--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মিঠুন চক্ৰৱৰ্তীৰ নাম কোনেনো নাজানে! বলিউডৰ ‘ডিস্কো ডেন্সাৰ’গৰাকীয়ে কেইবাখনো জনপ্ৰিয় চিনেমাৰে দৰ্শকৰ হিয়াৰ আমঠু হৈ পৰিছিল। হৈ পৰিছিল বহু যুৱতীৰ নয়নৰ মণি।

কিন্তু বহু যুৱতীৰ নয়নৰ মণি হৈ পৰিলেও সুখৰ নাছিল মিঠুনৰ আৰম্ভণিৰ সময়ছোৱাৰ প্ৰেম। ১৯৭৯ চনত অভিনেতাগৰাকীয়ে বিয়া কৰে অভিনেত্ৰী যোগীতা বালিক।

কিন্তু তাৰ পূৰ্বেও আন এগৰাকী বিদেশী অভিনেত্ৰীৰ স’তে প্ৰেমৰ সম্পৰ্ক গঢ়ি বিবাহপাশত হৈছিল মিঠুন। নাম তেওঁৰ হেলেনা লিউক। মাত্ৰ চাৰি মাহ টিকিছিল তেওঁলোকৰ দাম্পত্য জীৱন।

কোন এই হেলেনা লিউক? সত্তৰৰ দশকত বলিউডত পদাৰ্পন কৰিছিল এইগৰাকী মডেল-অভিনেত্ৰীয়ে। ১৯৮০ চনৰ ছৱি জিতেন্দ্ৰ-ৰেখা অভিনীত ‘জুদাই’ৰ এটা চৰিত্ৰত অৱতীৰ্ণ হৈছিল হেলেনা। ১৯৮২ চনৰ ‘সাথ সাথ’ নামৰ ছৱিখনতো এটি সৰু চৰিত্ৰ ৰূপায়ন কৰিছিল তেওঁ।

ইয়াৰ পাছত ‘আও পেয়াৰ কৰেঁ’, ‘দো গুলাব’, ‘ভাই আখিৰ ভাই হোতা হ্যে’ নামৰ ছৱিকেইখনত অভিনয় কৰিছিল হেলেনাই। কিন্তু এইসমূহে বক্স অফিচত বিফল হৈছিল।

হেলেনাৰ দেউতাক আছিল তুৰস্কৰ আৰু মাক আছিল এংলো-ইণ্ডিয়ান খ্ৰীষ্টান। চিনেমাত অভিনয়ৰ পূৰ্বে হেলেনাই ৯ বছৰ গুজৰাটী নাটকত অভিনয় কৰিছিল।

মিঠুনৰ পূৰ্বে অভিনেতা জাভেদ খানৰ স’তেও হেলেনাৰ সম্পৰ্ক আছিল বুলি জনা যায়। ৪ বছৰ প্ৰেম কৰাৰ পাছত তেওঁলোকৰ বিচ্ছেদ হয়।

আনহাতে, হেলেনাৰ স’তে সম্পৰ্ক গঢ়াৰ পূৰ্বে মিঠুনৰ প্ৰেম হৈছিল অভিনেত্ৰী সাৰিকাৰ স’তে। কিন্তু এই প্ৰেম নিটিকিল।

মিঠুনে হেলেনাক বিয়া কৰায় কিন্তু বিয়াৰ পাছত পুনৰ জাভেদ খান হেলেনাৰ ওচৰলৈ ঘূৰি আহে। হেলেনাও জাভেদৰ প্ৰতি নৰম হৈ পৰে। ফলত মিঠুন আৰু হেলেনাৰ বিচ্ছেদ হয়।

কিন্তু জাভেদ খানৰ স’তেও পুনৰ হোৱা সম্পৰ্ক বিচ্ছেদ হয়। ১৯৮৭ চনত আন এগৰাকী অভিনেতা বিজয়েন্দ্ৰ ঘটগৰ স’তে হেলেনাৰ সম্পৰ্ক হয়।

কিন্তু এই প্ৰেমো শেষৰফালে ঘৃণালৈ ৰূপান্তৰ হয়। বিচ্ছেদ হয় হেলেনা আৰু বিজয়েন্দ্ৰৰ। বলিউডতো হেলেনাই জনপ্ৰিয়তা অৰ্জন কৰাত ব্যৰ্থ হয়। সম্ভৱতঃ শেষবাৰৰ বাবে তেওঁক দেখা গৈছিল ১৯৮৮ চনৰ ‘এক নয়া ৰিস্তা’ নামৰ ছৱিখনত। কিন্তু এই ছৱিখনৰ দ্বাৰাও সফলতা লাভ নকৰিলে অভিনেত্ৰীগৰাকীয়ে।

বলিউডত ব্যৰ্থ হোৱাৰ পাছত হেলেনাই আমেৰিকালৈ গুছি যায়। নিউয়ৰ্কৰ এটা বিমান সংস্থাত কৰ্মজীৱন আৰম্ভ কৰে তেওঁ। গ্লেমাৰৰ পৃথিৱীত তেওঁক আৰু দেখা পোৱা নগ’ল।

এতিয়া হেলেনা ক’ত আছে কি কৰিছে একো জনা নাযায়। বলিউডৰ অনেক ব্যৰ্থ অভিনেত্ৰীৰ দৰেই হেলেনাক লৈ কাৰো কৌতূহল নাই। অথচ মিঠুন চক্ৰৱৰ্তীৰ দৰে চুপাৰষ্টাৰৰ স’তে বিবাহপাশত আৱদ্ধ হৈছিল তেওঁ।

 





FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক