--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ তিনিবছৰৰ হ’ল। কিন্তু যুৱকজনে পত্নীৰ সৈতে পৰিয়াল গঢ়িব আৰু নিবিচাৰে। তিনিখন চিঠি লিখি শহুৰেকৰ ঠিকনালৈ পঠিয়াই দিলে। "তালাক, তালাক, তালাক"- তিনিওখন চিঠিতে এই তিনিটা তালাক লিখা আছে। তেওঁ চিঠি লিখি পত্নীক ‘তিনি তালাক’ৰে ‘তালাক’ দিব বিচাৰিছে। 

দেওবাৰে যুৱকজনৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হয়। মধ্যপ্ৰদেশৰ উজ্জয়িন জিলাৰ ঘোছালা অঞ্চলত সংঘটিত হৈছে এই ঘটনা। অভিযুক্তৰ নাম ঈশান ছাতানিয়া।

আৰক্ষীৰ সূত্ৰ অনুসৰি ঈশান পেছাত এজন আৰক্ষী। ২০২০ চনৰ নৱেম্বৰ মাহত তেওঁক সাত ভৰিৰে বান্ধি দিয়া হৈছিল। যুৱতীগৰাকীয়ে দাবী কৰিছে যে বিয়াৰ কেইমাহমানৰ ভিতৰতে ঈশানৰ পৰিয়ালৰ লোকে হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰিছিল। বিয়াৰ বাবে টকা দিয়াক লৈ যুৱতীগৰাকীক লৈ শহুৰেকৰ ঘৰত দৈনিক অস্থিৰতা আৰম্ভ হৈছিল।

অস্থিৰতা সহ্য কৰিব নোৱাৰি ছোৱালীজনী দেউতাকৰ ঘৰলৈ গ’ল। আৰক্ষীক তেওঁৰ অভিযোগ যে ঈশানে দেউতাকৰ ঘৰৰ ঠিকনাত তিনিখন চিঠি পোষ্ট কৰিছিল। তেওঁ দাবী কৰে যে প্ৰথমখন চিঠি ২৮ ফেব্ৰুৱাৰীত ছোৱালীজনীৰ ওচৰলৈ গৈছিল, দ্বিতীয়খন চিঠি ২ এপ্ৰিলত আৰু তৃতীয়খন চিঠি ৮ মে’ত পাইছিল। তিনিওখন চিঠিতে ঈশানে ছোৱালীজনীক বিবাহ বিচ্ছেদ কৰিবলৈ কৈ তিনিখন তালাক দিলে। ঈশানে লিখা চিঠি কেইখন লৈ থানাত হাজিৰ হয় ছোৱালীজনী। দেওবাৰে তেওঁ ঈশানৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement