--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলা সংৰক্ষণ বিধেয়ককলৈ এতিয়া শাসক বিৰোধী উভয়ৰে  মাজত  কৃতিত্ব লোৱাৰ যুঁজ চলিছে। লোকসভাত আজি বিধেয়ক খনকলৈ বিতৰ্ক  অনুষ্ঠিত হয়। বিতৰ্কৰ সময়তে  বিজেপি সাংসদ নিশিকান্ত দুবেই এক  অদ্ভুত  দাবী কৰাৰৰ কথাই কংগ্ৰেছ শিবিৰক অস্বত্বিত পেলাইছে।  বিজেপিৰ সাংসদগৰাকীয়ে দাবী কৰে যে ২০১২ চনত ছোনিয়া গান্ধীয়ে সমাজবাদী পাৰ্টিৰ তদানীন্তন  সাংসদ যশবীৰ সিঙক চোলাৰ কলাৰত ধৰি  অভদ্ৰ ব্যৱহাৰ কৰিছিল। 

দুবেই দাবী কৰে যে  যেতিয়া ভি নাৰায়ণস্বামীয়ে অনুসূচিত জাতি/জনজাতিৰ বাবে সংৰক্ষণ সম্পৰ্কীয়  এখন বিধেয়ক উপস্থাপন কৰি আছিল, সমাজবাদী পাৰ্টিৰ তদানীন্তন  সাংসদ যশবীৰ সিঙে  বিধেয়ক খন কাঢ়ি লৈছিল আৰু সেয়া  ছিঙি পেলাইছিল। দুবেই লগতে  কয়  যে তেতিয়া ছোনিয়া গান্ধীয়ে খঙৰ ভমকত  সিঙৰ ওচৰলৈ গৈছিল আৰু তেওঁৰ  চোলাৰ কলাৰত ধৰিছিল। দুবেই কয় "মই বেঞ্চখন জপিয়াই তেওঁৰ ওচৰলৈ গৈছিলো আৰু ছোনিয়া গান্ধীক  কৈছিলো  আপুনি আমাৰ একনায়ক শাসক নহয়, ৰাণী নহয়, আপুনি হিংসাৰ আশ্ৰয় ল'ব নোৱাৰে,"।যদি বিজেপি তাত নাথাকিলহেঁতেন তেন্তে এছপি ৰ সাংসদসকল বাচি নাথাকিলহেঁতেন বুলিও দুবেই কয়।

২০১২ চনৰ কথা মনত পেলাই দুবেই বুধবাৰে ছোনিয়া গান্ধীক লক্ষ্য কৰি কয়  "আপুনি সাংসদসকলক হত্যা কৰিবলৈ চেষ্টা কৰিছিল"।উল্লেখ্য মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত বুধবাৰে লোকসভাত  চৰ্চা চলে। আলোচনাৰ আৰম্ভণি কৰে কংগ্ৰেছৰ সাংসদ ছোনিয়া গান্ধীয়ে। ছোনিয়া গান্ধীয়ে কংগ্ৰেছে এই বিধেয়কখন সমৰ্থন কৰে বুলিও মন্তব্য কৰে। তেওঁ  বিধেয়কখন সন্দৰ্ভত চৰকাৰৰ সন্মুখত বহু প্ৰশ্নও উত্থাপন কৰে। ইয়াৰ পিছতে ভাষণ দিবলৈ থিয় দিয়ে  বিজেপিৰ সাংসদ নিশিকান্ত দুবেই। ভাষণৰ আৰম্ভনিৰ পৰা শেষলৈ কংগ্ৰেছকে ধৰি সমগ্ৰ বিৰোধীক তীব্ৰ আক্ৰমণ চলায়  দুবেই। তেওঁ কয় যে কংগ্ৰেছ দলে কেতিয়াও নাৰীক আগুৱাই নিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰা নাছিল।

 এই বিধেয়কখন কাৰ্যকৰী কৰাত কিয় পলম হৈছে বুলি প্ৰশ্ন উত্থাপন কৰিছিল ছোনিয়া গান্ধীয়ে। ইয়াৰ উত্তৰত দুবেই কয় যে এয়া এক আইনী প্ৰক্ৰিয়া। বিৰোধীয়ে এতিয়া বিভ্ৰান্তিমূলক  পৰিবেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। ছোনিয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি তেওঁ কয় যে ছোনিয়া গান্ধীয়ে এই বিধেয়কখনৰ কৃতিত্ব  ল’বলৈ চেষ্টা চলাইছে। কিন্তু কংগ্ৰেছ এনে কৃতিত্বৰ দাবীদাৰ নহয়। হঠাতে দুবেই সংসদত ঘটি যোৱা  কিছুমান ঘটনাৰ কথাও উল্লেখ কৰে।বিজেপি সাংসদ নিশিকান্ত দুবেই কয় যে আমাৰ দেশ  সংবিধানৰ আধাৰত পৰিচালিত। ছোনিয়া গান্ধীয়ে ভাষণত কৈছিল  যে তেওঁলোকে  পঞ্চায়তত মহিলাৰ বাবে  সংৰক্ষণৰ ব্যৱস্থা কৰিছিল।সংবিধানৰ  ২৪৩ (ঘ) অনুচ্ছেদও কংগ্ৰেছৰেই  অৱদান। কিন্তু তাত অ’বিচিৰ বাবে  সংৰক্ষণৰ কথা ক’তো উল্লেখ কৰা হোৱা নাই বুলি দুবেই প্ৰকাশ কৰে।দুবেই স্পষ্টভাবে কয় যে  ১৯৫২ চনৰ পৰা আজিলৈকে কোনেও অবিচিৰ বাবে  সংৰক্ষণৰ কথা কোৱা নাই। কংগ্ৰেছে  পঞ্চায়তত অবিচিৰ বাবে  আগতে কিয় সংৰক্ষণৰ ব্যৱস্থা কৰা নাছিল বুলিও বিজেপিৰ সাংসদগৰাকীয়ে প্ৰশ্ন কৰে।  




উল্লেখ্য ছোনিয়া গান্ধীয়ে বুধবাৰে মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত কয়    "মহিলা সংৰক্ষণ বিধেয়ক ৰূপায়ণত হোৱা  যিকোনো বিলম্ব ভাৰতীয় মহিলাৰ প্ৰতি এক ডাঙৰ অন্যায় হ'ব। মহিলা সংৰক্ষণ বিধেয়কখন সকলো বাধা অতিক্ৰম কৰি তৎক্ষণাৎ কাৰ্যকৰী কৰা প্ৰয়োজন । এয়া নিশ্চয়কৈ  সম্ভৱ। "

ছোনিয়াই লগতে কয় যে বিধেয়কখন প্ৰথমে তেওঁৰ স্বামী, স্বৰ্গীয় প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে আনিছিল। তেওঁ কয় "এই বিধেয়কখন মোৰ নিজৰ জীৱনৰ বাবেও  এক আবেগিক বিষয়। প্ৰথমবাৰৰ বাবে, মোৰ স্বামী  ৰাজীৱ গান্ধীয়ে স্থানীয় নিৰ্বাচনত মহিলাৰ প্ৰতিনিধিত্ব বৃদ্ধি কৰিবলৈ এক সাংবিধানিক সংশোধনী আনিছিল। অৱশ্যে, সাতটা ভোট কম হোৱা বাবে ইয়াক ৰাজ্যসভাত গৃহীত কৰিব পৰা নগ'ল।মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হ'লে ৰাজীৱ গান্ধীৰ  সপোন সাৰ্থক  হ'ব। "


FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ