--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ষ্টেট বেংকে কালি এক নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি, তিনি মাহতকৈ অধিক গৰ্ভৱতী মহিলা কৰ্মচাৰীসকলক ‘অস্থায়ীভাৱে অযোগ্য’ বুলি গণ্য কৰা হ’ব। এনে এগৰাকী মহিলাই সন্তান প্ৰসৱৰ পাছত চাৰি মাহৰ ভিতৰত পুনৰ কাৰ্যালয়ত যোগদান কৰিব পাৰে। এছবিআইয়ে নতুন নিযুক্তি বা পদোন্নতিপ্ৰাপ্ত লোকসকলৰ বাবে শেহতীয়া চিকিৎসা ফিটনেছ নিৰ্দেশনাত কৈছে যে তিনি মাহৰ কম গৰ্ভৱতী এগৰাকী মহিলাক উপযুক্ত বুলি গণ্য কৰা হ’ব। ইয়াৰ পূৰ্বে ছয় মাহৰ গৰ্ভৱতী মহিলাসকলকো কেইবাটাও চৰ্তৰ সৈতে বেংকত কাম কৰিবলৈ অনুমতি দিয়া হৈছিল। অৱশ্যে, কৰ্মচাৰীগৰাকীয়ে প্ৰসূতি বিশেষজ্ঞ চিকিৎসকৰ পৰা প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব, যিয়ে নিশ্চিত কৰে যে সেই সময়ছোৱাত বেংকত কাম কৰিলে মহিলাগৰাকীৰ গৰ্ভধাৰণ বা ভ্ৰূণৰ স্বাভাৱিক বিকাশত কোনো সমস্যা নহ’ব। লগতে তেওঁৰ গৰ্ভপাত নহ’ব। এই নিয়মক লৈ অসন্তুষ্টি প্ৰকাশ কৰি দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে টুইট কৰি কয় যে, দেখা গৈছে যে ভাৰতীয় ষ্টেট বেংকে ৩ মাহতকৈ অধিক গৰ্ভৱতী মহিলাক সেৱাত যোগদান কৰাত বাধা দিবলৈ নিৰ্দেশনা জাৰি কৰিছে আৰু তেওঁলোকক ‘অস্থায়ীভাৱে অযোগ্য’ বুলি ঘোষণা কৰিছে। এয়া বেংক কৰ্তৃপক্ষৰ বৈষম্যমূলক আৰু অবৈধ সিদ্ধান্ত৷ কিয়নো, ই আইনৰ অধীনত প্ৰদান কৰা মাতৃত্বকালীন লাভালাভক প্ৰভাৱিত কৰিব পাৰে। আমি তেওঁলোকক এই মহিলা বিৰোধী নিয়ম প্ৰত্যাহাৰৰ দাবীত এখন জাননী জাৰি কৰিছোঁ। স্বাতী মালিৱালে টুইট কৰা এক জাননীত দিল্লী মহিলা আয়োগে (ডিচিডব্লিউ) কৈছে যে এছবিআইয়ে ৩১ ডিচেম্বৰৰ এক বিজ্ঞপ্তিত যথাযথ প্ৰক্ৰিয়াৰ জৰিয়তে নিৰ্বাচিত হোৱা স্বত্বেও তিনি মাহতকৈ অধিক গৰ্ভৱতী মহিলাসকলক কামত যোগদান কৰিবলৈ বাধা দিছে। ভাৰতীয় ষ্টেট বেংকে এতিয়ালৈকে বিষয়টোত কোনো সঁহাৰি দিয়া নাই। দিল্লী মহিলা আয়োগে এছবিআইক মঙলবাৰৰ ভিতৰত জাননীখনৰ সঁহাৰি দিবলৈ নিৰ্দেশ দিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র