--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুত্ৰ সুৰংগৰ ভিতৰত আবদ্ধ হৈ আছে। খবৰটো পোৱাৰ পিছৰে পৰা পুত্ৰৰ চিন্তাতে উজাগৰী নিশা কটাইছিল এগৰাকী পিতৃয়ে। কিন্তু শেষ মুহূৰ্তত পুত্ৰৰে দেখা নহ’ল পিতৃৰ।  ১৭ দিনৰ পিছত উত্তৰকাশীৰ সুৰংগৰ পৰা ৪১  জন আৱদ্ধ শ্ৰমিকক উদ্ধাৰ কৰা হৈছিল। আবদ্ধ শ্ৰমিকৰ পৰিয়ালৰ সদস্যসকলে তেওঁলোকৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল। কিন্তু এজন শ্ৰমিকৰ পিতৃয়ে  তেওঁৰ পুত্ৰক দেখা পোৱাৰ আগতেই শেষ নিশ্বাস ত্যাগ কৰিলে। 

পুত্ৰৰ  বাবে অত্যাধিক চিন্তা কৰি থকাৰ ফলতে লোকজনৰ মৃত্যু ঘটা বুলি পৰিয়ালৰ লোকে প্ৰকাশ কৰিছে।  মৃতব্যক্তিজনৰ নাম  বাছেট ওৰফে বৰচা মুৰ্মু । ঝাৰখণ্ডৰ পূব সিংভূম জিলাৰ বাহাদা গাঁৱৰ বাসিন্দা আছিল তেওঁ। তেওঁ উত্তৰকাশীৰ চিল্কিয়াৰা সুৰংগত আৱদ্ধ শ্ৰমিক ১৮  বছৰীয়া বাকটুৰ পিতৃ। মঙলবাৰে পুৱা প্ৰায় ৮ বজাত বাছেটৰ মৃত্যু হয়। পৰিয়ালৰ মতে, বাছেট তেওঁৰ পুত্ৰক লৈ যথেষ্ট চিন্তিত আছিল। তেওঁ তেওঁৰ পুত্ৰৰ স্বাস্থ্যৰ বিষয়ে দিনে-ৰাতি ভাবি আছিল। তেওঁ ভাল খবৰৰ  বাবে অপেক্ষা কৰি আছিল । কিন্তু ভাল খবৰটো পোৱাৰ পূৰ্বেই পুত্ৰৰ চিন্তাত বাছেটৰ মৃত্যু ঘটে। 

মৃত্যুৰ পূৰ্বে লোকজনে  পৰিয়ালৰ সৈতে পুত্ৰৰ বিষয়ে কথা পাতি আছিল। হঠাতে  তেওঁ  বিচনাৰ পৰা বাগৰি পৰে আৰু মৃত্যুক সাৱটি লয়।অৱশ্যে, স্থানীয় প্ৰশাসনে বাছেটৰ মৃত্যুৰ সঠিক কাৰণ প্ৰকাশ কৰা নাই। বহুতে ধাৰণা কৰিছে যে বাছেট হৃদৰোগত আক্ৰান্ত হৈছিল। 

উল্লেখনীয় যে বাকটুৰ দৰে ঝাৰখণ্ডৰ আন ১৪ জন শ্ৰমিক  সুৰংগটোত আৱদ্ধ হৈ আছিল। মঙলবাৰে তেওঁলোকক উদ্ধাৰ কৰাৰ পিছত শ্ৰমিকসকলক অস্থায়ী চিকিৎসা শিবিৰলৈ প্ৰেৰণ কৰা হৈছিল। প্ৰাৰম্ভিক পৰীক্ষাৰ পিছত  তেওঁলোকক সেউজ কৰিডৰৰ জৰিয়তে ৩০  কিলোমিটাৰ দূৰত থকা চিনিয়ালিচাউৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তাৰ পিছত শ্ৰমিকসকলক চিনুক হেলিকপ্টাৰৰ জৰিয়তে ঋষিকেশৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ (এইমছ)লৈ লৈ যোৱা হৈছিল। তেওঁলোকৰ বিভিন্ন শাৰীৰিক পৰীক্ষা কৰোৱা হৈছিল। ঋষিকেশৰ এইমছৰ কাৰ্যবাহী সঞ্চালক মীনু সিঙে কয় যে প্ৰতিজন শ্ৰমিক সুস্থ হৈ আছিল। 
  

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক