--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহিঃজগতৰ প্ৰাণী বা এলিয়েনকলৈ সাধাৰণ মানুহৰ লগতে বিজ্ঞানীসকলৰো কৌতূহলৰ অন্ত নাই। এনে সময়তে এক শেহতীয়া অধ্যয়নে এই কথা প্ৰকাশ কৰিছে যে পৃথিৱীৰ পৰা বৰ বেছি দূৰৈত নাই ভিন্ন গ্ৰহৰ প্ৰাণী।পৃথিৱীৰ নিচেই ওচৰৰ এটা গ্ৰহত ভিন্ন গ্ৰহৰ প্ৰাণী থকাৰ কথা শেহতীয়া অধ্যয়নটোত কোৱা হৈছে।

কেতিয়াবা উৰণীয়া ইউএফঅ', কেতিয়াবা অদ্ভুত আকৃতিৰ প্ৰাণী, বহিঃগ্ৰহৰ প্ৰাণী বা এলিয়েনৰ  বিষয়বোৰে মানুহক কৌতূহলৰ মহা সমুদ্ৰত ডুবাই ৰখাৰ সময়তে শেহতীয়া অধ্যয়নটোত এই কথা প্ৰকাশ পাইছে।

অধ্যয়নটোৰ সৈতে জৰিত জ্যেষ্ঠ গৱেষকসকলে এইটোও স্বীকাৰ কৰে যে বহিৰ্জাগতিক গ্ৰহ এটাত ভিন্ন গ্ৰহৰ  প্ৰাণীৰ অস্তিত্ব থকাটো অস্বাভাৱিক নহয়। ভিন্ন গ্ৰহৰ  পৃথিৱীৰ ইমান ওচৰত থাকিব পাৰে বুলি এই গৱেষণাৰ পূৰ্বে  কোনেও দাবী কৰা নাছিল । বহু বিজ্ঞানীয়ে মাথো কৈ আহিছিল যে সৌৰজগতৰ বাহিৰৰ কোনো ঠাইৰ পৰা   ভিন্ন গ্ৰহৰ প্ৰাণীয়ে পৃথিৱীৰ মানুহৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছে। 

এইবাৰ পিছে  গৱেষকৰ এটা গোটে দাবী কৰিছিল যে পৃথিৱীৰ একেবাৰে ওচৰৰ গ্ৰহটোত বহিৰ্জাগতিক প্ৰাণী আছে। কিন্তু পৃথিৱীৰ কাষৰ কোনটো গ্ৰহত আছে ভিন্ন গ্ৰহৰ প্ৰাণী?

গৱেষণাটোৰ মতে পৃথিৱীৰ কাষৰে  শুক্ৰ গ্ৰহতেই আছে ভিন্ন গ্ৰহৰ প্ৰাণী! অধ্যয়নটো চলোৱা মেচাচুচেটছ ইনষ্টিটিউট অৱ টেকন'লজীৰ গৱেষকসকলে বিশ্বাস কৰে যে শুক্ৰৰ তাপমাত্ৰা অসহনীয় যদিও সেই তাপমাত্ৰাতেই ভিন্ন গ্ৰহৰ প্ৰাণীবোৰ বিকশিত হৈছে।

গ্ৰহটোত  থকা এমোনিয়াৰ পৰিমাণে শুক্ৰৰ বায়ুমণ্ডলত ছালফিউৰিক এচিড ধ্বংস কৰিব পাৰে। এটা জীৱন সৃষ্টি কৰাৰ বাবে এনে ঘটনাই সম্ভাৱনাৰ দুৱাৰ মুকলি কৰে বুলি বিজ্ঞানীসকলে কৈছে। 

বিজ্ঞানীসকলে বিশ্বাস কৰে যে শুক্ৰৰ বায়ুমণ্ডলৰ ডাৱৰবোৰত এমোনিয়াম লৱণ থাকে।  জীৱন সৃষ্টিৰ বাবে এইটো এটা সুন্দৰ পৰিবেশ। এনে পৰিবেশৰ বাবেই শুক্ৰ গ্ৰহত জীৱ থাকিব পাৰে বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে। 

গৱেষকসকলে শুক্ৰ গ্ৰহৰ বিষয়ে আৰু অধিক গৱেষণা চলালেই  গ্ৰহটোত এলিয়েনৰ উপস্থিতিৰ বিষয়টো অধিক স্পষ্ট হৈ পৰিব বুলি ধাৰণা কৰা হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম