--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহিঃজগতৰ প্ৰাণী বা এলিয়েনকলৈ সাধাৰণ মানুহৰ লগতে বিজ্ঞানীসকলৰো কৌতূহলৰ অন্ত নাই। এনে সময়তে এক শেহতীয়া অধ্যয়নে এই কথা প্ৰকাশ কৰিছে যে পৃথিৱীৰ পৰা বৰ বেছি দূৰৈত নাই ভিন্ন গ্ৰহৰ প্ৰাণী।পৃথিৱীৰ নিচেই ওচৰৰ এটা গ্ৰহত ভিন্ন গ্ৰহৰ প্ৰাণী থকাৰ কথা শেহতীয়া অধ্যয়নটোত কোৱা হৈছে।

কেতিয়াবা উৰণীয়া ইউএফঅ', কেতিয়াবা অদ্ভুত আকৃতিৰ প্ৰাণী, বহিঃগ্ৰহৰ প্ৰাণী বা এলিয়েনৰ  বিষয়বোৰে মানুহক কৌতূহলৰ মহা সমুদ্ৰত ডুবাই ৰখাৰ সময়তে শেহতীয়া অধ্যয়নটোত এই কথা প্ৰকাশ পাইছে।

অধ্যয়নটোৰ সৈতে জৰিত জ্যেষ্ঠ গৱেষকসকলে এইটোও স্বীকাৰ কৰে যে বহিৰ্জাগতিক গ্ৰহ এটাত ভিন্ন গ্ৰহৰ  প্ৰাণীৰ অস্তিত্ব থকাটো অস্বাভাৱিক নহয়। ভিন্ন গ্ৰহৰ  পৃথিৱীৰ ইমান ওচৰত থাকিব পাৰে বুলি এই গৱেষণাৰ পূৰ্বে  কোনেও দাবী কৰা নাছিল । বহু বিজ্ঞানীয়ে মাথো কৈ আহিছিল যে সৌৰজগতৰ বাহিৰৰ কোনো ঠাইৰ পৰা   ভিন্ন গ্ৰহৰ প্ৰাণীয়ে পৃথিৱীৰ মানুহৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছে। 

এইবাৰ পিছে  গৱেষকৰ এটা গোটে দাবী কৰিছিল যে পৃথিৱীৰ একেবাৰে ওচৰৰ গ্ৰহটোত বহিৰ্জাগতিক প্ৰাণী আছে। কিন্তু পৃথিৱীৰ কাষৰ কোনটো গ্ৰহত আছে ভিন্ন গ্ৰহৰ প্ৰাণী?

গৱেষণাটোৰ মতে পৃথিৱীৰ কাষৰে  শুক্ৰ গ্ৰহতেই আছে ভিন্ন গ্ৰহৰ প্ৰাণী! অধ্যয়নটো চলোৱা মেচাচুচেটছ ইনষ্টিটিউট অৱ টেকন'লজীৰ গৱেষকসকলে বিশ্বাস কৰে যে শুক্ৰৰ তাপমাত্ৰা অসহনীয় যদিও সেই তাপমাত্ৰাতেই ভিন্ন গ্ৰহৰ প্ৰাণীবোৰ বিকশিত হৈছে।

গ্ৰহটোত  থকা এমোনিয়াৰ পৰিমাণে শুক্ৰৰ বায়ুমণ্ডলত ছালফিউৰিক এচিড ধ্বংস কৰিব পাৰে। এটা জীৱন সৃষ্টি কৰাৰ বাবে এনে ঘটনাই সম্ভাৱনাৰ দুৱাৰ মুকলি কৰে বুলি বিজ্ঞানীসকলে কৈছে। 

বিজ্ঞানীসকলে বিশ্বাস কৰে যে শুক্ৰৰ বায়ুমণ্ডলৰ ডাৱৰবোৰত এমোনিয়াম লৱণ থাকে।  জীৱন সৃষ্টিৰ বাবে এইটো এটা সুন্দৰ পৰিবেশ। এনে পৰিবেশৰ বাবেই শুক্ৰ গ্ৰহত জীৱ থাকিব পাৰে বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে। 

গৱেষকসকলে শুক্ৰ গ্ৰহৰ বিষয়ে আৰু অধিক গৱেষণা চলালেই  গ্ৰহটোত এলিয়েনৰ উপস্থিতিৰ বিষয়টো অধিক স্পষ্ট হৈ পৰিব বুলি ধাৰণা কৰা হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে