--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ শেহতীয়া ৰাজনৈতিক ঘটনাক্ৰমৰ পিছতে বিৰোধী মিত্ৰজোঁটৰ বৈঠক পিছুৱাই যাব পাৰে বুলি চৰ্চা চলি থকাৰ মাজতে কংগ্ৰেছে ঘোশণা কৰিলে বৈঠকৰ দিন তথা স্থান৷যদিও বাংগালুৰুত অনুষ্ঠিত হ’বলগীয়া বিৰোধী দলসমূহৰ  বৈঠক পিছুৱাই দিয়াৰ কথা আছিল তাৰ মাজতে কংগ্ৰেছৰ নেতা  কেচি বেণুগোপালে খৰখেদাকৈ বৈঠকৰ তাৰিখ ঘোষণা কৰিলে। 

 পূৰ্বে  ১৪ জুলাইত বাংগালুৰুত বিজেপি বিৰোধী দলসমূহৰ দ্বিতীয় খন বৈঠক অনুষ্ঠিত হ'ব বুলি দিন  নিৰ্ধাৰণ কৰা হৈছিল। শাৰদ পাৱাৰে নিজেই সেই  তাৰিখটো ঘোষণা কৰিছিল। কিন্তু দেওবাৰে  এনচিপিৰ  শিবিৰত বৃহঞ ফাঁট মেলাৰ পিছতে বিৰোধীৰ বৈঠকত অনিশ্চয়তা আহি পৰিছিল৷এনচিপিৰ নেতা  অজিত পাৱাৰে আন আঠজন বিধায়কৰ সৈতে দল ত্যাগ কৰিছিল আৰু এন ডি এৰ সৈতে হাত মিলাইছিল। তেওঁ মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী হিচাপেও শপত গ্ৰহণ কৰিছিল। 

তেতিয়াই যেন বিৰোধী সমীকৰণটো কিছু সলনি হৈ পৰিছিল। এনে সময়তে বেণুগোপালে সোমবাৰে বিৰোধী মিত্ৰজোঁটৰ বৈঠকৰ দিন ঘোষণা কৰে৷ তেওঁ কয় যে  ১৭ আৰু ১৮ জুলাইত বাংগালুৰুত অনুষ্ঠিত হ'ব বিৰোধী মিত্ৰজোঁটৰ দ্বিতীয় খন বৈঠক। পাটনাৰ বৈঠকত উপস্থিত থকা সকলো ৰাজনৈতিক দলকে কংগ্ৰেছে  এই বৈঠকলৈ আমন্ত্ৰণ জনাইছে।অৱশ্যে পাটনাৰ বৈঠকত আপৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল উপস্থিত আছিল যদিও বাংগালুৰুত অনুষ্ঠিত হ’বলগীয়া বৈঠকত কেজৰিৱাল উপস্থিত থকাৰ সম্ভাৱনা তেনেই ক্ষীণ বুলি বহুতে মন্তব্য কৰিছে ৷ 



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস