--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ মন্তব্যৰ জৰিয়তে সংবাদ শিৰোনাম দখল কৰা মোহন ভাগৱতে পুনৰ এক তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰিছে৷ ‘সাধনা’ৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে মঙলবাৰে কয় যে নিৰপেক্ষ নিষ্ঠা, দৃঢ়তা, নিস্বাৰ্থ সেৱা আৰু ত্যাগৰ অবিহনে বিশ্বৰ নেতা হিচাপে আত্মপ্ৰকাশ কৰাটো সম্ভৱ নহয়।লগতে ভাগৱতে কয়, ‘সাধনা অবিহনে ভাৰত বিশ্বগুৰু হ’ব নোৱাৰে।

তেওঁ লগতে কয় যে ব্যক্তিৰ জীৱনলৈ পৰিৱৰ্তন অনাৰ কথাই হওক বা বিশ্বৰ নেতা হোৱাৰ সৰ্বোচ্চ লক্ষ্যত উপনীত হোৱাটোৱেই হওক, আমি আমাৰ প্ৰতিষ্ঠাপক আৰ এছ এছৰ নেতাসকলে নিৰ্ধাৰণ কৰা সঠিক পথত আগবাঢ়িব লাগিব।

২০০১ চনত গুজৰাটী ভাষাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজভৌ নেনেৰ সহ-লেখক লক্ষ্মণ ইনামদাৰৰ আত্মজীৱনী ‘সেতুবন্ধ আন’ শীৰ্ষক এখন গ্ৰন্থ প্ৰকাশ কৰাৰ পিছত ভাগৱতে ৱাই বি চাভান চেণ্টাৰত এক সভাত ভাষণ প্ৰদান কৰে।আৰু মঙলবাৰে ভাগৱতে এই গ্ৰন্থখনৰ মাৰাঠী সংস্কৰণ মুকলি কৰে,গ্ৰন্থখনৰ সংস্কৰণ যনাম –সেতুবন্ধ।

আৰ এছ এছৰ জ্যেষ্ঠ প্ৰান্ত প্ৰচাৰক লক্ষ্মণ ইনামদাৰৰ জীৱন আৰু সংগ্ৰাম সৰলতা আৰু আধ্যাত্মিকতাৰ এয়া এক উদাহৰণ বুলি আৰএছএছৰ মুৰব্বীগৰাকীয়ে দাবী কৰে। গুজৰাটত সোঁপন্থী সংগঠনটোক সুদৃঢ় ভেটি দিয়া লক্ষ্মণৰাওৰ অদম্য কামৰ বিষয়েও আৰএছএছৰ মুৰব্বীগৰাকীয়ে কয়।নাগপুৰস্থিত আৰএছএছৰ মুখ্য কাৰ্যালয়ত লক্ষ্মণৰাও ইনামদাৰৰ সৈতে ব্যক্তিগত সম্পর্ক স্মৰণ কৰি ভাগৱতে কয়, ‘তেওঁ নিজৰ দৈনন্দিন কাম-কাজৰ জৰিয়তে মহানতাৰ নিদৰ্শন দাঙি ধৰিলে . পেটৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ থকাৰ সময়তো তেওঁ জিৰণি লোৱা নাছিল আৰু অধিক উদ্যমেৰে নিজৰ কাম আগবঢ়াইছিল।”

ভাগৱতৰ মতে আৰ এছ এছে সদায় নীতি মানি চলাত বিশ্বাস কৰি আহিছে। তেওঁ লগতে কয়, “আৰ এছ এছে গাঁথনিগত কাঠামো আৰু নীতিৰ ভিতৰত কাম কৰে যিবোৰৰ লগত আপোচ কৰিব নোৱাৰি।”

জৰুৰীকালীন অৱস্থাত ডাইনামাইটৰ গোচৰ (য’ত ৰে’লপথ উৰুৱাই দিয়া হৈছিল)ৰ কথা উল্লেখ কৰি ভাগৱতে কয়, “লক্ষ্মণ ইনামদাৰে কেতিয়াও হিংসাক ন্যায্যতা দিয়া নাই। লগতে এইটোও এটা সত্য যে আৰ এছ এছে কেতিয়াও হিংসাক কোনো সাধনৰ মাধ্যম হিচাপে সমৰ্থন কৰা নাই।”








FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান