--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ "মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে..অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া"...ভূপেন হাজৰিকাৰ সেই চিৰ সেউজীয়া গানটোত কোৱাৰ দৰে সঁচাকৈয়ে মানুহে মানুহৰ বাবে নাভাবিলে ভাবিব কোনে? আছে..এইখন সমাজতে আছে মানুহৰ বাবে ভবা মানুহ। চাইকেল চলাই আনৰ ঘৰে ঘৰে খাদ্য বিলাই ফুৰা এজন ফুড ডেলিভাৰী বয়ৰ কষ্ট সহ্য কৰিব নোৱাৰি এখন বাইক উপহাৰ দিলে মধ্যপ্ৰদেশৰ ইন্দোৰ আৰক্ষীয়ে। জমেট'ৰ ফুড ডেলিভাৰী বয়জনৰ নাম জয় হালদে। 

২২ বছৰীয়া জয়ে প্ৰচণ্ড গৰমত চাইকেল চলাই খাদ্য বিতৰণ কৰি থকা দেখা পাই অন্তৰত সহানুভূতি জাগি উঠে বিজয় নগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তেহজিব কাজীৰ। আৰক্ষী বিষয়াগৰাকীয়ে জয়ৰ কাষ চাপি জীৱন জীৱিকাৰ বিষয়ে সোধে। তেতিয়া জয় হালদেই কয় যে তেওঁ এখন অভাৱী ঘৰৰ ল'ৰা। মাতৃয়ে আনৰ ঘৰত কাম কৰে আৰু পিতৃয়ে অন্য এখন চহৰত কাম কৰে। চাইকেল চলাই চলাই ঘৰে ঘৰে খাদ্য বিতৰণ কৰি তেওঁ জমেট'ৰ পৰা প্ৰতিদিনে মাত্ৰ ২০০ ৰ পৰা ৩০০ টকা উপাৰ্জন কৰে। যথেষ্ট কষ্ট হয় যদিও এখন বাইক কিনিব পৰাকৈ তেওঁৰ সামৰ্থ নাই। চাইকেলেৰে খাদ্য ডেলিভাৰ কৰাত পলম হোৱা বাবে কেইবাবাৰো গ্ৰাহকৰো গালি শুনিবলগা হৈছিল যুৱকজনে।
 
জয় হালদেৰ নাম-ঠিকনা, ফোন নম্বৰ ৰাখি থয় তেহজিব কাজীয়ে। এদিন বিজয় নগৰ আৰক্ষী থানাৰ পৰা জয়লৈ ফোন আহে। জয়ক থানালৈ মাতি পঠিয়ায় আৰক্ষীয়ে। আৰক্ষী থানাৰ পৰা হঠাতে ফোন অহাত বহুত ভয় খায় জয় আৰু পৰিয়ালৰ লোকে। যেতিয়া জয় আৰক্ষী থানাত উপস্থিত হৈছিল তেতিয়া জয়ৰ দুচকু আনন্দত উজলি উঠিছিল, আৱেগত সেমেকি উঠিছিল দুচকু। বিজয় নগৰ আৰক্ষীয়ে জয়ৰ বাবে ডাউন পেমেণ্ট দি এখন বাইক কিনিছিল আৰু বাইকখন জয়ক উপহাৰ দিছিল। 
 


আৰক্ষীসকলে নিজৰ নিজৰ পৰা এদিনৰ দৰমহা তুলি নতুন বাইকখন উপহাৰ দিছিল ডেলিভাৰী বয়জনক। আত্মসন্মানী যুৱকজনে আৰক্ষীক কৈছিল যে তেওঁ বাইকখনৰ বাকী থকা কিস্তিবোৰ নিজে পৰিশোধ কৰিব। আৰক্ষীৰ পৰা বাইকখন উপহাৰ পোৱাৰ পিছতে তেওঁলোকক ধন্যবাদ জনাই সেইদিনাই খাদ্য ডেলিভাৰ কৰিবলৈ ওলাই যোৱা জয়ে এটা দিনতে এহাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। এদিন আৰক্ষী থানাত উপস্থিত হৈ জয়ে জনাই যে "আগতে মই এদিনত চাইকেলেৰে মাত্ৰ ছয়ৰ পৰা আঠটা খাদ্যৰ পাৰ্চেল ডেলিভাৰ দিবলৈ সক্ষম হৈছিলো কিন্তু এতিয়া মই এদিনত ১৫ ৰ পৰা ২০ টা খাদ্য পাৰ্চেল ডেলিভাৰ কৰিব পাৰোঁ।" 


বিজয় নগৰ আৰক্ষীৰ মহানুভৱতাক সকলোৱে এতিয়া একমুখে শলাগিছে। আৰক্ষীসকলক প্ৰশংসা কৰি অনেকেই কৈছে- ''জয় হৌ বিজয় নগৰ আৰক্ষী।''



FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ