--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মিঠুন চক্ৰৱৰ্তীৰ নাম কোনেনো নাজানে! বলিউডৰ ‘ডিস্কো ডেন্সাৰ’গৰাকীয়ে কেইবাখনো জনপ্ৰিয় চিনেমাৰে দৰ্শকৰ হিয়াৰ আমঠু হৈ পৰিছিল। হৈ পৰিছিল বহু যুৱতীৰ নয়নৰ মণি।

কিন্তু বহু যুৱতীৰ নয়নৰ মণি হৈ পৰিলেও সুখৰ নাছিল মিঠুনৰ আৰম্ভণিৰ সময়ছোৱাৰ প্ৰেম। ১৯৭৯ চনত অভিনেতাগৰাকীয়ে বিয়া কৰে অভিনেত্ৰী যোগীতা বালিক।

কিন্তু তাৰ পূৰ্বেও আন এগৰাকী বিদেশী অভিনেত্ৰীৰ স’তে প্ৰেমৰ সম্পৰ্ক গঢ়ি বিবাহপাশত হৈছিল মিঠুন। নাম তেওঁৰ হেলেনা লিউক। মাত্ৰ চাৰি মাহ টিকিছিল তেওঁলোকৰ দাম্পত্য জীৱন।

কোন এই হেলেনা লিউক? সত্তৰৰ দশকত বলিউডত পদাৰ্পন কৰিছিল এইগৰাকী মডেল-অভিনেত্ৰীয়ে। ১৯৮০ চনৰ ছৱি জিতেন্দ্ৰ-ৰেখা অভিনীত ‘জুদাই’ৰ এটা চৰিত্ৰত অৱতীৰ্ণ হৈছিল হেলেনা। ১৯৮২ চনৰ ‘সাথ সাথ’ নামৰ ছৱিখনতো এটি সৰু চৰিত্ৰ ৰূপায়ন কৰিছিল তেওঁ।

ইয়াৰ পাছত ‘আও পেয়াৰ কৰেঁ’, ‘দো গুলাব’, ‘ভাই আখিৰ ভাই হোতা হ্যে’ নামৰ ছৱিকেইখনত অভিনয় কৰিছিল হেলেনাই। কিন্তু এইসমূহে বক্স অফিচত বিফল হৈছিল।

হেলেনাৰ দেউতাক আছিল তুৰস্কৰ আৰু মাক আছিল এংলো-ইণ্ডিয়ান খ্ৰীষ্টান। চিনেমাত অভিনয়ৰ পূৰ্বে হেলেনাই ৯ বছৰ গুজৰাটী নাটকত অভিনয় কৰিছিল।

মিঠুনৰ পূৰ্বে অভিনেতা জাভেদ খানৰ স’তেও হেলেনাৰ সম্পৰ্ক আছিল বুলি জনা যায়। ৪ বছৰ প্ৰেম কৰাৰ পাছত তেওঁলোকৰ বিচ্ছেদ হয়।

আনহাতে, হেলেনাৰ স’তে সম্পৰ্ক গঢ়াৰ পূৰ্বে মিঠুনৰ প্ৰেম হৈছিল অভিনেত্ৰী সাৰিকাৰ স’তে। কিন্তু এই প্ৰেম নিটিকিল।

মিঠুনে হেলেনাক বিয়া কৰায় কিন্তু বিয়াৰ পাছত পুনৰ জাভেদ খান হেলেনাৰ ওচৰলৈ ঘূৰি আহে। হেলেনাও জাভেদৰ প্ৰতি নৰম হৈ পৰে। ফলত মিঠুন আৰু হেলেনাৰ বিচ্ছেদ হয়।

কিন্তু জাভেদ খানৰ স’তেও পুনৰ হোৱা সম্পৰ্ক বিচ্ছেদ হয়। ১৯৮৭ চনত আন এগৰাকী অভিনেতা বিজয়েন্দ্ৰ ঘটগৰ স’তে হেলেনাৰ সম্পৰ্ক হয়।

কিন্তু এই প্ৰেমো শেষৰফালে ঘৃণালৈ ৰূপান্তৰ হয়। বিচ্ছেদ হয় হেলেনা আৰু বিজয়েন্দ্ৰৰ। বলিউডতো হেলেনাই জনপ্ৰিয়তা অৰ্জন কৰাত ব্যৰ্থ হয়। সম্ভৱতঃ শেষবাৰৰ বাবে তেওঁক দেখা গৈছিল ১৯৮৮ চনৰ ‘এক নয়া ৰিস্তা’ নামৰ ছৱিখনত। কিন্তু এই ছৱিখনৰ দ্বাৰাও সফলতা লাভ নকৰিলে অভিনেত্ৰীগৰাকীয়ে।

বলিউডত ব্যৰ্থ হোৱাৰ পাছত হেলেনাই আমেৰিকালৈ গুছি যায়। নিউয়ৰ্কৰ এটা বিমান সংস্থাত কৰ্মজীৱন আৰম্ভ কৰে তেওঁ। গ্লেমাৰৰ পৃথিৱীত তেওঁক আৰু দেখা পোৱা নগ’ল।

এতিয়া হেলেনা ক’ত আছে কি কৰিছে একো জনা নাযায়। বলিউডৰ অনেক ব্যৰ্থ অভিনেত্ৰীৰ দৰেই হেলেনাক লৈ কাৰো কৌতূহল নাই। অথচ মিঠুন চক্ৰৱৰ্তীৰ দৰে চুপাৰষ্টাৰৰ স’তে বিবাহপাশত আৱদ্ধ হৈছিল তেওঁ।

 





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু