--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘অফিচতো কাম কৰিম, ঘৰত আহিও সেই অফিচৰ কাম মুঠতে নোৱাৰা হৈছোঁ আৰু মই…’ কোম্পানীৰ চাকৰিত কৰা লোকসকলে সন্মুখীন হোৱা এয়া এক গতানুগতিক সমস্য৷ অফিচত পুৱা ৯বজাৰ পৰা সন্ধিয়া ৫ বজালৈ অবিৰতভাৱে কৰ্মচাৰীসকলে কাম কৰিব লগা হয়৷

বৰ্তমান বহুজাতিক কোম্পানীসমূহে এটা নিয়ম বান্ধি দিছে যে, অফিচ শেষ হোৱাৰ পাছতো আপুনি ঘৰতো প্ৰয়োজন সাপেক্ষে অফিচৰ কিছু কাম কৰিব লগা হ’ব পাৰে৷ এই কামটো যে শতকৰা ৯৯% বাবেই হৈ পৰে একেবাৰে মূৰৰ কামোৰণি সদৃশ৷ কিয়নো অফিচত ৮-৯ ঘণ্টা কাম কৰাৰ পাছত কোনো মানুহে আকৌ ঘৰত গৈ কাম কৰিবলৈ মানসিকভাৱে একেবাৰে প্ৰস্তুত নহয়৷

শেহতীয়াকৈ, এই সমস্যৰ পৰা নাগৰিকক মুক্তি দিবলৈ পৰ্তুগীজ চৰকাৰে গ্ৰহণ কৰিছে এক নতুন পদক্ষেপ৷ চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে যে, কৰ্মচাৰীসকলক তেওঁলোকৰ অফিচৰ সময়ৰ বাদে আন কোনো সময়তে অফিচৰ যিকোনো কাম লৈ ফ’ন, মেছেজ কৰিব নোৱাৰিব৷ কৰ্মচাৰীসকলে তাতোধিক কামৰ বোজা লোৱাৰ ফলত মানসিক সন্তুলন হেৰুওৱাৰ বাবে পৰ্তুগীজ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই আইনখন পৰ্তুগীজ সংসদত ইতিমধ্যে গৃহীত হৈছে আৰু আইনখনলৈ বিৰোধী পক্ষইও পূৰ্ণ সমৰ্থন আগবঢ়াইছে৷

আইনখন ইমানেই কঠোৰভাৱে প্ৰণয়ন কৰিছে যে, যদি অফিচৰ কোনো মুৰব্বীয়ে যদি এই আইনখন ভংগ কৰে তেতিয়া আইন উলংঘনকাৰীৰ বিৰুদ্ধে মানুহে পুলিচৰ কাষ চাপিব পাৰে আৰু তেওঁৰ কাৰাবাসৰ শাস্তি পৰ্যন্ত হ’ব পাৰে৷ আইনখনত লগতে এইটো কোৱা হৈছে যে, যিসকল কৰ্মচাৰীৰ তেওঁলোকৰ সন্তানৰ বয়স ৪ বছৰ হোৱা নাই, সেইসকলে অফিচৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ আগতীয়া অনুমতি নোহোৱাকৈ ছুটী ল’ব পাৰিব৷ পৰ্তুগালৰ শ্ৰমমন্ত্ৰী আনা মেণ্ডেছে কয় যে, কৰ্মচাৰীসকলৰ বাবে গ্ৰহণ কৰা এই আইনখন নিশ্চিতভাৱে ফলদায়ক হ’ব আৰু কৰ্মচাৰীসকলে ইয়াৰ জৰিয়তে যথেষ্ট মানসিক শান্তি লাভ কৰিব৷ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, পৰ্তুগীজ চৰকাৰে গ্ৰহণ কৰা এই আইনখন অনাগত দিনত বিশ্বৰ সকলো ৰাষ্ট্ৰৰ বাবে হ’ব অনুকৰণীয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু