৰি চাবলৈ  বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ ন্যায়াধিকৰণ গঠন কৰিছে। ন্যায়াধিকৰণৰ নেতৃত্ব দিব  গুৱাহাটী  উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কুমাৰ মেধিয়ে৷ ১৩ নৱেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সশস্ত্ৰ উপায়েৰে মণিপুৰক বিচ্ছিন্ন কৰাৰ বাবে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত কেইবাটাও মেইটেই উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে   পাঁচ বছৰৰ বাবে নিষেধাজ্ঞাৰ ম্যাদ  বৃদ্ধি কৰিছিল৷ ১৩ নৱেম্বৰত জাৰী কৰা গেজেট অধিসূচনাসমূহত মেইটেই গোটসমূহক সামূহিকভাৱে মেইটেই উগ্ৰপন্থী সংগঠন বুলি উল্লেখ কৰা হৈছিল। 

এই গোটবোৰ হৈছে পিপলছ লিবাৰেচন আৰ্মি আৰু ইয়াৰ ৰাজনৈতিক শাখা, ৰিভলিউচনৰী পিপলছ ফ্ৰণ্ট, ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট আৰু ইয়াৰ সশস্ত্ৰ শাখা, মণিপুৰ পিপলছ আৰ্মি, পিপলছ ৰিভলিউচনৰী পাৰ্টি অফ কাংলেইপাক আৰু ইয়াৰ সশস্ত্ৰ শাখা,  ৰেড আৰ্মি,কমিউনিষ্ট পাৰ্টি আৰু কাংলেই য়াওল কানবা লুপ৷ এই সংগঠনকেইটাক  ইতিমধ্যে অবৈধ ঘোষণা কৰা হৈছে। ১৩ নৱেম্বৰৰ অধিসূচনাত মন্ত্ৰালয়ে গোটবোৰক সশস্ত্ৰ উপায়েৰে ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ  প্ৰতি ক্ষতিকাৰক কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগ কৰিছিল৷ মণিপুৰত নিৰাপত্তা বাহিনী, আৰক্ষী বিষয়া আৰু অসামৰিক লোকক আক্ৰমণ আৰু হত্যা কৰাৰ অভিযোগো সংগঠন কেইটাৰ বিৰুদ্ধে  উত্থাপন হৈছিল৷ মন্ত্ৰালয়ে সংগঠন কেইটাই  বিদেশী সংস্থাৰ পৰা সহায় লাভ কৰাৰো অভিযোগ উত্থাপন কৰিছিল৷  কেন্দ্ৰই কৈ আহিছে  যে যদি এনে সংগঠনবোৰক নিয়ন্ত্ৰণ কৰা নহয়, তেন্তে তেওঁলোকে হিংসাত্মক কাৰ্য্য চলাই যাব৷ 

তথ্য অনুসৰি এই  সংগঠনবোৰে ১ জানুৱাৰী, ২০১৩ আৰু ৩১ জুলাই, ২০১৮-ৰ ভিতৰত ৭৫৬  টা হিংসাত্মক ঘটনাত জড়িত আছিল। একে সময়তে, তেওঁলোকে ৮৬ জন লোকক হত্যা কৰিছিল ।  আৰক্ষীৰ তথ্য অনুসৰি চলিত বৰ্ষৰ  মে’ মাহৰ আৰম্ভণিতে জাতিগত সংঘৰ্ষ আৰম্ভ হোৱাৰ পিছত মণিপুৰত  প্ৰায় ১৭৫ জন লোক নিহত হৈছে। প্ৰায় ৬০,০০০ লোকে নিজৰ  ঘৰৰ পৰা পলায়ন কৰিবলৈ বাধ্য  হৈছে। ৰাজ্যখনৰ পাহাৰীয়া জিলাসমূহত কুকিসকল সংখ্যাগৰিষ্ঠ আৰু মেইটিসকলে ইম্ফল উপত্যকাত আধিপত্য বিস্তাৰ কৰি আহিছে।  মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে  কৈছে যে তেওঁৰ চৰকাৰ ইম্ফল উপত্যকাৰ  বিদ্ৰোহী গোটৰ সৈতে আলোচনাৰ বাবে সাজু হৈ আছে  আৰু শীঘ্ৰেই শান্তি চুক্তি স্বাক্ষৰ কৰা হ'ব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ