--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। কেব যাত্ৰা বাতিল কৰাৰ পিছত এগৰাকী মহিলাৰ মোবাইল অশ্লীল ফটো আৰু ভিডিঅ’ৰে ভৰি পৰিল। 

এই গোচৰত এজাহাৰ ৰুজু হোৱাৰ পিছত আৰক্ষীয়ে অভিযুক্ত চালকজনৰ সন্ধান তীব্ৰতৰ কৰি তুলিছে। প্ৰতিবেদন অনুসৰি, ৩২ বছৰীয়া মহিলাগৰাকীয়ে যেতিয়া ৰাইড বাতিল কৰিছিল, তেতিয়া তেওঁ যিটো হোৱাটছএপ নম্বৰৰ পৰা বুকিং কৰিছিল, সেই নম্বৰত অশ্লীল ফটো আৰু ভিডিঅ’ আহিবলৈ আৰম্ভ কৰিছিল। 

চালকজনে বাৰে বাৰে ফোন কৰি কেব খন বুক কৰিবলৈ ক’লে। মহিলাগৰাকীয়ে কেব ৰাইড কেঞ্চেল কৰা বাবে ড্ৰাইভাৰজনৰ ওচৰত ক্ষমা খোজাৰ পাছতো মহিলাগৰাকীলৈ ড্ৰাইভাৰজনৰ ফোন আহি থাকিল। ইয়াৰ পাছত অশ্লীল ভিডিঅ' আৰু ফটো আহিবলৈ ধৰিলে মহিলাগৰাকীৰ মোবাইল ফোনলৈ।

ড্ৰাইভাৰজনে মহিলাগৰাকীক ইমান হাৰাশাস্তি কৰিছিল যে মহিলাগৰাকীয়ে কান্দিছিল। মহিলাগৰাকীয়ে যোৱা ৯ অক্টোবৰত আৰক্ষীৰ এজাহাৰ দাখিল কৰিছিল।

উল্লেখ্য যে এপৰ জৰিয়তে কেব বুকিং কৰাৰ সময়ত গ্ৰাহকৰ নম্বৰ পোনপটীয়াকৈ ড্ৰাইভাৰৰ ওচৰলৈ নাযায় বৰঞ্চ হ’ষ্ট কোম্পানীৰ এপৰ জৰিয়তে ফোন কৰা হয়। বেংগালুৰুৰ ক্ষেত্ৰত যাত্ৰা বাতিল কৰাৰ পাছত ড্ৰাইভাৰজনে মহিলাগৰাকীৰ নম্বৰ কেনেকৈ লাভ কৰিবলৈ সক্ষম হ’ল সেই বিষয়ে জানিবলৈ তদন্ত আৰম্ভ কৰা হৈছে। 

আৰক্ষীয়ে এগ্ৰিগেটৰৰ পৰা ড্ৰাইভাৰজনৰ সবিশেষ বিচাৰিছে। এই গোচৰত আই পি চি (যৌন নিৰ্যাতন) আৰু আই টি আইনৰ ৩৫৪এ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু