--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাইলৈ ঘোষণা হ’ব ৪খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল৷ লোকসভা নির্বাচন বিজেপিৰ বাবে হ'ব এক অগ্নি পৰীক্ষা। 

কাৰণ শেহতীয়াকৈ প্ৰকাশিত বহুকেইটা ৰাষ্ট্ৰীয় সমীক্ষাৰ মতে কংগ্ৰেছৰ হাতলৈ ৩ পৰা ৪খন ৰাজ্যৰ ক্ষমতাৰ বাঘজৰী যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই আটাইবোৰ সমীক্ষাৰ ভিতৰত যোগেন্দ্ৰ যাদৱৰ পূৰ্বানুমানে লাভ কৰিছে বিশেষ চৰ্চা৷ যাদৱৰ মতে তেলেংগানাত শাসনলৈ আহিব ভাৰতীয় জাতীয় কংগ্ৰেছ৷

এবিপি নিউজ চি ভোটাৰকে ধৰি প্ৰায়সমূহ ৰাষ্ট্ৰীয় এজেঞ্চীয়ে শেহতীয়াকৈ প্ৰকাশ কৰিছে নিৰ্বাচনী সমীক্ষা৷ নির্বাচনী সমীক্ষা মতে ৰাজস্থানত কংগ্ৰেছক উৎখাত কৰি বিজেপিৰ প্ৰত্যাৱৰ্তন সম্ভৱ হ’লেও নির্বাচন অনুষ্ঠিতব্য মধ্যপ্রদেশ, ছত্তিশগড় আৰু তেলেংগানাত কংগ্ৰেছ চৰকাৰ গঠনৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছে৷

এইবাৰ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত তেলেংগানাক লৈ অতিশয় উৎসাহিত কংগ্ৰেছ। ইতিমধ্যে নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা ৰজ্যকেইখনৰ লগতে তেলেংগানাৰ নিৰ্বাচনক লৈ বহুতো পূৰ্বানুমান কৰা হৈছে। তেলেংগানা বিধানসভাৰ মুঠ ১১৯খন আসনৰ সংখ্যাগৰিষ্ঠতাৰ সংখ্যা হৈছে ৬০খন আসন। 

২০১৮ চনৰ নিৰ্বাচনত ভাৰত ৰাষ্ট্ৰ সমিতিয়ে জয় লাভ কৰিছিল। বি আৰ এছে ৮৮খন আসন লাভ কৰাৰ লগতে কে চন্দ্ৰশেখৰ ৰাও একেৰাহে দ্বিতীয়বাৰৰ বাবে তেলেংগানাৰ মুখ্যমন্ত্ৰী হয়। কিন্তু এইবাৰ তেলেংগানা নিৰ্বাচন সন্দৰ্ভত সমীক্ষায়ো বিভিন্ন ছবি দাঙি ধৰিছে। 

কিন্তু, সমাজকৰ্মী তথা ৰাজনৈতিক বিশ্লেষক যোগেন্দ্ৰ যাদৱৰ স্পষ্ট মত তেলেংগানাত কংগ্ৰেছেই গঠন কৰিব চৰকাৰ। ভাৰত জোড়ো যাত্ৰাৰ আহ্বায়ক যোগেন্দ্ৰ যাদৱে কয় যে বৰ্তমান তেলেংগানাত কংগ্ৰেছৰ বতাহ নাই যদিও ধুমুহা বলিছে। তেলেংগানাত কংগ্ৰেছৰ একপক্ষীয় বিজয়ৰ ভৱিষ্যদ্বাণী কৰিছে যোগেন্দ্ৰ যাদৱে। আনহাতে যোগেন্দ্ৰ যাদৱৰ ভৱিষ্যদ্বাণীক লৈ এতিয়া সামাজিক মাধ্যমত ব্যাপক চৰ্চা আৰম্ভ হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক
বিহাৰৰ ভোটাৰ তালিকাত ২ পাকিস্তানী মহিলাৰ নাম!
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ