--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ক্ৰমাৎ অধিক ব্যাহত হৈ পৰিছে ভাৰতত সাংবাদিকতাৰ স্বাধীনতা। মুক্ত আৰু চাপহীনভাৱে সাংবাদিকতা কৰাৰ পৰিৱেশ অধিক সংকুচিত হৈ পৰিছে দেশত। এই তথ্য প্ৰকাশ পাইছে ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্সত। গোলকীয় সংবাদ মাধ্যমৰ ওপৰত দৃষ্টি দি অহা সংস্থাটোৰ প্ৰতিবেদন অনুসৰি সংবাদ মাধ্যমৰ স্বাধীনতাৰ গোলকীয় সূচকাংকত যোৱা বছৰৰ তুলনাত ৮ টা স্থান পিছুৱাইছে ভাৰত। কেৱল ভাৰতেই নহয়, নেপালক বাদ দি ভাৰতৰ চুবুৰীয়া দেশসমূহতো অৱস্থাৰ অৱনতি হোৱা দেখিবলৈ পোৱা গৈছে। 

এই তালিকাৰ ১৮০খন দেশৰ ভিতৰত ভাৰতৰ স্থান হৈছে ১৫০। আনহাতে যোৱা বছৰ ভাৰতৰ স্থান আছিল ১৪২। অৰ্থাৎ বছৰি ভাৰতত সাংবাদিকৰ স্বাধীনতা হ্ৰাস হৈ আহিছে। ভাৰতৰ চুবুৰীয়া পাকিস্তানৰ এই তালিকাত স্থান গৈছে ১৫৭, শ্ৰীলংকাৰ ১৪৬, বাংলাদেশৰ ১৬২ আৰু ম্যানমাৰৰ ১৭৬। অৰ্থাৎ ভাৰতৰ চুবুৰীয়া কোনো এখন দেশতে সাংবাদিক তথা সংবাদ মাধ্যমৰ স্বাধীনতা অক্ষত অৰ্থাৎ খৰ্ব নোহোৱাকৈ থকা নাই। ৰিপ’ৰ্টাৰ্ছ উইডাউট ব’ৰ্ডাৰে এই প্ৰতিবেদন প্ৰকাশ কৰিছে।

ৰিপ’ৰ্টাৰ্ছ উইডাউট ব’ৰ্ডাৰৰ এই তালিকাখনত প্ৰকাশ পোৱা তাৎপৰ্যপূৰ্ণ দিশটো হৈছে যে, প্ৰেছ ফ্ৰীডম ইণ্ডেক্সত নেপালে চকুত লগা উন্নতি কৰিছে। দেশখনে ৩০ পইণ্ট অধিক অৰ্জনেৰে গোলকীয় সূচকাংকত ৭৬ সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে। যোৱা বছৰ এই হিমালয়ান দেশখনৰ স্থান আছিল ১০৬। এই বছৰ এই তালিকাৰ শীৰ্ষস্থান দখল কৰিছে নৰৱে’ই। ডেনমাৰ্ক আছে দ্বিতীয় স্থানত, ছুইডেনৰ স্থান তৃতীয়, ইষ্ট’নিয়াৰ চতুৰ্থ আৰু ফিননেণ্ডৰ পঞ্চম। অৰ্থাৎ সাংবাদিক আৰু সংবাদ মাধ্যমৰ স্বাধীনতাৰ দিশত এইকেইখন দেশ আগৰণুৱা হৈ আছে।

এই তালিকাৰ একেবাৰে শেষত আছে উত্তৰ কোৰিয়া। ৰাছিয়াই ১৫৫সংখ্যক স্থান লাভ কৰিছে। যোৱা বছৰ তেওঁলোকৰ স্থান ১৫০ আছিল। আনহাতে চুবুৰীয়া চীনৰো অৱস্থাত একেবাৰে উন্নত নহয়। যোৱা বছৰৰ তুলনাত তেওঁলোকে দুটা স্থান আগুৱাইছে যদিও তেওঁলোক ১৭৫ সংখ্যক স্থানতহে আছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ