--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত সংঘটিত হৈছে মানৱতাক ভূলুণ্ঠিত কৰা এক ঘটনা৷ জানিব পৰা মতে, জিলাখনৰ এখন জনজাতীয় গাঁৱৰ এজন ব্যক্তিয়ে এম্বুলেঞ্চৰ খৰচ বহন কৰিব নোৱাৰি তেওঁৰ ছবছৰীয়া পুত্ৰৰ মৃতদেহ কঢ়িয়াই নিবলগীয়া হ’ল বাইকত৷ লোকজনে তেওঁৰ ছবছৰীয়া পুত্ৰক ২৪ জানুৱাৰীত চিকিৎসালয়লৈ লৈ আহিছিল। তীব্ৰ জ্বৰত আক্ৰান্ত হোৱা বাবে শিশুটোক ট্ৰাম্বকেশ্বৰৰ এখন ব্যক্তিগত ক্লিনিকত ভৰ্তি কৰোৱা হৈছিল, তাৰ পাছত চিকিৎসকে তেওঁক শিশুটোক চৰকাৰী চিকিৎসালয়লৈ লৈ যাবলৈ পৰামৰ্শ দিছিল। পাছত শিশুটোৰ পিতৃয়ে প্ৰথমে তেওঁক মোখাদা চৰকাৰী চিকিৎসালয়লৈ লৈ গৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁক জৱাহৰ গ্ৰামীণ চিকিৎসালয়লৈ লৈ গৈছিল। অৱশ্যে, এদিন পাছতে চিকিৎসাধীন সময়ত শিশুটোৰ মৃত্যু হয়। পাছত মৃত পুত্ৰক ঘৰলৈ নিবলৈ চিকিৎসালয়ত এম্বুলেন্সৰ ব্যৱস্থা কৰিবলৈ যথাসাধ্য চেষ্টা কৰিছিল পিতৃয়ে৷ কিন্তু, অসহায় পিতৃগৰাকীৰ ওচৰত টকা নাছিল বাবে তেওঁক কোনো বাহন দিয়া হোৱা নাছিল। অৱশেষত, বলপূৰ্বক দেউতাকে তেওঁৰ পুত্ৰৰ মৃতদেহ এখন বাইকত কঢ়িয়াই নিবলৈ সন্মত হ’ল। এই ঘটনা সংবাদমাধ্যমত ফাদিল হোৱাৰ পাছতেই উক্ত এম্বুলেন্সখনৰ দুজন চালকক নিলম্বন কৰা হৈছিল। পুত্ৰৰ মৃত্যুত ভাগি পৰা পিতৃয়ে তেওঁৰ ছবছৰীয়া পুত্ৰৰ মৃতদেহটো তেওঁৰ বাইকত বান্ধি নিশা ৪০ কিলোমিটাৰ দূৰত থকা তেওঁৰ ঘৰলৈ লৈ যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক