--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত শেহতীয়াকৈ সংঘটিত হৈছে এক আজৱ ঘটনা৷কেৰালা উচ্চ ন্যায়ালয়ে এগৰাকী তিনি বছৰীয়া শিশুৰ নাম নিৰ্ণয় কৰাৰ ক্ষেত্ৰত পিতৃ-মাতৃয়ে একমতত উপনীত হ’ব নোৱাৰাৰ বাবে নাম ঘোষণা কৰিছে। নামকৰণৰ পূৰ্বে পিতৃ-মাতৃৰ মাজত হোৱা মতানৈক্যৰ বাবে শিশুটিৰ জন্মৰ প্ৰমাণ পত্ৰ নামহীন হৈ আছিল।

শিশুটিৰ নাম পঞ্জীয়ন কৰিবলৈ বিচৰা মাতৃগৰাকীয়ে দাখিল কৰা আবেদনৰ প্ৰতি সঁহাৰি জনাই উচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু যেতিয়া পঞ্জীয়কে পিতৃ-মাতৃ দুয়োৰে উপস্থিতিৰ দাবী জনায় আৰু তেওঁলোকে বিষয়টো সন্দৰ্ভত একমতত উপনীত হ’ব নোৱাৰে, তেতিয়া মাতৃগৰাকীয়ে সমাধানৰ বাবে আদালতৰ কাষ চাপে৷।

ন্যায়াধীশ বেচু কুৰিয়ান থমাছৰ একক বিচাৰপীঠে লক্ষ্য কৰে-"সএইটো এটা সাধাৰণ গোচৰ য'ত এই আদালতৰ পেৰেন্স পেট্ৰিৰ অধিকাৰক্ষেত্ৰ ব্যৱহাৰ কৰিবলগীয়া হয়। এনে অধিকাৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ অধিকাৰ নহয়, শিশুৰ কল্যাণহে সৰ্বোচ্চ হিচাপে বিবেচনা কৰা হয়। আদালতে গ্ৰহণ কৰিব লাগিব শিশুৰ কল্যাণ, পিতৃ-মাতৃৰ স্বাৰ্থ, সমাজৰ নীতি-নিয়মৰ দৰে কাৰকসমূহৰ প্ৰতি লক্ষ্য ৰাখি শিশুটিৰ বাবে নাম বাছনি কৰাৰ কাম৷উল্লেখ্য যে শিশুটিৰ মাকে শিশুগৰাকীৰ নাম ‘পুণ্যা’ ৰাখিব বিচৰাৰ বিপৰীতে পিতৃয়ে ‘পদ্মা’ নামটো বাছি লৈছিল।

কিন্তু আদালতে শিশুটিৰ নাম ‘পুণ্যা’, নাম ৰখাৰ নিৰ্দেশ দিয়ে আৰু উপাধি হিচাপে পিতৃৰ নাম যোগ কৰা হয়।তদুপৰি আদালতে ঘোষণা কৰে যে, “সম্প্ৰতি শিশুটিৰ লগত বাস কৰা মাতৃয়ে পৰামৰ্শ দিয়া নামটোক যথাযথ গুৰুত্ব দিব লাগিব, আনহাতে পিতৃত্বৰ ওপৰত কোনো বিবাদ নথকাৰ বাবে পিতৃৰ নামটোও অন্তৰ্ভুক্ত কৰিব লাগিব।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু