--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ বিৰোধী গোট মহা বিকাশ আঘাদীৰ অন্তিমটো অক্ষত দল হিচাপে বৰ্তী আছে একমাত্ৰ কংগ্ৰেছ। ইতিমধ্যে শিৱসেনা আৰু শৰদ পাৱাৰৰ জাতীয়তাবাদী কংগ্ৰেছ দলৰ মাজত বিভাজন ঘটিছে। কিন্তুু মহাৰাষ্ট্ৰৰ কংগ্ৰেছৰ মাজতো বিভাজন ঘটিব বুলি বিজেপিৰ সূত্ৰই দাবী কৰিছে।

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী, কংগ্ৰেছৰ দুগৰাকী গুৰুত্বপূৰ্ণ নেতাই তেওঁলোকৰ সৈতে আলোচনাত মিলিত হৈছে আৰু কিছুদিনৰ পৰা আলোচনা চলি আছে আৰু এতিয়া উন্নত পৰ্যায়ত আছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

ইয়াৰ পূৰ্বে আজি মহাৰাষ্ট্ৰৰ বনমন্ত্ৰী সুধীৰ মুংগনতিৱাৰে দাবী কৰে- "কেৱল কংগ্ৰেছেই নহয়, এনে কেইবাজনো ব্যক্তিও আছে যিসকলে নিজৰ দলৰ প্ৰতি অসন্তুষ্ট কাৰণ তেওঁলোকৰ নেতাসকল স্বাৰ্থপৰতাৰে ভৰা। তেওঁলোকে জাতিৰ প্ৰগতিৰ পথত বাধাৰ সৃষ্টি কৰে আৰু তেওঁলোকে প্ৰধানমন্ত্ৰী মোডীক নিবিচাৰে -ঠিক চীন আৰু পাকিস্তানৰ দৰে।"

মহা বিকাশ আঘাদীত এতিয়ালৈকে অকলশৰীয়া হৈ থকা একমাত্ৰ দলটো ​​কংগ্ৰেছ নেকি বুলি সোধাত প্ৰাক্তন মুখ্যমন্ত্ৰী পৃথ্বীৰাজ চাভানে শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত দাবী কৰে যে ইয়াৰ পূৰ্বেও বিজেপিয়ে কংগ্ৰেছ ভাঙিবলৈ চেষ্টা কৰিছিল।

আজি পুৱা ৰাজ্য কংগ্ৰেছে এখন বৈঠক অনুষ্ঠিত কৰে। জ্যেষ্ঠ কংগ্ৰেছী নেতা অশোক চাভানে কয় যে, "আমি আজি এখন বৈঠক অনুষ্ঠিত কৰিলোঁ আৰু আমি শক্তিশালী আৰু ঐক্যবদ্ধভাৱে থিয় দিছো। আমি এমভিএত আছো"।

উল্লেখ্য যে যোৱা বছৰ একনাথ শিণ্ডেয়ে শিৱসেনা বিভাজন কৰি ৩৯ জন বিধায়কৰ সৈতে ৱাক আউট কৰিছিল। এন চি পিৰ অজিত পাৱাৰে দাবী কৰিছে যে দেওবাৰে মাত্ৰ ৯ জনেই শপত গ্ৰহণ কৰিলেও দলৰ ৫৩ জন বিধায়কৰ ভিতৰত ৪৩ জন বিধায়কৰ সমৰ্থন আছে। ২৮৮খন আসনৰ বিধানসভাত কংগ্ৰেছৰ সদস্যৰ সংখ্যা ৪৫ জন। শিৱসেনাৰ উদ্ধৱ থাকৰে ফৈদৰ ১৭ জন বিধায়ক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান