--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাইলৈ ঘোষণা হ’ব ৪খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল৷ লোকসভা নির্বাচন বিজেপিৰ বাবে হ'ব এক অগ্নি পৰীক্ষা। 

কাৰণ শেহতীয়াকৈ প্ৰকাশিত বহুকেইটা ৰাষ্ট্ৰীয় সমীক্ষাৰ মতে কংগ্ৰেছৰ হাতলৈ ৩ পৰা ৪খন ৰাজ্যৰ ক্ষমতাৰ বাঘজৰী যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই আটাইবোৰ সমীক্ষাৰ ভিতৰত যোগেন্দ্ৰ যাদৱৰ পূৰ্বানুমানে লাভ কৰিছে বিশেষ চৰ্চা৷ যাদৱৰ মতে তেলেংগানাত শাসনলৈ আহিব ভাৰতীয় জাতীয় কংগ্ৰেছ৷

এবিপি নিউজ চি ভোটাৰকে ধৰি প্ৰায়সমূহ ৰাষ্ট্ৰীয় এজেঞ্চীয়ে শেহতীয়াকৈ প্ৰকাশ কৰিছে নিৰ্বাচনী সমীক্ষা৷ নির্বাচনী সমীক্ষা মতে ৰাজস্থানত কংগ্ৰেছক উৎখাত কৰি বিজেপিৰ প্ৰত্যাৱৰ্তন সম্ভৱ হ’লেও নির্বাচন অনুষ্ঠিতব্য মধ্যপ্রদেশ, ছত্তিশগড় আৰু তেলেংগানাত কংগ্ৰেছ চৰকাৰ গঠনৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছে৷

এইবাৰ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত তেলেংগানাক লৈ অতিশয় উৎসাহিত কংগ্ৰেছ। ইতিমধ্যে নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা ৰজ্যকেইখনৰ লগতে তেলেংগানাৰ নিৰ্বাচনক লৈ বহুতো পূৰ্বানুমান কৰা হৈছে। তেলেংগানা বিধানসভাৰ মুঠ ১১৯খন আসনৰ সংখ্যাগৰিষ্ঠতাৰ সংখ্যা হৈছে ৬০খন আসন। 

২০১৮ চনৰ নিৰ্বাচনত ভাৰত ৰাষ্ট্ৰ সমিতিয়ে জয় লাভ কৰিছিল। বি আৰ এছে ৮৮খন আসন লাভ কৰাৰ লগতে কে চন্দ্ৰশেখৰ ৰাও একেৰাহে দ্বিতীয়বাৰৰ বাবে তেলেংগানাৰ মুখ্যমন্ত্ৰী হয়। কিন্তু এইবাৰ তেলেংগানা নিৰ্বাচন সন্দৰ্ভত সমীক্ষায়ো বিভিন্ন ছবি দাঙি ধৰিছে। 

কিন্তু, সমাজকৰ্মী তথা ৰাজনৈতিক বিশ্লেষক যোগেন্দ্ৰ যাদৱৰ স্পষ্ট মত তেলেংগানাত কংগ্ৰেছেই গঠন কৰিব চৰকাৰ। ভাৰত জোড়ো যাত্ৰাৰ আহ্বায়ক যোগেন্দ্ৰ যাদৱে কয় যে বৰ্তমান তেলেংগানাত কংগ্ৰেছৰ বতাহ নাই যদিও ধুমুহা বলিছে। তেলেংগানাত কংগ্ৰেছৰ একপক্ষীয় বিজয়ৰ ভৱিষ্যদ্বাণী কৰিছে যোগেন্দ্ৰ যাদৱে। আনহাতে যোগেন্দ্ৰ যাদৱৰ ভৱিষ্যদ্বাণীক লৈ এতিয়া সামাজিক মাধ্যমত ব্যাপক চৰ্চা আৰম্ভ হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক