--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চশমাতকৈ কনটেক্ট লেন্সক অধিক সুবিধাজনক বুলি ধৰা হয়। বিশেষজ্ঞসকলৰ মতে কনটেক্ট লেন্সত চশমাতকৈ বতৰৰ প্ৰভাৱ কমকৈ পৰে। কনটেক্ট লেন্সত চশমাৰ দৰে ভাপ জমা নহয় আৰু লেন্সৰ সহায়ত চশমাতকৈ বেছি এলেকা দেখা পায়। বিভিন্ন ধৰণৰ কনটেক্ট লেন্স আজিকালি পোৱা যায়। কিছুমান মানুহে চখৰ বাবে ৰঙীন কনটেক্ট লেন্স পিন্ধে। পাছে এই লেন্সৰ বাবেই এগৰাকী মহিলা সমস্যাত পৰিল। প্ৰকৃত ঘটনাটো কি জানি লও আহক। 

এগৰাকী মহিলাই চকুৰে দেখাত অসুবিধা পাইছিল আৰু চকুত বিষ হৈছিল। অসুবিধা বাঢ়ি যোৱাত মহিলাগৰাকীয়ে ডাক্তৰৰ ওচৰলৈ গৈ তেওঁৰ সমস্যাটো ক’লে। ডাক্তৰসকলে ভাবিবলৈ ধৰিলে যে হয়তো চকুত লেন্সৰ টুকুৰা এটা আবদ্ধ হৈ পৰিছে, কৰ্ণিয়াত আঁচোৰ পৰিছে। কিন্তু যেতিয়া ডাক্তৰে তেওঁৰ চকু পৰীক্ষা কৰিলে তেতিয়া তেওঁ লগে লগে তেওঁৰ ষ্টাফক ফোন কৰি ভিডিঅ’ এটা বনাই দিলে কাৰণ তেওঁ এই কথা কাৰোবাক ক’লেও তেওঁক কোনেও বিশ্বাস নকৰিব।

কেলিফৰ্ণিয়াৰ ডাঃ কেটেৰিনা কুৰ্টিয়েভাই নিৰ্মাণ কৰা ভিডিঅ’টো ভাইৰেল হৈ পৰিছে। মহিলাগৰাকীয়ে জনোৱা মতে, যোৱা ৩০ বছৰ ধৰি তেওঁ কনটেক্ট লেন্স পিন্ধি আহিছে আৰু কিছুদিনৰ পৰা তেওঁ শোৱাৰ পূৰ্বে কনটেক্ট লেন্স আঁতৰাবলৈ পাহৰি গৈছে।

চাওক ভিডিঅ’



ডাঃ কেটেৰিনা কুৰ্টিয়েভাই কয় যে, "মই ৰোগীৰ চকুৰ পৰা ২৩ টা কনটেক্ট লেন্স আঁতৰাইছিলো। মোৰ বাবে এইটো এটা অতি নতুন কেছ আছিল।  মহিলাগৰাকীয়ে একেৰাহে ২৩ দিন লেন্স আঁতৰাবলৈ পাহৰি প্ৰতিদিনে পুৱা উঠি নতুন লেন্স পিন্ধিছিল।"

ডাঃ কেটেৰিনা কুৰ্টিয়েভাৰ কয় য়ে, ''মহিলাগৰাকীৰ চকুযুৰিৰ একো নহ’ল। তেওঁ অতি ভাগ্যৱান আছিল। এনে ক্ষেত্ৰত মানুহৰ চকুৰ দৃষ্টিশক্তি হেৰুৱাৰ সম্ভাৱনা থাকে। মহিলাগৰাকীক পুনৰ কনটেক্ট লেন্স নিপিন্ধিবলৈ অনুৰোধ কৰিছো আৰু চকুত জিৰণি দিবলৈ অনুৰোধ জনাইছো।''









FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক