--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মাজে-সময়ে ভয়াৱহ বিমান দুৰ্ঘটনাই সংবাদ শিৰোনাম দখল কৰা দেখা যায়৷ দুখজনক কথাটো হৈছে আধুনিক পৰিবহন ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংগ বিমান দুৰ্ঘটনাই সৃষ্টি কৰি আহিছে গভীৰ কাৰুণ্য। বেছিভাগ ক্ষেত্ৰতে এনে দুৰ্ঘটনাই বিমানযাত্ৰীৰ প্ৰাণ কাঢ়ি লোৱাৰ বিপৰীতে কেতিয়াবা চমৎকাৰো নঘটা নহয়। তেনে এক চমৎকাৰিত্বৰেই দুৰ্ঘটনাৰ পাছতো বিমানযাত্ৰীৰ জীৱন ৰক্ষা পৰাৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে।


শেহতীয়াকৈ অষ্ট্ৰেলিয়াত সংঘটিত হোৱা এটা বিমান দুৰ্ঘটনাই পুনৰ দখল কৰিছে সংবাদ শিৰোনাম৷ খবৰ অনুসৰি, ঘটনাটো সংঘটিত হৈছে অষ্ট্ৰেলিয়াত আৰু শনিবাৰে দুপৰীয়া ৩.৩০ বজাত সংঘটিত হৈছিল ঘটনাটো৷ বিমানখন একেবাৰে সাগৰৰ মাজভাগত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছতো সৌভাগ্যক্ৰমে জীৱন ৰক্ষা পৰে আটাইকেইজন যাত্ৰীৰ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছত বিমানখনত থকা ইমাৰ্জেঞ্চি এগজিটৰ দুৱাৰেদি যাত্ৰীসহ পাইলটজন জঁপিয়াই পৰে সাগৰত আৰু সাঁতুৰি-সাঁতুৰি তেওঁলোক পাৰলৈ উঠি আহে৷ বিমানখনত পাইলটসহ মুঠ ৫ জন যাত্ৰী আছিল৷ সমগ্ৰ ঘটনাটো অষ্ট্ৰেলিয়াৰ পাৰ্থ সাগৰত সংঘটিত হৈছিল আৰু ভালেমান প্ৰত্যেক্ষদৰ্শী ঘটনাটোৰ সৈতে সাক্ষী হৈ আছে৷ ঘটনাটো বিমানৰ ইঞ্জিন বিকল হোৱাৰ ফলত সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ