--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেলেৰিয়াক সাধাৰণতে অতিপাত জ্বৰৰ এবিধ ৰোগ হিচাপেই জনা যায়। মেলেৰিয়া বীজাণু নামৰ এবিধ ক্ষুদ্ৰ জীৱাণুৰ আক্ৰমণৰ ফলত এই ৰোগ হয়। মেলেৰিয়াৰ এই বীজাণুবোৰ এজন ৰোগীৰ দেহৰ পৰা এজন সুস্থ মানুহৰ দেহলৈ এবিধ বিশেষ মহৰ দ্বাৰা সংক্ৰমিত হয়। সকলো ধৰণৰ মহে মেলেৰিয়া বিয়পাৱ নোৱাৰে। এই বীজাণুৰ দ্বাৰা আক্ৰান্ত মাইকী এন'ফিলিচ মহৰ লালটি গ্ৰন্থিত মেলেৰিয়া বীজাণুবোৰ থাকে আৰু এনে মহে কামুৰিলেহে ৰোগ সংক্ৰমিত হয়। 

যেতিয়া এজনী মাইকী এন'ফিলিছ মহে এজন মেলেৰিয়া ৰোগীক কামোৰে তেতিয়া ই মানুহজনৰ তেজৰ লগতে মেলেৰিয়াৰ বীজাণুবোৰো নিজৰ দেহত সুমুৱাই লয়। যেতিয়া এই বীজাণুবোৰ মহৰ পেটত সোমায় তাৰ ১০-১২ দিনৰ পাছত ই ৰোগ সংক্ৰমিত কৰিব পৰা হয়। এনে ৰোগ বিয়পাব পৰা মহে এজন সুস্থ মানুহক কামুৰিলে মেলেৰিয়াৰ বীজাণুবোৰ মানুহজনৰ দেহত প্ৰৱেশ কৰে। তেনে ক্ষেত্ৰত মানুহজন দুসপ্তাহৰ পৰা তিনি সপ্তাহৰ ভিতৰত মেলেৰিয়াত আক্ৰান্ত হয়। এজন মেলেৰিয়া ৰোগীৰ পৰাই বহুজনলৈ এই ৰোগ বিয়পিব পাৰে।

মেলেৰিয়াৰ লক্ষণ

মেলেৰিয়াৰ লক্ষণসমূহ হ’ল- ঘাম ওলোৱা, শৰীৰৰ বিষ, বমি, উচ্চ জ্বৰ, মূৰৰ বিষ, ভাগৰ, পেটৰ বিষ, ডায়েৰিয়া, ৰক্তহীনতা, পেশীৰ বিষ, ক’মা, মলত তেজ যোৱা আদি।

মেলেৰিয়া ৰোগত কি কি খাব নালাগে

মেলেৰিয়া জ্বৰ হ’লে ঠাণ্ডা পানী একেবাৰে নাখাব বা ঠাণ্ডা পানীৰে গা ধুব নালাগে। ৰোগীয়ে আম, ডালিম, লিচু, আনাৰস, কমলা বা যিকোনো টেঙাজাতীয় ফল খাব নালাগে। ঠাণ্ডা বস্তু যেনে দৈ, লাচ্চি, গাজৰ, মূলা আদি সেৱন নকৰিব। জ্বলা, মছলা বা এচিড ৰসৰ পৰা তৈয়াৰী খাদ্য সেৱন নকৰিব। বাহিৰৰ ভজা-পোৰা আৰু মচলাজাতীয় খাদ্য খোৱাৰ পৰা কঠোৰভাৱে বিৰত থাকক।

মেলেৰিয়াত কি কি খাব লাগে

মেলেৰিয়া ৰোগী এজনে আপেল খাব লাগে। পিপলৰ গুড়ি মৌ মিহলাই খালেও মেলেৰিয়া জ্বৰত উপকাৰী হয়। খিচিৰি, দালিয়া, চাগু পুষ্টিকৰ হোৱাৰ লগতে সহজে হজম হয়। এইবোৰ সেৱন কৰিলে উপকাৰী হয়। বেমাৰ অনুভৱ কৰিলে নেমু এটা কাটি তাৰ ওপৰত ক’লা জলকীয়াৰ গুড়ি বা শিলৰ নিমখ দি চুহি খাব পাৰে। মেলেৰিয়া ৰোগত মধুৰী খালে ৰোগীয়ে উপকাৰ লাভ কৰে। তুলসীৰ পাতৰ লগত ক’লা জালুক পানীত উতলাই লব লাগে আৰু এই পানী ফিল্টাৰ কৰি খাব লাগে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু