--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেলেৰিয়াক সাধাৰণতে অতিপাত জ্বৰৰ এবিধ ৰোগ হিচাপেই জনা যায়। মেলেৰিয়া বীজাণু নামৰ এবিধ ক্ষুদ্ৰ জীৱাণুৰ আক্ৰমণৰ ফলত এই ৰোগ হয়। মেলেৰিয়াৰ এই বীজাণুবোৰ এজন ৰোগীৰ দেহৰ পৰা এজন সুস্থ মানুহৰ দেহলৈ এবিধ বিশেষ মহৰ দ্বাৰা সংক্ৰমিত হয়। সকলো ধৰণৰ মহে মেলেৰিয়া বিয়পাৱ নোৱাৰে। এই বীজাণুৰ দ্বাৰা আক্ৰান্ত মাইকী এন'ফিলিচ মহৰ লালটি গ্ৰন্থিত মেলেৰিয়া বীজাণুবোৰ থাকে আৰু এনে মহে কামুৰিলেহে ৰোগ সংক্ৰমিত হয়। 

যেতিয়া এজনী মাইকী এন'ফিলিছ মহে এজন মেলেৰিয়া ৰোগীক কামোৰে তেতিয়া ই মানুহজনৰ তেজৰ লগতে মেলেৰিয়াৰ বীজাণুবোৰো নিজৰ দেহত সুমুৱাই লয়। যেতিয়া এই বীজাণুবোৰ মহৰ পেটত সোমায় তাৰ ১০-১২ দিনৰ পাছত ই ৰোগ সংক্ৰমিত কৰিব পৰা হয়। এনে ৰোগ বিয়পাব পৰা মহে এজন সুস্থ মানুহক কামুৰিলে মেলেৰিয়াৰ বীজাণুবোৰ মানুহজনৰ দেহত প্ৰৱেশ কৰে। তেনে ক্ষেত্ৰত মানুহজন দুসপ্তাহৰ পৰা তিনি সপ্তাহৰ ভিতৰত মেলেৰিয়াত আক্ৰান্ত হয়। এজন মেলেৰিয়া ৰোগীৰ পৰাই বহুজনলৈ এই ৰোগ বিয়পিব পাৰে।

মেলেৰিয়াৰ লক্ষণ

মেলেৰিয়াৰ লক্ষণসমূহ হ’ল- ঘাম ওলোৱা, শৰীৰৰ বিষ, বমি, উচ্চ জ্বৰ, মূৰৰ বিষ, ভাগৰ, পেটৰ বিষ, ডায়েৰিয়া, ৰক্তহীনতা, পেশীৰ বিষ, ক’মা, মলত তেজ যোৱা আদি।

মেলেৰিয়া ৰোগত কি কি খাব নালাগে

মেলেৰিয়া জ্বৰ হ’লে ঠাণ্ডা পানী একেবাৰে নাখাব বা ঠাণ্ডা পানীৰে গা ধুব নালাগে। ৰোগীয়ে আম, ডালিম, লিচু, আনাৰস, কমলা বা যিকোনো টেঙাজাতীয় ফল খাব নালাগে। ঠাণ্ডা বস্তু যেনে দৈ, লাচ্চি, গাজৰ, মূলা আদি সেৱন নকৰিব। জ্বলা, মছলা বা এচিড ৰসৰ পৰা তৈয়াৰী খাদ্য সেৱন নকৰিব। বাহিৰৰ ভজা-পোৰা আৰু মচলাজাতীয় খাদ্য খোৱাৰ পৰা কঠোৰভাৱে বিৰত থাকক।

মেলেৰিয়াত কি কি খাব লাগে

মেলেৰিয়া ৰোগী এজনে আপেল খাব লাগে। পিপলৰ গুড়ি মৌ মিহলাই খালেও মেলেৰিয়া জ্বৰত উপকাৰী হয়। খিচিৰি, দালিয়া, চাগু পুষ্টিকৰ হোৱাৰ লগতে সহজে হজম হয়। এইবোৰ সেৱন কৰিলে উপকাৰী হয়। বেমাৰ অনুভৱ কৰিলে নেমু এটা কাটি তাৰ ওপৰত ক’লা জলকীয়াৰ গুড়ি বা শিলৰ নিমখ দি চুহি খাব পাৰে। মেলেৰিয়া ৰোগত মধুৰী খালে ৰোগীয়ে উপকাৰ লাভ কৰে। তুলসীৰ পাতৰ লগত ক’লা জালুক পানীত উতলাই লব লাগে আৰু এই পানী ফিল্টাৰ কৰি খাব লাগে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু