--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ক্ৰমাৎ অধিক ব্যাহত হৈ পৰিছে ভাৰতত সাংবাদিকতাৰ স্বাধীনতা। মুক্ত আৰু চাপহীনভাৱে সাংবাদিকতা কৰাৰ পৰিৱেশ অধিক সংকুচিত হৈ পৰিছে দেশত। এই তথ্য প্ৰকাশ পাইছে ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্সত। গোলকীয় সংবাদ মাধ্যমৰ ওপৰত দৃষ্টি দি অহা সংস্থাটোৰ প্ৰতিবেদন অনুসৰি সংবাদ মাধ্যমৰ স্বাধীনতাৰ গোলকীয় সূচকাংকত যোৱা বছৰৰ তুলনাত ৮ টা স্থান পিছুৱাইছে ভাৰত। কেৱল ভাৰতেই নহয়, নেপালক বাদ দি ভাৰতৰ চুবুৰীয়া দেশসমূহতো অৱস্থাৰ অৱনতি হোৱা দেখিবলৈ পোৱা গৈছে। 

এই তালিকাৰ ১৮০খন দেশৰ ভিতৰত ভাৰতৰ স্থান হৈছে ১৫০। আনহাতে যোৱা বছৰ ভাৰতৰ স্থান আছিল ১৪২। অৰ্থাৎ বছৰি ভাৰতত সাংবাদিকৰ স্বাধীনতা হ্ৰাস হৈ আহিছে। ভাৰতৰ চুবুৰীয়া পাকিস্তানৰ এই তালিকাত স্থান গৈছে ১৫৭, শ্ৰীলংকাৰ ১৪৬, বাংলাদেশৰ ১৬২ আৰু ম্যানমাৰৰ ১৭৬। অৰ্থাৎ ভাৰতৰ চুবুৰীয়া কোনো এখন দেশতে সাংবাদিক তথা সংবাদ মাধ্যমৰ স্বাধীনতা অক্ষত অৰ্থাৎ খৰ্ব নোহোৱাকৈ থকা নাই। ৰিপ’ৰ্টাৰ্ছ উইডাউট ব’ৰ্ডাৰে এই প্ৰতিবেদন প্ৰকাশ কৰিছে।

ৰিপ’ৰ্টাৰ্ছ উইডাউট ব’ৰ্ডাৰৰ এই তালিকাখনত প্ৰকাশ পোৱা তাৎপৰ্যপূৰ্ণ দিশটো হৈছে যে, প্ৰেছ ফ্ৰীডম ইণ্ডেক্সত নেপালে চকুত লগা উন্নতি কৰিছে। দেশখনে ৩০ পইণ্ট অধিক অৰ্জনেৰে গোলকীয় সূচকাংকত ৭৬ সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে। যোৱা বছৰ এই হিমালয়ান দেশখনৰ স্থান আছিল ১০৬। এই বছৰ এই তালিকাৰ শীৰ্ষস্থান দখল কৰিছে নৰৱে’ই। ডেনমাৰ্ক আছে দ্বিতীয় স্থানত, ছুইডেনৰ স্থান তৃতীয়, ইষ্ট’নিয়াৰ চতুৰ্থ আৰু ফিননেণ্ডৰ পঞ্চম। অৰ্থাৎ সাংবাদিক আৰু সংবাদ মাধ্যমৰ স্বাধীনতাৰ দিশত এইকেইখন দেশ আগৰণুৱা হৈ আছে।

এই তালিকাৰ একেবাৰে শেষত আছে উত্তৰ কোৰিয়া। ৰাছিয়াই ১৫৫সংখ্যক স্থান লাভ কৰিছে। যোৱা বছৰ তেওঁলোকৰ স্থান ১৫০ আছিল। আনহাতে চুবুৰীয়া চীনৰো অৱস্থাত একেবাৰে উন্নত নহয়। যোৱা বছৰৰ তুলনাত তেওঁলোকে দুটা স্থান আগুৱাইছে যদিও তেওঁলোক ১৭৫ সংখ্যক স্থানতহে আছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন