--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এক স্বাস্থ্যকৰ জীৱনশৈলীয়ে আমাৰ মানসিক স্বাস্থ্যৰ ওপৰত যথেষ্ট ইতিবাচক প্ৰভাৱ পেলায়। আমি কি খাওঁ, কিমান খাওঁ, কিমান ব্যায়াম কৰোঁ, আমি কিমান শুওঁ, আমি মানুহৰ সৈতে কেনেদৰে মিলামিছা কৰোঁ আৰু কিমান মানসিক চাপৰ সৈতে মোকাবিলা কৰোঁ সেয়া মস্তিষ্ক বা মগজুৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। মানুহৰ মগজু সুস্থ আৰু স্বাস্থ্যৱান হৈ থকাটো অতি জৰুৰী। কিছুমান উপায় আছে যাৰ জৰিয়তে আপুনি আপোনাৰ মগজু স্বাস্থ্যৱান ৰাখিব পাৰে। আহক জানো মগজু সুস্থ ৰখাৰ টিপছ-

১)সন্তুলিত আহাৰ গ্ৰহণ কৰকঃ উচ্চ নিমখ আৰু চেনী থকা আহাৰৰ ফলত উচ্চ ৰক্তচাপৰ দৰে দীৰ্ঘম্যাদী ৰোগ হ'ব পাৰে, যি ষ্ট্ৰোকৰ আশংকা বৃদ্ধি কৰে।অধিক ফল খাব আৰু পাচলিযুক্ত স্বাস্থ্যকৰ আহাৰ খাব। কম চেনী আৰু নিমখ খাব। আৰু মাছ আৰু চয়াৰ দৰে সংপৃক্ত চৰ্বি কম থকা খাদ্য বাছনি কৰিব। ফেটি এচিড পৰিহাৰ কৰিবলৈ চেষ্টা কৰক। আপুনি আপোনাৰ দৈনন্দিন আহাৰত স্বাস্থ্যকৰ চৰ্বি অন্তৰ্ভুক্ত কৰিব পাৰে।

২)ব্যায়াম কৰকঃ ব্যায়াম আৰু মস্তিষ্কৰ স্বাস্থ্যৰ মাজত সম্পৰ্ক আছে। নিয়মীয়া ব্যায়ামে তেজৰ প্ৰবাহ আৰু স্মৃতিশক্তি উন্নত কৰে। ই ৰক্তচাপ হ্ৰাস কৰে, কলেষ্টেৰলৰ স্তৰ উন্নত কৰে, শৰ্কৰাৰ স্তৰ সন্তুলিত কৰে আৰু মানসিক চাপ হ্ৰাস কৰে। মেডিটেচন কৰাৰ অভ্যাস গঢ়ি তোলক।

৩)ধূমপান আৰু সুৰাপান নকৰিবঃ সকলো ধৰণৰ ধঁপাত পৰিহাৰ কৰক আৰু সুৰাপান হ্ৰাস কৰক। এইবোৰে উচ্চ ৰক্তচাপৰ আশংকা বৃদ্ধি কৰে। যাৰ ফলত মগজুৰ ষ্ট্ৰোক হ'ব পাৰে।

৪)ইতিবাচক সম্পৰ্ক গঢ়ি তোলকঃ পৰিয়াল আৰু ভাল বন্ধুবৰ্গৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিব। ইজনে সিজনক লগ পাবলৈ চেষ্টা কৰিব। যেতিয়াই সুযোগ-সুবিধা পায় কথা পাতিবলৈ, লগ পাবলৈ চেষ্টা কৰিব, ই আপোনাৰ সম্পৰ্ক উন্নত কৰিব আৰু মন প্ৰফুল্লিত ৰখাত সহায় কৰিব। আপোনাৰ মগজু স্বাস্থ্যৱান কৰি ৰখাৰ ক্ষেত্ৰত মন প্ৰফুল্লিত ৰখাটো জৰুৰী।

৫)ভালদৰে টোপনি যাবঃ টোপনিয়ে আমাক শক্তি প্ৰদান কৰে। ভালদৰে টোপনি মাৰিলে মগজু সতেজ হয়। ই আমাৰ মনোভাৱ উন্নত কৰে আৰু আমাৰ ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে। কম টোপনি বা টোপনি হ্ৰাসৰ ফলত ভাগৰ, ৰোগ প্ৰতিৰোধ দমন, স্মৃতিশক্তি হ্ৰাস, আৰু দুৰ্বল মনোযোগ হয় ফলত মগজুত বিৰূপ প্ৰভাৱ পৰে।

৬)আপোনাৰ মনক উজ্জীৱিত কৰি ৰাখকঃ কিতাপ পঢ়ি মানসিক ব্যায়াম কৰাৰ অভ্যাস গঢ়ি তোলক।পঢ়া, ক্ৰছৱৰ্ড পাজল কৰাৰ অভ্যাস বৃদ্ধি কৰক। নতুন ভাষা বা বাদ্যযন্ত্ৰ শিকিবলৈ চেষ্টা কৰক। এই কাৰ্যকলাপবোৰে আমাৰ মগজুৰ কাৰ্যক্ষম শক্তি প্ৰখৰ কৰে আৰু আমাৰ ডিমেনচিয়াৰ আশংকা হ্ৰাস কৰে।

৭) মন ভাল লগা গান দৈনিক শুনকঃ গানে মন ভাল লগায়। মন ভালে থাকিলে মগজুতো সুপ্ৰভাৱ পৰে। গতিকে প্ৰতিদিনে আপোনাৰ মন ভাল লগা গান শুনিবলৈ যত্ন কৰিব।

৮)সুৰক্ষা ব্যৱস্থা ল'বঃ মূৰ/মগজুৰ আঘাত পৰিহাৰ কৰিবলৈ ক্ৰমান্বয়ে বাইক আৰু গাড়ী ব্যৱহাৰ কৰোঁতে হেলমেট, চিট বেল্টৰ দৰে সুৰক্ষা ব্যৱস্থা ল'বলৈ নাপাহৰিব।

আৰু পঢ়কঃ মানৱ দেহত সংৰোপণ গাহৰিৰ কলিজা! ডাঃ ধনীৰাম বৰুৱাৰ সপোনক পূৰ্ণতা দিলে আমেৰিকাৰ চিকিৎসকে


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু