--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশৰ মাণ্ডী লোকসভা আসনত বিজেপি প্ৰাৰ্থী অভিনেত্ৰী কংগনা ৰানাৱতৰ বিজয়ক প্ৰত্যাহ্বান জনাই হিমাচল প্ৰদেশৰ উচ্চ ন্যায়ালয়ত এক গোচৰ ৰুজু কৰা হৈছে। এই আৱেদনৰ পিছতে বুধবাৰে হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ে কংগনাক জাননী জাৰি কৰে।

আবেদনকাৰী লায়ক্ৰম নেগীয়ে আদালতত কয় যে তেওঁ মণ্ডী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছে। কিন্তু ৰিটাৰ্ণিং অফিচাৰে তেওঁৰ মনোনয়ন অবৈধ বুলি ঘোষণা কৰে। এনে পৰিস্থিতিত তেওঁ মন্দি লোকসভা সমষ্টিৰ সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া বাতিল কৰিবলৈ দাবী জনায়।

হিমাচলৰ কিন্নৌৰ নিবাসী নেগী এজন প্ৰাক্তন চৰকাৰী কৰ্মচাৰী। এই ক্ষেত্ৰত মনোনয়ন পত্ৰৰ লগতে সংশ্লিষ্ট চৰকাৰী কাৰ্যালয়ৰ পৰা তেওঁৰ ‘কোনো বাবদ ধন নাই’ বুলি উল্লেখ কৰা প্ৰমাণ পত্ৰ বাধ্যতামূলক। নেগীয়ে সংবাদ সংস্থা পিটিআইক জনাইছে যে তেওঁ নিয়ম অনুসৰি জমা দিছিল। কিন্তু নেগীয়ে অভিযোগ কৰে যে এদিনৰ ভিতৰতে তেওঁক বিদ্যুৎ, পানী আৰু টেলিফোন বিভাগৰ পৰা ‘নো ডুজ’ প্ৰমাণপত্ৰ জমা দিবলৈ কোৱা হৈছিল। আৰু মনোনয়ন জমা দিবলৈ সময় নোহোৱাকৈ বাতিল কৰা হয়।

নেগীয়ে দাবী কৰে যে ১৪ মে’ত মনোনয়ন দাখিল কৰাৰ পিছত তেওঁ বাৰ্তা লাভ কৰি ১৫ মে’ত তৎক্ষণাত প্ৰয়োজনীয় সকলো নথি দাখিল কৰে। তেওঁৰ অভিযোগ সংশ্লিষ্ট ৰিটাৰ্নিং অফিচাৰে গ্ৰহণ নকৰিলে। প্ৰসংগক্ৰমে হিমাচলৰ কন্যা কংগনাক এইবাৰ মণ্ডী লোকসভাৰ আসনৰ পৰা বিজেপিয়ে মনোনীত কৰিছিল। তেওঁৰ মূল প্ৰতিদ্বন্দ্বী আছিল হিমাচলৰ ছবাৰৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী প্ৰয়াত বীৰভদ্ৰ সিঙৰ পুত্ৰ আৰু সেই ৰাজ্যৰ কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী বিক্ৰমাদিত্য। কংগনাই ৭৪৭৫৫টা ভোটত জয়লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু