--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিব্বতীয় ধৰ্মগুৰু দালাই লামাৰ আজি ৮৮  সংখ্যক জন্মদিন। চতুৰ্দশ দালাই লামা  টেনজিন গিয়াটচোৰ জন্ম হৈছিল ১৯৩৫ চনৰ ৬ জুলাইত উত্তৰ-পূব তিব্বতৰ আমডোৰ টাকটচাৰৰ এটা কৃষক পৰিয়ালত । হামো ধণ্ডুপ হিচাপে জন্ম গ্ৰহণ কৰা দালাই লামাই  ত্ৰয়োদশ দালাই লামা থুবেন গিয়াটচোৰ পুনৰ্জন্ম হিচাপে স্বীকৃতি লাভ কৰে। 

কিন্তু চীনৰ অত্যাচাৰৰ বাবেই দালাই লামাই তিব্বত ত্যাগ কৰি ভাৰতলৈ পলাই আহিবলগীয়া হৈছিল। বৌদ্ধসকলৰ আধ্যাত্মিক নেতা দালাই লামাই ১৯৫৯ চনত তিব্বতত চীনা আক্ৰমণৰ সন্মুখীন হৈ স্বদেশ এৰি ভাৰতলৈ পলাই আহিছিল। যিসকলে নাটকীয় ঘটনাটো বিশ্বক জনাইছিল – সেই সাংবাদিকসকলৰ মাজৰে এজন আছিল ৰয়টাৰৰ সাংবাদিক ।  মাৰ্চ, ১৯৫৯। লাছাত চীনা সৈন্যৰ চকুত ধূলি মাৰি দালাই লামাই পাঁচ দিন ধৰি  পাহাৰীয়া পথেৰে খোজকাঢ়ি  অৱশেষত ভাৰতত উপস্থিত হৈছিল। চীনা সৈন্যসকলে তেওঁৰ সন্ধানত তিব্বতৰ পাহাৰীয়া অঞ্চলবোৰত অনুসন্ধান চলাই আছিল যদিও দালাই লামাই সুকলমে ভাৰতত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল। 


ৰয়টাৰ সংবাদ সংস্থাই প্ৰথমে প্ৰতিবেদন দিছিল যে দালাই লামা ভাৰতলৈ ৰাওনা হৈছিল। পিটাৰ জেকচন সেই সময়ত দিল্লীত ৰয়টাৰৰ সংবাদদাতা আছিল।পিটাৰ জেকচনে কয়"মই এখন বিমান ভাড়ালৈ লৈ তেজপুৰলৈ গৈছিলো।তেজপুৰ দিল্লীৰ পৰা প্ৰায় ১,০০০ মাইল দূৰত্বত অৱস্থিত ," - "মই তাত উপস্থিত হোৱাৰ পিছতে  খবৰ পাইছিলো যে দালাই লামা পাহাৰৰ  পৰা খোজকাঢ়ি নামি আহিছে। যেতিয়া তেওঁ আহি আমাক দেখিলে, তেওঁ হাত দাঙি সকলোৰে ফালে চাই হাঁহিলে। এয়া এটা অতি আৱেগিক দৃশ্য আছিল। "তিব্বতী পোছাক পিন্ধা দালাই লামাক  চাবলৈ সাংবাদিক আৰু ফটোগ্ৰাফাৰৰ এটা দলে তাত অপেক্ষা কৰিছিল। এজন কেমেৰামেন আছিল প্ৰেম প্ৰকাশ।

প্ৰেম প্ৰকাশে কয় "মই কেমেৰাৰ পিছফালে আছিলো, ভিউফাইণ্ডাৰৰ ওপৰত মোৰ চকু আছিল। দৃশ্যটো এতিয়াও মোৰ চকুত ভাঁহি আছে। মই দালাই লামাৰ দেহত  এক স্বৰ্গীয় আভা  দেখিবলৈ পাইছিলো। তেওঁ খুব শান্ত আছিল আৰু তেওঁৰ হাঁহি থকা মুখখন দেখি মনটো ভৰি পৰিছিল "।ভাৰতত উপস্থিত হোৱাৰ দিনা তেওঁৰ সৈতে তেওঁৰ মাক, তেওঁৰ ডাঙৰ ভগ্নী আৰু সৰু ভায়েক টেনজিন চোগিয়ালো আছিল। লক্ষ্যণীয় কথাটো হ’ল  দালাই লামাক ভাৰতলৈ সুৰক্ষা দি অনা সৈনিকগৰাকী আছিল  অসমৰ নৰেন চন্দ্ৰ দাস। ২০১৮ বৰ্ষত দাসক  ধৰমশালাত উষ্ম আদৰণি জনোৱা হৈছিল।১৯৫৯ চনত যেতিয়া দালাই লামাক ভাৰতলৈ আগুৱাই অনাৰ সময়ত   দাস ভাৰতীয় সেনাৰ এগৰাকী জোৱান আছিল। সেইসময়ত দালাই লামাৰ বয়স আছিল ২২ বছৰ আৰু দাস আছিল ২৩ বছৰীয়া  ডেকা।

পাহাৰ বগাই ভাৰতলৈ অহা তিব্বতী আধ্যাত্মিক গুৰু দালাই লামাক ভাৰতলৈ  সুৰক্ষিতভাৱে পহৰা আনিছিল নৰেন চন্দ্ৰ দাসে। ১৯৫৯ চনৰ ৩১ মাৰ্চত টাৱাঙত দালাই লামাৰ লগ লাগিছিল আন ছয়গৰাকী আছাম ৰাইফলছৰ জোৱানে।দালাই লামাই ১৯৫৯ চনৰ ৩১ মাৰ্চত  চুথাঙমোৰ পৰা অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিছিল। অসমৰ শোণিতপুৰ জিলাৰ বাসিন্দা দাস সেই সময়ত  দালাই লামাক সুৰক্ষা দি অনা আছাম ৰাইফলছৰ সাতজনীয়া দলটোৰ সদস্য আছিল।তিব্তৰ পৰা পলাই অহা দালাই লামাক ভাৰতে আদৰি লৈছিল আৰু ধৰমশালাত তেওঁক থকাৰ ব্যৱস্থা কৰি দিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ