--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বৰ্তমান বিজ্ঞান-প্ৰযুক্তিৰ যুগ৷ আমাৰ হাততে যেন সমগ্ৰ পৃথিৱীখন আছে, ছুইচ টিপিলেই আমি সমগ্ৰ পৃথিৱীখন দেখা পাওঁ৷ বিজ্ঞানৰ এই জয়জয়- ময়ময় পোহৰময় পৃথিৱীখনৰ ছাঁ আমি সকলোৱে লাভ কৰিবলৈ সক্ষম হৈছো৷ বিজ্ঞানে এনেকুৱা এখন পৃথিৱী গঢ় দিলে, যিখন পৃথিৱীত অসম্ভৱ বুলি একোৱেই নাই যেন বিজ্ঞানৰ বলত সকলোৱে সম্ভৱ৷ বিজ্ঞানীসকলেও দৈনন্দিন কেৱল ন-ন বস্তু উদ্ভাৱনৰ দৌৰতে আছে৷


শেহতীয়াকৈ আমেৰিকাৰ এজন আন্তৰাষ্ট্ৰীয় ব্যৱসায়ীয়ে এক অদ্ভুত মন্তব্য কৰিছে, তেওঁ কৰা এই মন্তব্য এতিয়া বিশ্ববাসীৰ বাবে যেন এক হাস্যকৰ হৈ পৰিছে৷ তেওঁৰ নাম জেফ বেজোছ৷ তেওঁ হৈছে এমাজন অনলাইন শ্বপিংৰ প্ৰতিষ্ঠাপক৷ তেওঁ ভৱিষ্যতবাণী কৰিছে যে, আগন্তুক কেইদিনমানৰ পাছত মানুহে হয়তো মহাকাশত থাকিব লাগিব৷ কিয়নো দিনক-দিনে পৃথিৱীৰ জনসংখ্যা ইমানেই বৃদ্ধি পাইছে যে, পৃথিৱীত থাকিবলৈ মানুহৰ ঠাই নোহোৱা হ’ব৷

ফটোত ভৱিষ্যতবাণী কৰা জেফ বেজোছ

লগতে তেওঁ ক’য় যে মহাকাশত মানুহে সন্তান পৰ্যন্ত জন্ম দিব পাৰিব আৰু মন গলেই তেওঁলোকৰ সন্তানক পৃথিৱীলৈ ফুৰাব আনিব পাৰিব৷ জেফে ৱাশ্বিংটন ডিচিৰ এটা অনুষ্ঠানত উপস্থিত হৈছিল আৰু তাতেই তেওঁ ভৱিষ্যতবাণী এই আজৱ ভৱিষ্যতবাণী কৰিছিল৷

তেওঁ ইমান আত্মবিশ্বাসী যে, খুব কম দিনৰ ভিতৰতে মানুহ মহাকাশত বসবাসৰ উপযোগী হৈ উঠিব লগতে তেওঁ ক’য় যে অন্য কোনো গ্ৰহত মানুহে জীৱন-যাপন কৰিবলৈ সম্ভন হৈ উঠা নাই, গতিকে মানুহে মহাকাশত বসবাস কৰাৰ বাদে বেলেগ বিকল্প নাই আৰু মহাকাশত তেওঁ বতাহ, বৰষুণ আৰু ধুমুহা নোহোৱাৰো আশংকা কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ