--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ শেহতীয়া ৰাজনৈতিক ঘটনাক্ৰমৰ পিছতে বিৰোধী মিত্ৰজোঁটৰ বৈঠক পিছুৱাই যাব পাৰে বুলি চৰ্চা চলি থকাৰ মাজতে কংগ্ৰেছে ঘোশণা কৰিলে বৈঠকৰ দিন তথা স্থান৷যদিও বাংগালুৰুত অনুষ্ঠিত হ’বলগীয়া বিৰোধী দলসমূহৰ  বৈঠক পিছুৱাই দিয়াৰ কথা আছিল তাৰ মাজতে কংগ্ৰেছৰ নেতা  কেচি বেণুগোপালে খৰখেদাকৈ বৈঠকৰ তাৰিখ ঘোষণা কৰিলে। 

 পূৰ্বে  ১৪ জুলাইত বাংগালুৰুত বিজেপি বিৰোধী দলসমূহৰ দ্বিতীয় খন বৈঠক অনুষ্ঠিত হ'ব বুলি দিন  নিৰ্ধাৰণ কৰা হৈছিল। শাৰদ পাৱাৰে নিজেই সেই  তাৰিখটো ঘোষণা কৰিছিল। কিন্তু দেওবাৰে  এনচিপিৰ  শিবিৰত বৃহঞ ফাঁট মেলাৰ পিছতে বিৰোধীৰ বৈঠকত অনিশ্চয়তা আহি পৰিছিল৷এনচিপিৰ নেতা  অজিত পাৱাৰে আন আঠজন বিধায়কৰ সৈতে দল ত্যাগ কৰিছিল আৰু এন ডি এৰ সৈতে হাত মিলাইছিল। তেওঁ মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী হিচাপেও শপত গ্ৰহণ কৰিছিল। 

তেতিয়াই যেন বিৰোধী সমীকৰণটো কিছু সলনি হৈ পৰিছিল। এনে সময়তে বেণুগোপালে সোমবাৰে বিৰোধী মিত্ৰজোঁটৰ বৈঠকৰ দিন ঘোষণা কৰে৷ তেওঁ কয় যে  ১৭ আৰু ১৮ জুলাইত বাংগালুৰুত অনুষ্ঠিত হ'ব বিৰোধী মিত্ৰজোঁটৰ দ্বিতীয় খন বৈঠক। পাটনাৰ বৈঠকত উপস্থিত থকা সকলো ৰাজনৈতিক দলকে কংগ্ৰেছে  এই বৈঠকলৈ আমন্ত্ৰণ জনাইছে।অৱশ্যে পাটনাৰ বৈঠকত আপৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল উপস্থিত আছিল যদিও বাংগালুৰুত অনুষ্ঠিত হ’বলগীয়া বৈঠকত কেজৰিৱাল উপস্থিত থকাৰ সম্ভাৱনা তেনেই ক্ষীণ বুলি বহুতে মন্তব্য কৰিছে ৷ 



FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান