--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পঞ্জিকা অনুসৰি আজি অৰ্থাৎ ১২ জুলাই, ২০২২ তাৰিখ মঙলবাৰে আছাধ মাহৰ শুক্ল পক্ষৰ ত্ৰিয়দশীৰ তাৰিখ আৰু ব্ৰহ্মযোগ অব্যাহত আছে। আজি ধনু ৰাশিত চন্দ্ৰ আবিৰ্ভাৱ হৈছে। আজি মূল নক্ষত্ৰমণ্ডল। আহকচোন আজিৰ ৰাশিফল-

 মেষঃ- মেষ ৰাশিৰ লোকসকলৰ আজি দিনটো শুভ। নতুন সম্পত্তি লাভৰ যোগ দেখা যায়। কিন্তু খৰচ বৃদ্ধি লগতে আপোনাৰ প্ৰমোদ ভ্ৰমণৰ যোগ পৰিলক্ষিত হয়।

 বৃষঃ-আজি আপুনি কিছু সাৱধানে চলাটো বাঞ্ছনীয়। স্বাস্থ্যক লৈ আপুনি চিন্তিত হব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ বিবাহ আৰু জন্মদিন আদিৰ মাংগলিক কাৰ্যসূচী থাকিব পাৰে। শত্ৰুৰ পৰা সাৱধান হওক নহলে কামত বাধা আহি পৰিব পাৰে।

 মিথুনঃ-মিথুন ৰাশিৰ জাতক-জাতিকাসকলে নিজৰ কামৰ লগতে আনৰ কামতো মনোনিৱেশ কৰিব, যাৰ বাবে আপোনাৰ নিজৰ কামত ভুল হব পাৰে। ৰাজনীতি আৰু সামাজিক খণ্ডত কৰ্মৰত লোকসকলে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হব।

 কৰ্কটঃ-কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজি ভ্ৰমণৰ যোগ দেখা যায়। ব্যয় বৃদ্ধি লগতে সন্মান লাভ কৰিব। স্বাস্থ্যৰ ভালেই থকা দেখা যায়।

 সিংহঃ- সিংহ ৰাশিৰ লোকসকলৰ আজি দিনটো শুভ। পৰিয়ালটোত কিবা এটা ভাল খবৰ আহিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে ক্ষেত্ৰখনৰ কামত মনোনিৱেশ কৰিলে ভাল ফল লাভ কৰিবলৈ সক্ষম হ’ব।

 কন্যাঃ-কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো হতাশাজনক হ’ব পাৰে। কিছু সাৱধানে কামত আগবাঢ়ক নহলে পাছত আপোনাৰ বাবে অসুবিধা হব পাৰে। স্বাস্থ্যৰ যতন লোৱা উচিত হ’ব।

 তুলাঃ-কৰ্মসংস্থাপন বিচৰাসকলৰ বাবে আজি দিনটো শুভ। কিয়নো আজি আপোনালোকৰ সুযোগ লাভৰ যোগ পৰিলক্ষিত হয়। নগদ ধনৰ নাটনিৰ সন্মুখীন হব পাৰে।

 বৃশ্চিকঃ-আজি আপোনালোকৰ বাবে হব উত্থান-পতনেৰে ভৰা দিন। সাৱধানেৰে দিনটো আৰম্ভ কৰক নহ’লে অসুবিধাত পৰিব পাৰে। স্বাস্থ্যৰ প্ৰতিও বিশেষ মনোযাগৰ দিয়াৰ প্ৰয়োজন আছে।

 ধনুঃ-আজি আপোনালোকৰ বাবে উন্নতিৰ দিন হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ভালেই দেখা যায়। বিদ্যাৰ্থীসকলে ক্ষেত্ৰতো উন্নতিৰ যোগ দেখা যায়।

 মকৰঃ- মকৰ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শুভ। ঘৰৰ পৰিৱেশো শান্তিপূৰ্ণ হব, যাৰ ফলত পৰিয়ালত সুখ থাকিব পাৰস্পৰিক প্ৰেমভাব থাকিব। ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব।

 কুম্ভঃ-আজি আপুনি সাৱধানে হব লাগিব আৰু নিজৰ মনটোৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ ৰাখিব। আজি আপুনি সংযম বজাই নচলিলে কাজিয়াত লিপ্ত হব পাৰে।

 মীনঃ-মীন ৰাশিৰ জাতক-জাতিকাসকলে আজি দিনটো মিশ্ৰিত ফল লাভ কৰিব। আপোনাৰ মনৰ এটা ইচ্ছা পূৰণ হব, ঘৰত ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সম্ভাৱনা দেখা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ