--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেস ডেস্কঃ পৃথিৱীত এতিয়াও ভাল মানুহৰ অভাৱ হোৱা নাই। তাৰেই প্ৰমাণ পোৱা গ’ল পঞ্জাৱত।ফতেহগড় চাহিব জিলাৰ ৰাজিন্দৰগড় গাঁৱৰ ওচৰত এখন ট্ৰাক দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে  ট্ৰাক খনত থকা সকলো আপেল লুটি লৈ যায় একাংশ লোকে। এনে নিদাৰুণ অৱস্থাত  কাশ্মীৰী খেতিয়কজনক  সহায় কৰিবলৈ  পঞ্জাৱৰ দুজন ব্যৱসায়ী আগবাঢ়ি আহিল। 

পাটিয়ালাৰ ৰাজবিন্দৰ সিং আৰু মোহালিৰ গুৰপ্ৰীত সিঙে জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ সোপোৰৰ বাসিন্দা মহম্মদ শ্বাহিদক তেওঁৰ হোৱা লোকচানৰ বাবে ৯ লাখ ১২ হাজাৰ টকা দান হিচাবে দিয়ে। লোক দুজনে কাশ্মীৰৰ আপেল খেতিয়কজনক  সেই ধনৰ  চেক প্ৰদান কৰে। ফতেহগড় চাহিব জিলাৰ দিল্লী-অমৃতসৰ ঘাইপথত ফলভৰ্তি ট্ৰাকখনদুৰ্ঘটনাত পতিত হোৱাৰ  পিছত গাওঁবাসী আৰু পথচাৰীসকলে মুঠ ১,২৬৫ কাৰ্টন আপেল চুৰি কৰিছিল। 

ট্ৰাকখনে শ্ৰীনগৰৰ পৰা আৰু বিহাৰলৈ গৈ আছিল।  ফতেহগড় চাহিবৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰাভজ্যোত গ্ৰেৱালে কয় যে   ছ'চিয়েল মিডিয়াত আপেলৰ কাৰ্টন মানুহে লুটি কাঢ়ি নিয়াৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে অচিনাক্ত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ আৰক্ষীয়ে সোমবাৰে ১০ জন লোকক গ্ৰেপ্তাৰ কৰে চ’চিয়েল মিডিয়াত আপেল লুটি নিয়াৰ ভিডিঅ’ দেখাৰ পিছতে  ৰাজবিন্দৰ সিং আৰু গুৰপ্ৰীত সিঙে আৰক্ষীৰ কাষ চাপিছিল আৰু ট্ৰাকৰ গৰাকীক হোৱা লোকচানৰ ক্ষতিপূৰণ দিবলৈ তেওঁলোকৰ ইচ্ছাৰ কথা  প্ৰকাশ কৰিছিল।

 গুৰপ্ৰীতে কৈছিল যে ৯.১২ লাখ টকাৰ চেক শ্বাহিদক দিয়া হৈছে৷ গুৰপ্ৰীতে লগতে কয়  যে তেওঁ আপেলৰ কাৰ্টন চুৰি হোৱাৰ ভিডিঅ' দেখি দুখ  অনুভৱ হৈছিল সেয়া  যে এইটো পঞ্জাৱৰেই দৃশ্য  হ'ব পাৰে । পঞ্জাৱল মানুহে সদায় আনক সহায় কৰিবলৈ আগবঢ়াবলৈ আগবাঢ়ি আহে।তেনে ক্ষেত্ৰত এনে ঘটনা নিন্দনীয় বুলি তেওঁ কয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক