--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিব্বতীয় ধৰ্মগুৰু দালাই লামাৰ আজি ৮৮  সংখ্যক জন্মদিন। চতুৰ্দশ দালাই লামা  টেনজিন গিয়াটচোৰ জন্ম হৈছিল ১৯৩৫ চনৰ ৬ জুলাইত উত্তৰ-পূব তিব্বতৰ আমডোৰ টাকটচাৰৰ এটা কৃষক পৰিয়ালত । হামো ধণ্ডুপ হিচাপে জন্ম গ্ৰহণ কৰা দালাই লামাই  ত্ৰয়োদশ দালাই লামা থুবেন গিয়াটচোৰ পুনৰ্জন্ম হিচাপে স্বীকৃতি লাভ কৰে। 

কিন্তু চীনৰ অত্যাচাৰৰ বাবেই দালাই লামাই তিব্বত ত্যাগ কৰি ভাৰতলৈ পলাই আহিবলগীয়া হৈছিল। বৌদ্ধসকলৰ আধ্যাত্মিক নেতা দালাই লামাই ১৯৫৯ চনত তিব্বতত চীনা আক্ৰমণৰ সন্মুখীন হৈ স্বদেশ এৰি ভাৰতলৈ পলাই আহিছিল। যিসকলে নাটকীয় ঘটনাটো বিশ্বক জনাইছিল – সেই সাংবাদিকসকলৰ মাজৰে এজন আছিল ৰয়টাৰৰ সাংবাদিক ।  মাৰ্চ, ১৯৫৯। লাছাত চীনা সৈন্যৰ চকুত ধূলি মাৰি দালাই লামাই পাঁচ দিন ধৰি  পাহাৰীয়া পথেৰে খোজকাঢ়ি  অৱশেষত ভাৰতত উপস্থিত হৈছিল। চীনা সৈন্যসকলে তেওঁৰ সন্ধানত তিব্বতৰ পাহাৰীয়া অঞ্চলবোৰত অনুসন্ধান চলাই আছিল যদিও দালাই লামাই সুকলমে ভাৰতত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল। 


ৰয়টাৰ সংবাদ সংস্থাই প্ৰথমে প্ৰতিবেদন দিছিল যে দালাই লামা ভাৰতলৈ ৰাওনা হৈছিল। পিটাৰ জেকচন সেই সময়ত দিল্লীত ৰয়টাৰৰ সংবাদদাতা আছিল।পিটাৰ জেকচনে কয়"মই এখন বিমান ভাড়ালৈ লৈ তেজপুৰলৈ গৈছিলো।তেজপুৰ দিল্লীৰ পৰা প্ৰায় ১,০০০ মাইল দূৰত্বত অৱস্থিত ," - "মই তাত উপস্থিত হোৱাৰ পিছতে  খবৰ পাইছিলো যে দালাই লামা পাহাৰৰ  পৰা খোজকাঢ়ি নামি আহিছে। যেতিয়া তেওঁ আহি আমাক দেখিলে, তেওঁ হাত দাঙি সকলোৰে ফালে চাই হাঁহিলে। এয়া এটা অতি আৱেগিক দৃশ্য আছিল। "তিব্বতী পোছাক পিন্ধা দালাই লামাক  চাবলৈ সাংবাদিক আৰু ফটোগ্ৰাফাৰৰ এটা দলে তাত অপেক্ষা কৰিছিল। এজন কেমেৰামেন আছিল প্ৰেম প্ৰকাশ।

প্ৰেম প্ৰকাশে কয় "মই কেমেৰাৰ পিছফালে আছিলো, ভিউফাইণ্ডাৰৰ ওপৰত মোৰ চকু আছিল। দৃশ্যটো এতিয়াও মোৰ চকুত ভাঁহি আছে। মই দালাই লামাৰ দেহত  এক স্বৰ্গীয় আভা  দেখিবলৈ পাইছিলো। তেওঁ খুব শান্ত আছিল আৰু তেওঁৰ হাঁহি থকা মুখখন দেখি মনটো ভৰি পৰিছিল "।ভাৰতত উপস্থিত হোৱাৰ দিনা তেওঁৰ সৈতে তেওঁৰ মাক, তেওঁৰ ডাঙৰ ভগ্নী আৰু সৰু ভায়েক টেনজিন চোগিয়ালো আছিল। লক্ষ্যণীয় কথাটো হ’ল  দালাই লামাক ভাৰতলৈ সুৰক্ষা দি অনা সৈনিকগৰাকী আছিল  অসমৰ নৰেন চন্দ্ৰ দাস। ২০১৮ বৰ্ষত দাসক  ধৰমশালাত উষ্ম আদৰণি জনোৱা হৈছিল।১৯৫৯ চনত যেতিয়া দালাই লামাক ভাৰতলৈ আগুৱাই অনাৰ সময়ত   দাস ভাৰতীয় সেনাৰ এগৰাকী জোৱান আছিল। সেইসময়ত দালাই লামাৰ বয়স আছিল ২২ বছৰ আৰু দাস আছিল ২৩ বছৰীয়া  ডেকা।

পাহাৰ বগাই ভাৰতলৈ অহা তিব্বতী আধ্যাত্মিক গুৰু দালাই লামাক ভাৰতলৈ  সুৰক্ষিতভাৱে পহৰা আনিছিল নৰেন চন্দ্ৰ দাসে। ১৯৫৯ চনৰ ৩১ মাৰ্চত টাৱাঙত দালাই লামাৰ লগ লাগিছিল আন ছয়গৰাকী আছাম ৰাইফলছৰ জোৱানে।দালাই লামাই ১৯৫৯ চনৰ ৩১ মাৰ্চত  চুথাঙমোৰ পৰা অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিছিল। অসমৰ শোণিতপুৰ জিলাৰ বাসিন্দা দাস সেই সময়ত  দালাই লামাক সুৰক্ষা দি অনা আছাম ৰাইফলছৰ সাতজনীয়া দলটোৰ সদস্য আছিল।তিব্তৰ পৰা পলাই অহা দালাই লামাক ভাৰতে আদৰি লৈছিল আৰু ধৰমশালাত তেওঁক থকাৰ ব্যৱস্থা কৰি দিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান