--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বৰ্তমানৰ সময়ত পৃথিৱীৰ সকলো দেশে দৃষ্টিত ৰখা দেশখনেই হ’ল চীন উন্নত প্ৰযুক্তিবিদ্যা, ব্যৱসায়-বাণিজ্যৰ জৰিয়তে পৃথিৱী জয় কৰাৰ সপোন ৰচিছে এই দেশে৷ আকাশত চাংপতা সপোন ৰচাৰ দৰে নহয়, বাস্তৱত এইখন দেশে দেখুৱাইছে ইটোৰ পাছত সিটো চমৎকাৰ৷ চীনে এতিয়া এই পৃথিৱীত কৰিব নোৱাৰা কাম যেন একোৱেই নাই৷ সকলো অসম্ভৱক সম্ভৱ কৰি তুলিছে চীনে৷ শেহতীয়াকৈ চীনে এটা ‘কৃত্ৰিম সূৰ্য ’ নিৰ্মাণ কৰিছে, যি প্ৰকৃত সূৰ্যতকৈ পাঁচগুণ বেছি গৰম, কৃত্ৰিম সূৰ্যটোৰ তাপমাত্ৰা হ’ল ৭০ নিযুত ডিগ্ৰী ছেলছিয়াছ৷ কৃত্ৰিম সূৰ্যটোৰ সফল উৎক্ষেপৰ পাছতে বিশ্ববাসীৰ মাজত সৃষ্টি কৰিছে কৌতুহলৰ৷ সামাজিক মাধ্যমত এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত সকলোৰে মাজত উৎকণ্ঠা বৃদ্ধি পাইছে৷ উৎক্ষেপণৰ পাছত ১৭ মিনিট ৩৬ ছেকেণ্ড সময়লৈকে তাপমাত্ৰা ধৰি ৰাখিছিল কৃত্ৰিম সূৰ্যটোৱে৷

এই কৃত্ৰিম সূৰ্যটো গধুৰ এটমৰ পৰমাণু ভাগ কৰি উৎপন্ন কৰা হয়৷ এনেধৰণৰ শক্তি উৎপাদন প্ৰক্ৰিয়া সহজ হ’লেও ই সৃষ্টি কৰে পৰমাণু আৰ্ৱজনা৷ উল্লেখ্য যে কয়লা আৰু প্ৰাকৃতিক গেছ হৈছে বৰ্তমান বিশ্বজুৰি ব্যৱহৃত প্ৰাথমিক শক্তিৰ উৎস, কিন্তু এই সামগ্ৰীবোৰ যোগান সীমিত। নিউক্লিয়াৰ ফিউজন উপলব্ধ আটাইতকৈ পৰিষ্কাৰ শক্তিৰ উৎস হ’ব পাৰে কিয়নো ই বিদ্যুতত বৃহৎ পৰিমাণৰ শক্তি উৎপাদন কৰিবলৈ পাৰমাণৱিক নিউক্লিয়াছ একত্ৰিত কৰি সূৰ্যৰ পদাৰ্থ বিজ্ঞানৰ প্ৰতিলিপি কৰে। এই প্ৰক্ৰিয়াটোত কোনো জীৱাশ্ম ইন্ধনৰ প্ৰয়োজন নাই, কোনো তেজষ্ক্ৰিয় আৱৰ্জনা সৃষ্টি হোৱা নাই৷

চীনা বিজ্ঞান একাডেমীৰ ইনষ্টিটিউট অব প্লাজমা ফিজিক্সৰ গৱেষক গং জিয়ানজুৱে এক বিবৃতিত কয় যে, “শেহতীয়া অভিযানটোৱে ফিউজন ৰিএক্টৰ চলোৱাৰ দিশত এক দৃঢ় বৈজ্ঞানিক আৰু পৰীক্ষামূলক ভেটি স্থাপন কৰিলে।”

ছিনহুয়া সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি চীনৰ পৰীক্ষামূলক উন্নত ছুপাৰকণ্ডাক্টিং টোকামাক (ইষ্ট) পৃথিৱীত পৰিষ্কাৰ শক্তিৰ প্ৰায় সীমাহীন যোগান হিচাপে ব্যৱহাৰ কৰাৰ বাবে প্ৰস্তুত কৰা হৈছিল। ডোনাট আকৃতিৰ ইষ্ট ৰিয়েক্টৰটোক কৃত্ৰিম সূৰ্য বুলি কোৱা হয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ