--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জাতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটিছে স্পীডষ্টাৰ উমৰাণ মালিক। পুনৰ দেখা যাব উমৰাঁণৰ ফাষ্ট বলিঙৰ যাদু। টি২০ বিশ্বকাপ চলি থকাৰ মাজতে সোমবাৰে আগন্তুক নিউজিলেণ্ড ভ্ৰমণ কৰিবলগা টীম ইণ্ডিয়াৰ দলটো ঘোষণা কৰা হৈছে।

উল্লেখ্য যে নিউজিলেণ্ডত ভাৰতে ৩খন টি২০ খেলিব। টি২০ মেচকেইখনৰ বাবে হাৰ্দিক পাণ্ডিয়া আৰু এদিনীয়া মেচৰ বাবে শিখৰ ধাৱানক অধিনায়কত্বৰ দায়িত্ব দিয়া হৈছে। টি২০ চিৰিজটো ১৮ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব।

দলটোত কেইবাজনো জ্যেষ্ঠ তথা অভিজ্ঞ ক্ৰিকেটাৰক বিশ্ৰাম দিয়া গৈছে। বিশ্ৰাম দিয়া খেলুৱৈসকল হৈছে- ৰোহিত শৰ্মা, বিৰাট কোহলী, দীনেশ কাৰ্তিক, কেএল ৰাহুল আৰু আৰ অশ্বীন। অন্তৰ্ভূক্ত কৰা হৈছে শুভমান গী, শ্ৰেয়াছ আয়াৰ, সঞ্জু ছেমছন, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, শ্বাহবাজ আহমেদ আৰু উমৰাণ মালিক আদি নতুন খেলুৱৈক।

নিউজিলেণ্ড ভ্ৰমণৰ বাবে ঘোষণা কৰা ভাৰতৰ টি-২০ দল- হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), ঋষভ পন্ত (উপ অধিনায়ক আৰু উইকেটকিপাৰ), শুভমান গিল, ঈশান কিষাণ, দীপক হুডা, সূৰ্য কুমাৰ যাদৱ, শ্ৰেয়াছ আয়াৰ, সঞ্জু চেমছন (উইকেটকিপাৰ), ডব্লিউ সুন্দৰ, যুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, অৰ্শদীপ সিং, হৰ্ষল পেটেল, মহম্মদ চিৰাজ, ভুৱনেশ্বৰ কুমাৰ, উমৰণ মালিক।

নিউজিলেণ্ড ভ্ৰমণৰ বাবে ঘোষণা কৰা ভাৰতৰ এদিনীয়া দলটো- শিখৰ ধাৱান (অধিনায়ক), ঋষভ পন্ত (উপঅধিনায়ক আৰু উইকেটকিপাৰ), শুভমান গিল, দীপক হুডা, সূৰ্য কুমাৰ যাদৱ, শ্ৰেয়াছ আয়াৰ, সঞ্জু চেমচন (উইকেটকিপাৰ), ডব্লিউ সুন্দৰ, শাৰ্দুল ঠাকুৰ, শ্বাহবাজ আহমেদ, যুজবেন্দ্ৰ চাহল, কুলদীপ যাদৱ, দীপক চাহাৰ, কুলদীপ সেন, উমৰণ মালিক

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক