--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এক স্বাস্থ্যকৰ জীৱনশৈলীয়ে আমাৰ মানসিক স্বাস্থ্যৰ ওপৰত যথেষ্ট ইতিবাচক প্ৰভাৱ পেলায়। আমি কি খাওঁ, কিমান খাওঁ, কিমান ব্যায়াম কৰোঁ, আমি কিমান শুওঁ, আমি মানুহৰ সৈতে কেনেদৰে মিলামিছা কৰোঁ আৰু কিমান মানসিক চাপৰ সৈতে মোকাবিলা কৰোঁ সেয়া মস্তিষ্ক বা মগজুৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। মানুহৰ মগজু সুস্থ আৰু স্বাস্থ্যৱান হৈ থকাটো অতি জৰুৰী। কিছুমান উপায় আছে যাৰ জৰিয়তে আপুনি আপোনাৰ মগজু স্বাস্থ্যৱান ৰাখিব পাৰে। আহক জানো মগজু সুস্থ ৰখাৰ টিপছ-

১)সন্তুলিত আহাৰ গ্ৰহণ কৰকঃ উচ্চ নিমখ আৰু চেনী থকা আহাৰৰ ফলত উচ্চ ৰক্তচাপৰ দৰে দীৰ্ঘম্যাদী ৰোগ হ'ব পাৰে, যি ষ্ট্ৰোকৰ আশংকা বৃদ্ধি কৰে।অধিক ফল খাব আৰু পাচলিযুক্ত স্বাস্থ্যকৰ আহাৰ খাব। কম চেনী আৰু নিমখ খাব। আৰু মাছ আৰু চয়াৰ দৰে সংপৃক্ত চৰ্বি কম থকা খাদ্য বাছনি কৰিব। ফেটি এচিড পৰিহাৰ কৰিবলৈ চেষ্টা কৰক। আপুনি আপোনাৰ দৈনন্দিন আহাৰত স্বাস্থ্যকৰ চৰ্বি অন্তৰ্ভুক্ত কৰিব পাৰে।

২)ব্যায়াম কৰকঃ ব্যায়াম আৰু মস্তিষ্কৰ স্বাস্থ্যৰ মাজত সম্পৰ্ক আছে। নিয়মীয়া ব্যায়ামে তেজৰ প্ৰবাহ আৰু স্মৃতিশক্তি উন্নত কৰে। ই ৰক্তচাপ হ্ৰাস কৰে, কলেষ্টেৰলৰ স্তৰ উন্নত কৰে, শৰ্কৰাৰ স্তৰ সন্তুলিত কৰে আৰু মানসিক চাপ হ্ৰাস কৰে। মেডিটেচন কৰাৰ অভ্যাস গঢ়ি তোলক।

৩)ধূমপান আৰু সুৰাপান নকৰিবঃ সকলো ধৰণৰ ধঁপাত পৰিহাৰ কৰক আৰু সুৰাপান হ্ৰাস কৰক। এইবোৰে উচ্চ ৰক্তচাপৰ আশংকা বৃদ্ধি কৰে। যাৰ ফলত মগজুৰ ষ্ট্ৰোক হ'ব পাৰে।

৪)ইতিবাচক সম্পৰ্ক গঢ়ি তোলকঃ পৰিয়াল আৰু ভাল বন্ধুবৰ্গৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিব। ইজনে সিজনক লগ পাবলৈ চেষ্টা কৰিব। যেতিয়াই সুযোগ-সুবিধা পায় কথা পাতিবলৈ, লগ পাবলৈ চেষ্টা কৰিব, ই আপোনাৰ সম্পৰ্ক উন্নত কৰিব আৰু মন প্ৰফুল্লিত ৰখাত সহায় কৰিব। আপোনাৰ মগজু স্বাস্থ্যৱান কৰি ৰখাৰ ক্ষেত্ৰত মন প্ৰফুল্লিত ৰখাটো জৰুৰী।

৫)ভালদৰে টোপনি যাবঃ টোপনিয়ে আমাক শক্তি প্ৰদান কৰে। ভালদৰে টোপনি মাৰিলে মগজু সতেজ হয়। ই আমাৰ মনোভাৱ উন্নত কৰে আৰু আমাৰ ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে। কম টোপনি বা টোপনি হ্ৰাসৰ ফলত ভাগৰ, ৰোগ প্ৰতিৰোধ দমন, স্মৃতিশক্তি হ্ৰাস, আৰু দুৰ্বল মনোযোগ হয় ফলত মগজুত বিৰূপ প্ৰভাৱ পৰে।

৬)আপোনাৰ মনক উজ্জীৱিত কৰি ৰাখকঃ কিতাপ পঢ়ি মানসিক ব্যায়াম কৰাৰ অভ্যাস গঢ়ি তোলক।পঢ়া, ক্ৰছৱৰ্ড পাজল কৰাৰ অভ্যাস বৃদ্ধি কৰক। নতুন ভাষা বা বাদ্যযন্ত্ৰ শিকিবলৈ চেষ্টা কৰক। এই কাৰ্যকলাপবোৰে আমাৰ মগজুৰ কাৰ্যক্ষম শক্তি প্ৰখৰ কৰে আৰু আমাৰ ডিমেনচিয়াৰ আশংকা হ্ৰাস কৰে।

৭) মন ভাল লগা গান দৈনিক শুনকঃ গানে মন ভাল লগায়। মন ভালে থাকিলে মগজুতো সুপ্ৰভাৱ পৰে। গতিকে প্ৰতিদিনে আপোনাৰ মন ভাল লগা গান শুনিবলৈ যত্ন কৰিব।

৮)সুৰক্ষা ব্যৱস্থা ল'বঃ মূৰ/মগজুৰ আঘাত পৰিহাৰ কৰিবলৈ ক্ৰমান্বয়ে বাইক আৰু গাড়ী ব্যৱহাৰ কৰোঁতে হেলমেট, চিট বেল্টৰ দৰে সুৰক্ষা ব্যৱস্থা ল'বলৈ নাপাহৰিব।

আৰু পঢ়কঃ মানৱ দেহত সংৰোপণ গাহৰিৰ কলিজা! ডাঃ ধনীৰাম বৰুৱাৰ সপোনক পূৰ্ণতা দিলে আমেৰিকাৰ চিকিৎসকে


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ