--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জাতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটিছে স্পীডষ্টাৰ উমৰাণ মালিক। পুনৰ দেখা যাব উমৰাঁণৰ ফাষ্ট বলিঙৰ যাদু। টি২০ বিশ্বকাপ চলি থকাৰ মাজতে সোমবাৰে আগন্তুক নিউজিলেণ্ড ভ্ৰমণ কৰিবলগা টীম ইণ্ডিয়াৰ দলটো ঘোষণা কৰা হৈছে।

উল্লেখ্য যে নিউজিলেণ্ডত ভাৰতে ৩খন টি২০ খেলিব। টি২০ মেচকেইখনৰ বাবে হাৰ্দিক পাণ্ডিয়া আৰু এদিনীয়া মেচৰ বাবে শিখৰ ধাৱানক অধিনায়কত্বৰ দায়িত্ব দিয়া হৈছে। টি২০ চিৰিজটো ১৮ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব।

দলটোত কেইবাজনো জ্যেষ্ঠ তথা অভিজ্ঞ ক্ৰিকেটাৰক বিশ্ৰাম দিয়া গৈছে। বিশ্ৰাম দিয়া খেলুৱৈসকল হৈছে- ৰোহিত শৰ্মা, বিৰাট কোহলী, দীনেশ কাৰ্তিক, কেএল ৰাহুল আৰু আৰ অশ্বীন। অন্তৰ্ভূক্ত কৰা হৈছে শুভমান গী, শ্ৰেয়াছ আয়াৰ, সঞ্জু ছেমছন, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, শ্বাহবাজ আহমেদ আৰু উমৰাণ মালিক আদি নতুন খেলুৱৈক।

নিউজিলেণ্ড ভ্ৰমণৰ বাবে ঘোষণা কৰা ভাৰতৰ টি-২০ দল- হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), ঋষভ পন্ত (উপ অধিনায়ক আৰু উইকেটকিপাৰ), শুভমান গিল, ঈশান কিষাণ, দীপক হুডা, সূৰ্য কুমাৰ যাদৱ, শ্ৰেয়াছ আয়াৰ, সঞ্জু চেমছন (উইকেটকিপাৰ), ডব্লিউ সুন্দৰ, যুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, অৰ্শদীপ সিং, হৰ্ষল পেটেল, মহম্মদ চিৰাজ, ভুৱনেশ্বৰ কুমাৰ, উমৰণ মালিক।

নিউজিলেণ্ড ভ্ৰমণৰ বাবে ঘোষণা কৰা ভাৰতৰ এদিনীয়া দলটো- শিখৰ ধাৱান (অধিনায়ক), ঋষভ পন্ত (উপঅধিনায়ক আৰু উইকেটকিপাৰ), শুভমান গিল, দীপক হুডা, সূৰ্য কুমাৰ যাদৱ, শ্ৰেয়াছ আয়াৰ, সঞ্জু চেমচন (উইকেটকিপাৰ), ডব্লিউ সুন্দৰ, শাৰ্দুল ঠাকুৰ, শ্বাহবাজ আহমেদ, যুজবেন্দ্ৰ চাহল, কুলদীপ যাদৱ, দীপক চাহাৰ, কুলদীপ সেন, উমৰণ মালিক।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু