--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘অফিচতো কাম কৰিম, ঘৰত আহিও সেই অফিচৰ কাম মুঠতে নোৱাৰা হৈছোঁ আৰু মই…’ কোম্পানীৰ চাকৰিত কৰা লোকসকলে সন্মুখীন হোৱা এয়া এক গতানুগতিক সমস্য৷ অফিচত পুৱা ৯বজাৰ পৰা সন্ধিয়া ৫ বজালৈ অবিৰতভাৱে কৰ্মচাৰীসকলে কাম কৰিব লগা হয়৷

বৰ্তমান বহুজাতিক কোম্পানীসমূহে এটা নিয়ম বান্ধি দিছে যে, অফিচ শেষ হোৱাৰ পাছতো আপুনি ঘৰতো প্ৰয়োজন সাপেক্ষে অফিচৰ কিছু কাম কৰিব লগা হ’ব পাৰে৷ এই কামটো যে শতকৰা ৯৯% বাবেই হৈ পৰে একেবাৰে মূৰৰ কামোৰণি সদৃশ৷ কিয়নো অফিচত ৮-৯ ঘণ্টা কাম কৰাৰ পাছত কোনো মানুহে আকৌ ঘৰত গৈ কাম কৰিবলৈ মানসিকভাৱে একেবাৰে প্ৰস্তুত নহয়৷

শেহতীয়াকৈ, এই সমস্যৰ পৰা নাগৰিকক মুক্তি দিবলৈ পৰ্তুগীজ চৰকাৰে গ্ৰহণ কৰিছে এক নতুন পদক্ষেপ৷ চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে যে, কৰ্মচাৰীসকলক তেওঁলোকৰ অফিচৰ সময়ৰ বাদে আন কোনো সময়তে অফিচৰ যিকোনো কাম লৈ ফ’ন, মেছেজ কৰিব নোৱাৰিব৷ কৰ্মচাৰীসকলে তাতোধিক কামৰ বোজা লোৱাৰ ফলত মানসিক সন্তুলন হেৰুওৱাৰ বাবে পৰ্তুগীজ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই আইনখন পৰ্তুগীজ সংসদত ইতিমধ্যে গৃহীত হৈছে আৰু আইনখনলৈ বিৰোধী পক্ষইও পূৰ্ণ সমৰ্থন আগবঢ়াইছে৷

আইনখন ইমানেই কঠোৰভাৱে প্ৰণয়ন কৰিছে যে, যদি অফিচৰ কোনো মুৰব্বীয়ে যদি এই আইনখন ভংগ কৰে তেতিয়া আইন উলংঘনকাৰীৰ বিৰুদ্ধে মানুহে পুলিচৰ কাষ চাপিব পাৰে আৰু তেওঁৰ কাৰাবাসৰ শাস্তি পৰ্যন্ত হ’ব পাৰে৷ আইনখনত লগতে এইটো কোৱা হৈছে যে, যিসকল কৰ্মচাৰীৰ তেওঁলোকৰ সন্তানৰ বয়স ৪ বছৰ হোৱা নাই, সেইসকলে অফিচৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ আগতীয়া অনুমতি নোহোৱাকৈ ছুটী ল’ব পাৰিব৷ পৰ্তুগালৰ শ্ৰমমন্ত্ৰী আনা মেণ্ডেছে কয় যে, কৰ্মচাৰীসকলৰ বাবে গ্ৰহণ কৰা এই আইনখন নিশ্চিতভাৱে ফলদায়ক হ’ব আৰু কৰ্মচাৰীসকলে ইয়াৰ জৰিয়তে যথেষ্ট মানসিক শান্তি লাভ কৰিব৷ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, পৰ্তুগীজ চৰকাৰে গ্ৰহণ কৰা এই আইনখন অনাগত দিনত বিশ্বৰ সকলো ৰাষ্ট্ৰৰ বাবে হ’ব অনুকৰণীয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ