--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বয়সৰ লগে লগে ওজন বৃদ্ধিৰ সমস্যা বাঢ়িবলৈ আৰম্ভ কৰে। ডায়েবেটিছ, হাৰ্টএটেক, উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰলৰ দৰে সমস্যাও সংগী হৈ পৰে।  কেৱল এয়াই নহয়, পেট আৰু কঁকালৰ চাৰিওফালে চৰ্বি বৃদ্ধি হোৱাৰ লগে লগে শৰীৰৰ সামগ্ৰিক গঠনকো ক্ষতি কৰে। এনে সময়ত মানুহৰ আত্মবিশ্বাসৰ অভাৱ হোৱা দেখা যায়।

 ওজন কমাবলৈ ৰাতি কি কি খাব লাগে-

 আমি প্ৰায়ে এনে বস্তু খাওঁ যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। যেনে-জাংক ফুড, তেলত ভজা, ফাষ্টফুড আদি। তদুপৰি ব্যস্ততাপূৰ্ণ জীৱৱশৈলীৰ বাবে স্বাস্থ্যৰ যত্ন লোৱাটোও অসুবিধা হৈ পৰে। গতিকে খাদ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াটো অতি প্ৰয়োজন। সেয়েহে ৰাতি শোৱাৰ এনে কিছু খোৱাৰ প্ৰয়োজন যি ওজন কমোৱাত সহায়ক হয়।

 ১. দৈঃ-নিশা আহাৰ খোৱাৰ পাছত দৈ খাব লাগে। ইয়াত কেলৰি আৰু প্ৰটিন দুয়োটায়ে থাকে। যাৰ ফলত পেশীবোৰ মজবুত হয়। গাখীৰত উপস্থিত মাইক্ৰ’নিউটেণট্ৰে হজম ক্ষমতা শক্তিশালী কৰাৰ লগতে পেটৰ চৰ্বিও কম কৰে।

 ২. আলমণ্ডঃ-বহু সময়ত নিশা আমাৰ ভোক লাগে। বহুতৰ হয়তো এনেকুৱা হোৱা দেখা যায়। এনে সময়ত আলমণ্ড খাব পাৰি। ই ভোক নিবাৰণটো সহায় কৰে আৰু স্বাস্থ্যৰ বাবেও অতি উপকাৰী।

 ৩. ৰুটি আৰু বাটাৰঃ-নিশা বাটাৰৰ সৈতে ২টা ৰুটি খাব পাৰে। ই মেটাবলিজম বৃদ্ধি কৰে আৰু ওজন কমাবলৈ সহায় কৰে।

 ৪. কলঃ-বহুতে ভাবে যে কল খালে ওজন বৃদ্ধি হয়। কিন্তু একেবাৰে সত্য নহয়। কাৰণ কলে ওজন কমোৱাতহে সহায় কৰে। কলত যথেষ্ট পৰিমাণে আঁহ থাকে। ফলত দীৰ্ঘ সময়লৈ পেট ভৰি থাকে।

 বিশেষজ্ঞই কি কয়?

বিশেষজ্ঞই কয় যে এই ৪বিধ খাদ্যই শৰীৰক পৰ্যাপ্ত পৰিমাণে পুষ্টি যোগানৰ উপৰি হতাশা দূৰ কৰাত সহয় কৰে। আনহাতে দৈত থকা এনজাইম স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইফালে আলমাণণ্ড যিকোনো ধৰণে খালেও যথেষ্ট উপকাৰী পোৱা যায় আৰু কল খালে শৰীৰে তাৎক্ষণিকভাৱে শক্তি সঞ্চাৰ কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ