--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একতা কাপুৰ টেলিভিছন জগতৰ সম্ৰাজ্ঞী হিচাপে পৰিচিত । তেওঁৰ প্ৰযোজনাত কেইবাখনো জনপ্ৰিয় ধাৰাবাহিক ভাৰতীয় দৰ্শকে লাভ কৰিছে। একতা কাপুৰে ধাৰাবাহিকৰ উপৰিও চলচ্চিত্ৰও নিৰ্মাণ কৰিছে। একতা কাপুৰে কঠোৰ পৰিশ্ৰম কৰাৰ ফলত এগৰাকী এগৰাকী সফল প্ৰযোজক হিচাপে পৰিচিতি লাভ কৰিছে৷ তেওঁ এতিয়ালৈকে তেওঁৰ কেৰিয়াৰত ১৩০খনতকৈও অধিক টিভি ধাৰাবাহিক প্ৰযোজনা কৰিছে। একতা কাপুৰৰ ধাৰাবাহিক ছুপাৰ ডুপাৰ হিট হিচাপে বিবেচিত হয়। একতা কাপুৰে মাত্ৰ ১৫ বছৰ বয়সতে প্ৰযোজক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। কিউকি ছাছ ভি কভী বহু থি, কছৌটি জিন্দেগী কি, কাহানী ঘৰ ঘৰ কি, কহি তো হোগা, কচম চে, পবিত্ৰ ৰিস্তা, বড়ে আচ্ছে লাগতে হে, ইয়ে হে মহব্বতে, যোধা আকবৰ, নাগিন, কুমকুম ভাগ্য, কুণ্ডলী ভাগ্য আদিৰ দৰে ঘৰে ঘৰে জনপ্ৰিয় ছিৰিয়েল প্ৰযোজনা কৰিছে একতা কাপুৰে। একতা কাপুৰ হৈছে বলীউডৰ প্ৰখ্যাত অভিনেতা জিতেন্দ্ৰৰ কন্যা। ব্যক্তিগত জীৱনৰ কথা ক'বলৈ গ'লে একতা কাপুৰৰ বয়স বৰ্তমান ৪৬ বছৰ। এতিয়ালৈকে তেওঁ বিবাহপাশত আৱদ্ধ হোৱা নাই। একতা কাপুৰক তেওঁৰ সাক্ষাৎকাৰত বিয়া নোহোৱাৰ কাৰণ সম্পৰ্কে কেইবাবাৰো প্ৰশ্ন কৰা হৈছিল৷ কিন্তু কেতিয়াও একতা কাপুৰে এই প্ৰশ্নৰ উত্তৰ খোলাকৈ নিদিয়ে। কোনো মানুহেই একতাৰ বিয়া নোহোৱাৰ কাৰণ স্পষ্টকৈ ক'ব নোৱাৰে। মাজতে এবাৰ একতা কাপুৰে উত্তৰ দিছিল যে ''বিবাহে ধৈৰ্য হ্ৰাস কৰে আৰু মোৰ আগৰে পৰা ধৈৰ্যৰ অভাৱ। গতিকে মই বিয়া হোৱাৰ কথা ভাবিবই নোৱাৰোঁ।'' একতা কাপুৰে আন এটা সাক্ষাৎকাৰত কৈছিল যে ''যেতিয়া মোৰ বয়স ১৭ বছৰ আছিল, মোৰ দেউতা জীতেন্দ্ৰই মোক বিয়া বা কাম যিকোনো এটা কৰিবলৈ কৈছিল৷ তেওঁ মোক কৈছিল যে মই তোমাক পকেট মানিৰ বাহিৰে আন একো নিদিওঁ৷ সেইকাৰণে মই কাম বাছি লৈছিলো৷ মই আৰম্ভণিৰে পৰা বিয়া পাতিব বিচৰা নাছিলোঁ৷'' একতা কাপুৰ আজিও অবিবাহিত যদিও ২৭ জানুৱাৰী, ২০১৯ত ছাৰোগেচীৰ সহায়ত তেওঁ এটি পুত্ৰৰ মাতৃ হৈছিল৷ একতাই তেওঁৰ পুত্ৰৰ নাম ৰাখিছে ৰবি কাপুৰ৷ বৰ্তমান সময়ত একতা কাপুৰে তেওঁৰ পুত্ৰ ৰবিৰ সৈতে অতি সুখী জীৱন যাপন কৰি আছে৷ আৰু পঢ়কঃ ওজন হ্ৰাস, ভাগৰ লগা হ’ব পাৰে কেন্সাৰৰ লক্ষণ! কেন্সাৰৰ প্ৰাৰম্ভিক ৭ টা লক্ষণ কি?                

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ