--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একতা কাপুৰ টেলিভিছন জগতৰ সম্ৰাজ্ঞী হিচাপে পৰিচিত । তেওঁৰ প্ৰযোজনাত কেইবাখনো জনপ্ৰিয় ধাৰাবাহিক ভাৰতীয় দৰ্শকে লাভ কৰিছে। একতা কাপুৰে ধাৰাবাহিকৰ উপৰিও চলচ্চিত্ৰও নিৰ্মাণ কৰিছে। একতা কাপুৰে কঠোৰ পৰিশ্ৰম কৰাৰ ফলত এগৰাকী এগৰাকী সফল প্ৰযোজক হিচাপে পৰিচিতি লাভ কৰিছে৷ তেওঁ এতিয়ালৈকে তেওঁৰ কেৰিয়াৰত ১৩০খনতকৈও অধিক টিভি ধাৰাবাহিক প্ৰযোজনা কৰিছে। একতা কাপুৰৰ ধাৰাবাহিক ছুপাৰ ডুপাৰ হিট হিচাপে বিবেচিত হয়। একতা কাপুৰে মাত্ৰ ১৫ বছৰ বয়সতে প্ৰযোজক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। কিউকি ছাছ ভি কভী বহু থি, কছৌটি জিন্দেগী কি, কাহানী ঘৰ ঘৰ কি, কহি তো হোগা, কচম চে, পবিত্ৰ ৰিস্তা, বড়ে আচ্ছে লাগতে হে, ইয়ে হে মহব্বতে, যোধা আকবৰ, নাগিন, কুমকুম ভাগ্য, কুণ্ডলী ভাগ্য আদিৰ দৰে ঘৰে ঘৰে জনপ্ৰিয় ছিৰিয়েল প্ৰযোজনা কৰিছে একতা কাপুৰে। একতা কাপুৰ হৈছে বলীউডৰ প্ৰখ্যাত অভিনেতা জিতেন্দ্ৰৰ কন্যা। ব্যক্তিগত জীৱনৰ কথা ক'বলৈ গ'লে একতা কাপুৰৰ বয়স বৰ্তমান ৪৬ বছৰ। এতিয়ালৈকে তেওঁ বিবাহপাশত আৱদ্ধ হোৱা নাই। একতা কাপুৰক তেওঁৰ সাক্ষাৎকাৰত বিয়া নোহোৱাৰ কাৰণ সম্পৰ্কে কেইবাবাৰো প্ৰশ্ন কৰা হৈছিল৷ কিন্তু কেতিয়াও একতা কাপুৰে এই প্ৰশ্নৰ উত্তৰ খোলাকৈ নিদিয়ে। কোনো মানুহেই একতাৰ বিয়া নোহোৱাৰ কাৰণ স্পষ্টকৈ ক'ব নোৱাৰে। মাজতে এবাৰ একতা কাপুৰে উত্তৰ দিছিল যে ''বিবাহে ধৈৰ্য হ্ৰাস কৰে আৰু মোৰ আগৰে পৰা ধৈৰ্যৰ অভাৱ। গতিকে মই বিয়া হোৱাৰ কথা ভাবিবই নোৱাৰোঁ।'' একতা কাপুৰে আন এটা সাক্ষাৎকাৰত কৈছিল যে ''যেতিয়া মোৰ বয়স ১৭ বছৰ আছিল, মোৰ দেউতা জীতেন্দ্ৰই মোক বিয়া বা কাম যিকোনো এটা কৰিবলৈ কৈছিল৷ তেওঁ মোক কৈছিল যে মই তোমাক পকেট মানিৰ বাহিৰে আন একো নিদিওঁ৷ সেইকাৰণে মই কাম বাছি লৈছিলো৷ মই আৰম্ভণিৰে পৰা বিয়া পাতিব বিচৰা নাছিলোঁ৷'' একতা কাপুৰ আজিও অবিবাহিত যদিও ২৭ জানুৱাৰী, ২০১৯ত ছাৰোগেচীৰ সহায়ত তেওঁ এটি পুত্ৰৰ মাতৃ হৈছিল৷ একতাই তেওঁৰ পুত্ৰৰ নাম ৰাখিছে ৰবি কাপুৰ৷ বৰ্তমান সময়ত একতা কাপুৰে তেওঁৰ পুত্ৰ ৰবিৰ সৈতে অতি সুখী জীৱন যাপন কৰি আছে৷ আৰু পঢ়কঃ ওজন হ্ৰাস, ভাগৰ লগা হ’ব পাৰে কেন্সাৰৰ লক্ষণ! কেন্সাৰৰ প্ৰাৰম্ভিক ৭ টা লক্ষণ কি?                

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু