--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বৰ্তমান বিজ্ঞান-প্ৰযুক্তিৰ যুগ৷ আমাৰ হাততে যেন সমগ্ৰ পৃথিৱীখন আছে, ছুইচ টিপিলেই আমি সমগ্ৰ পৃথিৱীখন দেখা পাওঁ৷ বিজ্ঞানৰ এই জয়জয়- ময়ময় পোহৰময় পৃথিৱীখনৰ ছাঁ আমি সকলোৱে লাভ কৰিবলৈ সক্ষম হৈছো৷ বিজ্ঞানে এনেকুৱা এখন পৃথিৱী গঢ় দিলে, যিখন পৃথিৱীত অসম্ভৱ বুলি একোৱেই নাই যেন বিজ্ঞানৰ বলত সকলোৱে সম্ভৱ৷ বিজ্ঞানীসকলেও দৈনন্দিন কেৱল ন-ন বস্তু উদ্ভাৱনৰ দৌৰতে আছে৷


শেহতীয়াকৈ আমেৰিকাৰ এজন আন্তৰাষ্ট্ৰীয় ব্যৱসায়ীয়ে এক অদ্ভুত মন্তব্য কৰিছে, তেওঁ কৰা এই মন্তব্য এতিয়া বিশ্ববাসীৰ বাবে যেন এক হাস্যকৰ হৈ পৰিছে৷ তেওঁৰ নাম জেফ বেজোছ৷ তেওঁ হৈছে এমাজন অনলাইন শ্বপিংৰ প্ৰতিষ্ঠাপক৷ তেওঁ ভৱিষ্যতবাণী কৰিছে যে, আগন্তুক কেইদিনমানৰ পাছত মানুহে হয়তো মহাকাশত থাকিব লাগিব৷ কিয়নো দিনক-দিনে পৃথিৱীৰ জনসংখ্যা ইমানেই বৃদ্ধি পাইছে যে, পৃথিৱীত থাকিবলৈ মানুহৰ ঠাই নোহোৱা হ’ব৷

ফটোত ভৱিষ্যতবাণী কৰা জেফ বেজোছ

লগতে তেওঁ ক’য় যে মহাকাশত মানুহে সন্তান পৰ্যন্ত জন্ম দিব পাৰিব আৰু মন গলেই তেওঁলোকৰ সন্তানক পৃথিৱীলৈ ফুৰাব আনিব পাৰিব৷ জেফে ৱাশ্বিংটন ডিচিৰ এটা অনুষ্ঠানত উপস্থিত হৈছিল আৰু তাতেই তেওঁ ভৱিষ্যতবাণী এই আজৱ ভৱিষ্যতবাণী কৰিছিল৷

তেওঁ ইমান আত্মবিশ্বাসী যে, খুব কম দিনৰ ভিতৰতে মানুহ মহাকাশত বসবাসৰ উপযোগী হৈ উঠিব লগতে তেওঁ ক’য় যে অন্য কোনো গ্ৰহত মানুহে জীৱন-যাপন কৰিবলৈ সম্ভন হৈ উঠা নাই, গতিকে মানুহে মহাকাশত বসবাস কৰাৰ বাদে বেলেগ বিকল্প নাই আৰু মহাকাশত তেওঁ বতাহ, বৰষুণ আৰু ধুমুহা নোহোৱাৰো আশংকা কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ