--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ষ্টেট বেংকে কালি এক নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি, তিনি মাহতকৈ অধিক গৰ্ভৱতী মহিলা কৰ্মচাৰীসকলক ‘অস্থায়ীভাৱে অযোগ্য’ বুলি গণ্য কৰা হ’ব। এনে এগৰাকী মহিলাই সন্তান প্ৰসৱৰ পাছত চাৰি মাহৰ ভিতৰত পুনৰ কাৰ্যালয়ত যোগদান কৰিব পাৰে। এছবিআইয়ে নতুন নিযুক্তি বা পদোন্নতিপ্ৰাপ্ত লোকসকলৰ বাবে শেহতীয়া চিকিৎসা ফিটনেছ নিৰ্দেশনাত কৈছে যে তিনি মাহৰ কম গৰ্ভৱতী এগৰাকী মহিলাক উপযুক্ত বুলি গণ্য কৰা হ’ব। ইয়াৰ পূৰ্বে ছয় মাহৰ গৰ্ভৱতী মহিলাসকলকো কেইবাটাও চৰ্তৰ সৈতে বেংকত কাম কৰিবলৈ অনুমতি দিয়া হৈছিল। অৱশ্যে, কৰ্মচাৰীগৰাকীয়ে প্ৰসূতি বিশেষজ্ঞ চিকিৎসকৰ পৰা প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব, যিয়ে নিশ্চিত কৰে যে সেই সময়ছোৱাত বেংকত কাম কৰিলে মহিলাগৰাকীৰ গৰ্ভধাৰণ বা ভ্ৰূণৰ স্বাভাৱিক বিকাশত কোনো সমস্যা নহ’ব। লগতে তেওঁৰ গৰ্ভপাত নহ’ব। এই নিয়মক লৈ অসন্তুষ্টি প্ৰকাশ কৰি দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে টুইট কৰি কয় যে, দেখা গৈছে যে ভাৰতীয় ষ্টেট বেংকে ৩ মাহতকৈ অধিক গৰ্ভৱতী মহিলাক সেৱাত যোগদান কৰাত বাধা দিবলৈ নিৰ্দেশনা জাৰি কৰিছে আৰু তেওঁলোকক ‘অস্থায়ীভাৱে অযোগ্য’ বুলি ঘোষণা কৰিছে। এয়া বেংক কৰ্তৃপক্ষৰ বৈষম্যমূলক আৰু অবৈধ সিদ্ধান্ত৷ কিয়নো, ই আইনৰ অধীনত প্ৰদান কৰা মাতৃত্বকালীন লাভালাভক প্ৰভাৱিত কৰিব পাৰে। আমি তেওঁলোকক এই মহিলা বিৰোধী নিয়ম প্ৰত্যাহাৰৰ দাবীত এখন জাননী জাৰি কৰিছোঁ। স্বাতী মালিৱালে টুইট কৰা এক জাননীত দিল্লী মহিলা আয়োগে (ডিচিডব্লিউ) কৈছে যে এছবিআইয়ে ৩১ ডিচেম্বৰৰ এক বিজ্ঞপ্তিত যথাযথ প্ৰক্ৰিয়াৰ জৰিয়তে নিৰ্বাচিত হোৱা স্বত্বেও তিনি মাহতকৈ অধিক গৰ্ভৱতী মহিলাসকলক কামত যোগদান কৰিবলৈ বাধা দিছে। ভাৰতীয় ষ্টেট বেংকে এতিয়ালৈকে বিষয়টোত কোনো সঁহাৰি দিয়া নাই। দিল্লী মহিলা আয়োগে এছবিআইক মঙলবাৰৰ ভিতৰত জাননীখনৰ সঁহাৰি দিবলৈ নিৰ্দেশ দিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক