--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ "মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে..অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া"...ভূপেন হাজৰিকাৰ সেই চিৰ সেউজীয়া গানটোত কোৱাৰ দৰে সঁচাকৈয়ে মানুহে মানুহৰ বাবে নাভাবিলে ভাবিব কোনে? আছে..এইখন সমাজতে আছে মানুহৰ বাবে ভবা মানুহ। চাইকেল চলাই আনৰ ঘৰে ঘৰে খাদ্য বিলাই ফুৰা এজন ফুড ডেলিভাৰী বয়ৰ কষ্ট সহ্য কৰিব নোৱাৰি এখন বাইক উপহাৰ দিলে মধ্যপ্ৰদেশৰ ইন্দোৰ আৰক্ষীয়ে। জমেট'ৰ ফুড ডেলিভাৰী বয়জনৰ নাম জয় হালদে। 

২২ বছৰীয়া জয়ে প্ৰচণ্ড গৰমত চাইকেল চলাই খাদ্য বিতৰণ কৰি থকা দেখা পাই অন্তৰত সহানুভূতি জাগি উঠে বিজয় নগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তেহজিব কাজীৰ। আৰক্ষী বিষয়াগৰাকীয়ে জয়ৰ কাষ চাপি জীৱন জীৱিকাৰ বিষয়ে সোধে। তেতিয়া জয় হালদেই কয় যে তেওঁ এখন অভাৱী ঘৰৰ ল'ৰা। মাতৃয়ে আনৰ ঘৰত কাম কৰে আৰু পিতৃয়ে অন্য এখন চহৰত কাম কৰে। চাইকেল চলাই চলাই ঘৰে ঘৰে খাদ্য বিতৰণ কৰি তেওঁ জমেট'ৰ পৰা প্ৰতিদিনে মাত্ৰ ২০০ ৰ পৰা ৩০০ টকা উপাৰ্জন কৰে। যথেষ্ট কষ্ট হয় যদিও এখন বাইক কিনিব পৰাকৈ তেওঁৰ সামৰ্থ নাই। চাইকেলেৰে খাদ্য ডেলিভাৰ কৰাত পলম হোৱা বাবে কেইবাবাৰো গ্ৰাহকৰো গালি শুনিবলগা হৈছিল যুৱকজনে।
 
জয় হালদেৰ নাম-ঠিকনা, ফোন নম্বৰ ৰাখি থয় তেহজিব কাজীয়ে। এদিন বিজয় নগৰ আৰক্ষী থানাৰ পৰা জয়লৈ ফোন আহে। জয়ক থানালৈ মাতি পঠিয়ায় আৰক্ষীয়ে। আৰক্ষী থানাৰ পৰা হঠাতে ফোন অহাত বহুত ভয় খায় জয় আৰু পৰিয়ালৰ লোকে। যেতিয়া জয় আৰক্ষী থানাত উপস্থিত হৈছিল তেতিয়া জয়ৰ দুচকু আনন্দত উজলি উঠিছিল, আৱেগত সেমেকি উঠিছিল দুচকু। বিজয় নগৰ আৰক্ষীয়ে জয়ৰ বাবে ডাউন পেমেণ্ট দি এখন বাইক কিনিছিল আৰু বাইকখন জয়ক উপহাৰ দিছিল। 
 


আৰক্ষীসকলে নিজৰ নিজৰ পৰা এদিনৰ দৰমহা তুলি নতুন বাইকখন উপহাৰ দিছিল ডেলিভাৰী বয়জনক। আত্মসন্মানী যুৱকজনে আৰক্ষীক কৈছিল যে তেওঁ বাইকখনৰ বাকী থকা কিস্তিবোৰ নিজে পৰিশোধ কৰিব। আৰক্ষীৰ পৰা বাইকখন উপহাৰ পোৱাৰ পিছতে তেওঁলোকক ধন্যবাদ জনাই সেইদিনাই খাদ্য ডেলিভাৰ কৰিবলৈ ওলাই যোৱা জয়ে এটা দিনতে এহাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। এদিন আৰক্ষী থানাত উপস্থিত হৈ জয়ে জনাই যে "আগতে মই এদিনত চাইকেলেৰে মাত্ৰ ছয়ৰ পৰা আঠটা খাদ্যৰ পাৰ্চেল ডেলিভাৰ দিবলৈ সক্ষম হৈছিলো কিন্তু এতিয়া মই এদিনত ১৫ ৰ পৰা ২০ টা খাদ্য পাৰ্চেল ডেলিভাৰ কৰিব পাৰোঁ।" 


বিজয় নগৰ আৰক্ষীৰ মহানুভৱতাক সকলোৱে এতিয়া একমুখে শলাগিছে। আৰক্ষীসকলক প্ৰশংসা কৰি অনেকেই কৈছে- ''জয় হৌ বিজয় নগৰ আৰক্ষী।''



FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন