--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। কেব যাত্ৰা বাতিল কৰাৰ পিছত এগৰাকী মহিলাৰ মোবাইল অশ্লীল ফটো আৰু ভিডিঅ’ৰে ভৰি পৰিল। 

এই গোচৰত এজাহাৰ ৰুজু হোৱাৰ পিছত আৰক্ষীয়ে অভিযুক্ত চালকজনৰ সন্ধান তীব্ৰতৰ কৰি তুলিছে। প্ৰতিবেদন অনুসৰি, ৩২ বছৰীয়া মহিলাগৰাকীয়ে যেতিয়া ৰাইড বাতিল কৰিছিল, তেতিয়া তেওঁ যিটো হোৱাটছএপ নম্বৰৰ পৰা বুকিং কৰিছিল, সেই নম্বৰত অশ্লীল ফটো আৰু ভিডিঅ’ আহিবলৈ আৰম্ভ কৰিছিল। 

চালকজনে বাৰে বাৰে ফোন কৰি কেব খন বুক কৰিবলৈ ক’লে। মহিলাগৰাকীয়ে কেব ৰাইড কেঞ্চেল কৰা বাবে ড্ৰাইভাৰজনৰ ওচৰত ক্ষমা খোজাৰ পাছতো মহিলাগৰাকীলৈ ড্ৰাইভাৰজনৰ ফোন আহি থাকিল। ইয়াৰ পাছত অশ্লীল ভিডিঅ' আৰু ফটো আহিবলৈ ধৰিলে মহিলাগৰাকীৰ মোবাইল ফোনলৈ।

ড্ৰাইভাৰজনে মহিলাগৰাকীক ইমান হাৰাশাস্তি কৰিছিল যে মহিলাগৰাকীয়ে কান্দিছিল। মহিলাগৰাকীয়ে যোৱা ৯ অক্টোবৰত আৰক্ষীৰ এজাহাৰ দাখিল কৰিছিল।

উল্লেখ্য যে এপৰ জৰিয়তে কেব বুকিং কৰাৰ সময়ত গ্ৰাহকৰ নম্বৰ পোনপটীয়াকৈ ড্ৰাইভাৰৰ ওচৰলৈ নাযায় বৰঞ্চ হ’ষ্ট কোম্পানীৰ এপৰ জৰিয়তে ফোন কৰা হয়। বেংগালুৰুৰ ক্ষেত্ৰত যাত্ৰা বাতিল কৰাৰ পাছত ড্ৰাইভাৰজনে মহিলাগৰাকীৰ নম্বৰ কেনেকৈ লাভ কৰিবলৈ সক্ষম হ’ল সেই বিষয়ে জানিবলৈ তদন্ত আৰম্ভ কৰা হৈছে। 

আৰক্ষীয়ে এগ্ৰিগেটৰৰ পৰা ড্ৰাইভাৰজনৰ সবিশেষ বিচাৰিছে। এই গোচৰত আই পি চি (যৌন নিৰ্যাতন) আৰু আই টি আইনৰ ৩৫৪এ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ