--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুত্ৰ সুৰংগৰ ভিতৰত আবদ্ধ হৈ আছে। খবৰটো পোৱাৰ পিছৰে পৰা পুত্ৰৰ চিন্তাতে উজাগৰী নিশা কটাইছিল এগৰাকী পিতৃয়ে। কিন্তু শেষ মুহূৰ্তত পুত্ৰৰে দেখা নহ’ল পিতৃৰ।  ১৭ দিনৰ পিছত উত্তৰকাশীৰ সুৰংগৰ পৰা ৪১  জন আৱদ্ধ শ্ৰমিকক উদ্ধাৰ কৰা হৈছিল। আবদ্ধ শ্ৰমিকৰ পৰিয়ালৰ সদস্যসকলে তেওঁলোকৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল। কিন্তু এজন শ্ৰমিকৰ পিতৃয়ে  তেওঁৰ পুত্ৰক দেখা পোৱাৰ আগতেই শেষ নিশ্বাস ত্যাগ কৰিলে। 

পুত্ৰৰ  বাবে অত্যাধিক চিন্তা কৰি থকাৰ ফলতে লোকজনৰ মৃত্যু ঘটা বুলি পৰিয়ালৰ লোকে প্ৰকাশ কৰিছে।  মৃতব্যক্তিজনৰ নাম  বাছেট ওৰফে বৰচা মুৰ্মু । ঝাৰখণ্ডৰ পূব সিংভূম জিলাৰ বাহাদা গাঁৱৰ বাসিন্দা আছিল তেওঁ। তেওঁ উত্তৰকাশীৰ চিল্কিয়াৰা সুৰংগত আৱদ্ধ শ্ৰমিক ১৮  বছৰীয়া বাকটুৰ পিতৃ। মঙলবাৰে পুৱা প্ৰায় ৮ বজাত বাছেটৰ মৃত্যু হয়। পৰিয়ালৰ মতে, বাছেট তেওঁৰ পুত্ৰক লৈ যথেষ্ট চিন্তিত আছিল। তেওঁ তেওঁৰ পুত্ৰৰ স্বাস্থ্যৰ বিষয়ে দিনে-ৰাতি ভাবি আছিল। তেওঁ ভাল খবৰৰ  বাবে অপেক্ষা কৰি আছিল । কিন্তু ভাল খবৰটো পোৱাৰ পূৰ্বেই পুত্ৰৰ চিন্তাত বাছেটৰ মৃত্যু ঘটে। 

মৃত্যুৰ পূৰ্বে লোকজনে  পৰিয়ালৰ সৈতে পুত্ৰৰ বিষয়ে কথা পাতি আছিল। হঠাতে  তেওঁ  বিচনাৰ পৰা বাগৰি পৰে আৰু মৃত্যুক সাৱটি লয়।অৱশ্যে, স্থানীয় প্ৰশাসনে বাছেটৰ মৃত্যুৰ সঠিক কাৰণ প্ৰকাশ কৰা নাই। বহুতে ধাৰণা কৰিছে যে বাছেট হৃদৰোগত আক্ৰান্ত হৈছিল। 

উল্লেখনীয় যে বাকটুৰ দৰে ঝাৰখণ্ডৰ আন ১৪ জন শ্ৰমিক  সুৰংগটোত আৱদ্ধ হৈ আছিল। মঙলবাৰে তেওঁলোকক উদ্ধাৰ কৰাৰ পিছত শ্ৰমিকসকলক অস্থায়ী চিকিৎসা শিবিৰলৈ প্ৰেৰণ কৰা হৈছিল। প্ৰাৰম্ভিক পৰীক্ষাৰ পিছত  তেওঁলোকক সেউজ কৰিডৰৰ জৰিয়তে ৩০  কিলোমিটাৰ দূৰত থকা চিনিয়ালিচাউৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তাৰ পিছত শ্ৰমিকসকলক চিনুক হেলিকপ্টাৰৰ জৰিয়তে ঋষিকেশৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ (এইমছ)লৈ লৈ যোৱা হৈছিল। তেওঁলোকৰ বিভিন্ন শাৰীৰিক পৰীক্ষা কৰোৱা হৈছিল। ঋষিকেশৰ এইমছৰ কাৰ্যবাহী সঞ্চালক মীনু সিঙে কয় যে প্ৰতিজন শ্ৰমিক সুস্থ হৈ আছিল। 
  

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা