--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চশমাতকৈ কনটেক্ট লেন্সক অধিক সুবিধাজনক বুলি ধৰা হয়। বিশেষজ্ঞসকলৰ মতে কনটেক্ট লেন্সত চশমাতকৈ বতৰৰ প্ৰভাৱ কমকৈ পৰে। কনটেক্ট লেন্সত চশমাৰ দৰে ভাপ জমা নহয় আৰু লেন্সৰ সহায়ত চশমাতকৈ বেছি এলেকা দেখা পায়। বিভিন্ন ধৰণৰ কনটেক্ট লেন্স আজিকালি পোৱা যায়। কিছুমান মানুহে চখৰ বাবে ৰঙীন কনটেক্ট লেন্স পিন্ধে। পাছে এই লেন্সৰ বাবেই এগৰাকী মহিলা সমস্যাত পৰিল। প্ৰকৃত ঘটনাটো কি জানি লও আহক। 

এগৰাকী মহিলাই চকুৰে দেখাত অসুবিধা পাইছিল আৰু চকুত বিষ হৈছিল। অসুবিধা বাঢ়ি যোৱাত মহিলাগৰাকীয়ে ডাক্তৰৰ ওচৰলৈ গৈ তেওঁৰ সমস্যাটো ক’লে। ডাক্তৰসকলে ভাবিবলৈ ধৰিলে যে হয়তো চকুত লেন্সৰ টুকুৰা এটা আবদ্ধ হৈ পৰিছে, কৰ্ণিয়াত আঁচোৰ পৰিছে। কিন্তু যেতিয়া ডাক্তৰে তেওঁৰ চকু পৰীক্ষা কৰিলে তেতিয়া তেওঁ লগে লগে তেওঁৰ ষ্টাফক ফোন কৰি ভিডিঅ’ এটা বনাই দিলে কাৰণ তেওঁ এই কথা কাৰোবাক ক’লেও তেওঁক কোনেও বিশ্বাস নকৰিব।

কেলিফৰ্ণিয়াৰ ডাঃ কেটেৰিনা কুৰ্টিয়েভাই নিৰ্মাণ কৰা ভিডিঅ’টো ভাইৰেল হৈ পৰিছে। মহিলাগৰাকীয়ে জনোৱা মতে, যোৱা ৩০ বছৰ ধৰি তেওঁ কনটেক্ট লেন্স পিন্ধি আহিছে আৰু কিছুদিনৰ পৰা তেওঁ শোৱাৰ পূৰ্বে কনটেক্ট লেন্স আঁতৰাবলৈ পাহৰি গৈছে।

চাওক ভিডিঅ



ডাঃ কেটেৰিনা কুৰ্টিয়েভাই কয় যে, "মই ৰোগীৰ চকুৰ পৰা ২৩ টা কনটেক্ট লেন্স আঁতৰাইছিলো। মোৰ বাবে এইটো এটা অতি নতুন কেছ আছিল।  মহিলাগৰাকীয়ে একেৰাহে ২৩ দিন লেন্স আঁতৰাবলৈ পাহৰি প্ৰতিদিনে পুৱা উঠি নতুন লেন্স পিন্ধিছিল।"

ডাঃ কেটেৰিনা কুৰ্টিয়েভাৰ কয় য়ে, ''মহিলাগৰাকীৰ চকুযুৰিৰ একো নহ’ল। তেওঁ অতি ভাগ্যৱান আছিল। এনে ক্ষেত্ৰত মানুহৰ চকুৰ দৃষ্টিশক্তি হেৰুৱাৰ সম্ভাৱনা থাকে। মহিলাগৰাকীক পুনৰ কনটেক্ট লেন্স নিপিন্ধিবলৈ অনুৰোধ কৰিছো আৰু চকুত জিৰণি দিবলৈ অনুৰোধ জনাইছো।''









FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা