--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত শেহতীয়াকৈ সংঘটিত হৈছে এক আজৱ ঘটনা৷কেৰালা উচ্চ ন্যায়ালয়ে এগৰাকী তিনি বছৰীয়া শিশুৰ নাম নিৰ্ণয় কৰাৰ ক্ষেত্ৰত পিতৃ-মাতৃয়ে একমতত উপনীত হ’ব নোৱাৰাৰ বাবে নাম ঘোষণা কৰিছে। নামকৰণৰ পূৰ্বে পিতৃ-মাতৃৰ মাজত হোৱা মতানৈক্যৰ বাবে শিশুটিৰ জন্মৰ প্ৰমাণ পত্ৰ নামহীন হৈ আছিল।

শিশুটিৰ নাম পঞ্জীয়ন কৰিবলৈ বিচৰা মাতৃগৰাকীয়ে দাখিল কৰা আবেদনৰ প্ৰতি সঁহাৰি জনাই উচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু যেতিয়া পঞ্জীয়কে পিতৃ-মাতৃ দুয়োৰে উপস্থিতিৰ দাবী জনায় আৰু তেওঁলোকে বিষয়টো সন্দৰ্ভত একমতত উপনীত হ’ব নোৱাৰে, তেতিয়া মাতৃগৰাকীয়ে সমাধানৰ বাবে আদালতৰ কাষ চাপে৷।

ন্যায়াধীশ বেচু কুৰিয়ান থমাছৰ একক বিচাৰপীঠে লক্ষ্য কৰে-"সএইটো এটা সাধাৰণ গোচৰ য'ত এই আদালতৰ পেৰেন্স পেট্ৰিৰ অধিকাৰক্ষেত্ৰ ব্যৱহাৰ কৰিবলগীয়া হয়। এনে অধিকাৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ অধিকাৰ নহয়, শিশুৰ কল্যাণহে সৰ্বোচ্চ হিচাপে বিবেচনা কৰা হয়। আদালতে গ্ৰহণ কৰিব লাগিব শিশুৰ কল্যাণ, পিতৃ-মাতৃৰ স্বাৰ্থ, সমাজৰ নীতি-নিয়মৰ দৰে কাৰকসমূহৰ প্ৰতি লক্ষ্য ৰাখি শিশুটিৰ বাবে নাম বাছনি কৰাৰ কাম৷উল্লেখ্য যে শিশুটিৰ মাকে শিশুগৰাকীৰ নাম ‘পুণ্যা’ ৰাখিব বিচৰাৰ বিপৰীতে পিতৃয়ে ‘পদ্মা’ নামটো বাছি লৈছিল।

কিন্তু আদালতে শিশুটিৰ নাম ‘পুণ্যা’, নাম ৰখাৰ নিৰ্দেশ দিয়ে আৰু উপাধি হিচাপে পিতৃৰ নাম যোগ কৰা হয়।তদুপৰি আদালতে ঘোষণা কৰে যে, “সম্প্ৰতি শিশুটিৰ লগত বাস কৰা মাতৃয়ে পৰামৰ্শ দিয়া নামটোক যথাযথ গুৰুত্ব দিব লাগিব, আনহাতে পিতৃত্বৰ ওপৰত কোনো বিবাদ নথকাৰ বাবে পিতৃৰ নামটোও অন্তৰ্ভুক্ত কৰিব লাগিব।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু