--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ বিৰোধী গোট মহা বিকাশ আঘাদীৰ অন্তিমটো অক্ষত দল হিচাপে বৰ্তী আছে একমাত্ৰ কংগ্ৰেছ। ইতিমধ্যে শিৱসেনা আৰু শৰদ পাৱাৰৰ জাতীয়তাবাদী কংগ্ৰেছ দলৰ মাজত বিভাজন ঘটিছে। কিন্তুু মহাৰাষ্ট্ৰৰ কংগ্ৰেছৰ মাজতো বিভাজন ঘটিব বুলি বিজেপিৰ সূত্ৰই দাবী কৰিছে।

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী, কংগ্ৰেছৰ দুগৰাকী গুৰুত্বপূৰ্ণ নেতাই তেওঁলোকৰ সৈতে আলোচনাত মিলিত হৈছে আৰু কিছুদিনৰ পৰা আলোচনা চলি আছে আৰু এতিয়া উন্নত পৰ্যায়ত আছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

ইয়াৰ পূৰ্বে আজি মহাৰাষ্ট্ৰৰ বনমন্ত্ৰী সুধীৰ মুংগনতিৱাৰে দাবী কৰে- "কেৱল কংগ্ৰেছেই নহয়, এনে কেইবাজনো ব্যক্তিও আছে যিসকলে নিজৰ দলৰ প্ৰতি অসন্তুষ্ট কাৰণ তেওঁলোকৰ নেতাসকল স্বাৰ্থপৰতাৰে ভৰা। তেওঁলোকে জাতিৰ প্ৰগতিৰ পথত বাধাৰ সৃষ্টি কৰে আৰু তেওঁলোকে প্ৰধানমন্ত্ৰী মোডীক নিবিচাৰে -ঠিক চীন আৰু পাকিস্তানৰ দৰে।"

মহা বিকাশ আঘাদীত এতিয়ালৈকে অকলশৰীয়া হৈ থকা একমাত্ৰ দলটো ​​কংগ্ৰেছ নেকি বুলি সোধাত প্ৰাক্তন মুখ্যমন্ত্ৰী পৃথ্বীৰাজ চাভানে শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত দাবী কৰে যে ইয়াৰ পূৰ্বেও বিজেপিয়ে কংগ্ৰেছ ভাঙিবলৈ চেষ্টা কৰিছিল।

আজি পুৱা ৰাজ্য কংগ্ৰেছে এখন বৈঠক অনুষ্ঠিত কৰে। জ্যেষ্ঠ কংগ্ৰেছী নেতা অশোক চাভানে কয় যে, "আমি আজি এখন বৈঠক অনুষ্ঠিত কৰিলোঁ আৰু আমি শক্তিশালী আৰু ঐক্যবদ্ধভাৱে থিয় দিছো। আমি এমভিএত আছো"।

উল্লেখ্য যে যোৱা বছৰ একনাথ শিণ্ডেয়ে শিৱসেনা বিভাজন কৰি ৩৯ জন বিধায়কৰ সৈতে ৱাক আউট কৰিছিল। এন চি পিৰ অজিত পাৱাৰে দাবী কৰিছে যে দেওবাৰে মাত্ৰ ৯ জনেই শপত গ্ৰহণ কৰিলেও দলৰ ৫৩ জন বিধায়কৰ ভিতৰত ৪৩ জন বিধায়কৰ সমৰ্থন আছে। ২৮৮খন আসনৰ বিধানসভাত কংগ্ৰেছৰ সদস্যৰ সংখ্যা ৪৫ জন। শিৱসেনাৰ উদ্ধৱ থাকৰে ফৈদৰ ১৭ জন বিধায়ক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ