ডিজিটেল ডেস্ক: তথ্য পৰীক্ষণৰ জৰিয়তে শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বহু ভুৱা প্ৰচাৰৰ মুখা খুলি দিয়া অল্টনিউজৰ অন্যতম প্ৰতিষ্ঠাপক তথা সাংবাদিক তথা মহম্মদ জুবেইৰক পাঁচ দিনৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। উত্তৰ প্ৰদেশৰ সীতাপুৰ জিলাত জুবেইৰৰ বিৰুদ্ধে তিনিগৰাকী হিন্দুত্ববাদী নেতাই ৰুজু কৰা গোচৰ সন্দৰ্ভত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে সাংবাদিক গৰাকীক জামিন প্ৰদান কৰে। এই হিন্দুত্ববাদী নেতাকেইজনৰ বক্তব্যক তথ্য পৰীক্ষণৰ জৰিয়তে ভুল প্ৰমাণিত কৰি এক টুইট যোগে এই নেতাকেইজনক ঘৃণা সৃষ্টিকাৰী বুলি অভিহিত কৰিছিল জুবেইৰে। ইয়াৰ পিছতেই হিন্দুত্ববাদী নেতা কেইজনে জুবেইৰৰ বিৰুদ্ধে সীতাপুৰত গোচৰ ৰুজু কৰিছিল।
সীতাপুৰ গোচৰ সন্দৰ্ভত জুবেইৰে এলাহাবাদ উচ্চ ন্যায়ালয়ত জামিন আবেদন জনাইছিল যদিও জামিন নাকচ কৰিছিল উচ্চ ন্যায়ালয়ে। ইয়াৰ পিছতে বৃহস্পতিবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল জুবেইৰ। অৱশ্যে সীতাপুৰ গোচৰৰ বাবে উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলেও কাৰাগাৰতেই থাকিব লাগিব জুবেইৰ। কিয়নো দিল্লীত দাখিল হোৱা এটা গোচৰত এতিয়ালৈকে জামিন লাভ কৰা নাই মহম্মদ জুবেইৰে।
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ইন্দিৰা বেনাৰ্জী আৰু জে কে মহেশাৰীৰ অৱশৰকালীন বিচাৰপীঠে জুবেইৰৰ আবেদনৰ শুনানি গ্ৰহণ কৰি ইয়াৰ ওপৰত জাননী জাৰি কৰে আৰু নিয়মীয়া বিচাৰপীঠৰ সন্মুখত পৰৱৰ্তী শুনানিৰ বাবে তালিকাভুক্ত কৰিছে। বিচাৰপীঠৰ এই সিদ্ধান্তৰ পৰিৱৰ্তে উত্তৰ প্ৰদেশ চৰকাৰক প্ৰতিনিধিত্ব কৰা তুষাৰ মেহতাই যুক্তি দিছিল যে জুবেইৰ দিল্লীৰ এটা গোচৰত ন্যায়িক জিম্মাত আছে আৰু এনে পৰিস্থিতিত তেওঁক জামিন প্ৰদান কৰা উচিত নহ’ব।
কিন্তু ইয়াৰ উত্তৰত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে জুবেইৰক সীতাপুৰত দাখিল কৰা এজাহাৰৰ সন্দৰ্ভতহে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰা হৈছে আৰু তেওঁৰ বিৰুদ্ধে দিল্লীত ৰুজু কৰা গোচৰৰ সৈতে এই জামিনৰ কোনো সম্পৰ্ক নাই। বিচাৰপীঠে লগতে জুবেইৰক গোচৰটোৰ সন্দৰ্ভত টুইটাৰত কোনো পোষ্ট কৰাত বাধা আৰোপ কৰে আৰু তেওঁক দিল্লীৰ অধিকাৰ ক্ষেত্ৰ এৰি নাযাবলৈ নিৰ্দেশ দিয়ে।
শুনানিত জুবেইৰক প্ৰতিনিধিত্ব কৰা অধিবক্তা কলিন গনচালভেছে কয় যে এই ঘৃণাবিদ্বেষীসকলে সংবিধান আৰু ন্যায়ালয়ৰ বিচাৰকসকলৰ ওপৰত মন্তব্য কৰিছিল। জুবেইৰে এই ধৰণৰ উদ্বেগজনক বক্তব্য সমূহক উন্মোচন কৰি সংবিধান ৰক্ষাত সহায় কৰিছে। জুবেইৰে টুইটটোত ঘৃণামূলক ভাষণ দিয়া লোকসকলৰ কথাহে উল্লেখ কৰিছিল বুলি যুক্তি প্ৰদৰ্শন কৰি অধিবক্তাগৰাকীয়ে টুইটটোত নিৰ্দিষ্ট এটা ধৰ্মৰ বিৰুদ্ধে ক'ত লিখা আছে বুলিও প্ৰশ্ন উত্থাপন কৰে। যিসকলে ঘৃণামূলক ভাষণ দিছিল তেওঁলোক জামিনত আছে আৰু যিগৰাকীয়ে তেওঁলোকক উন্মোচিত কৰিছিল তেওঁ এতিয়া কাৰাগাৰত আছে বুলিও ন্যায়ালয়ৰ মজিয়াত ক্ষোভ প্ৰকাশ কৰে গনচালভেছে।
উল্লেখ্য যে চাৰি বছৰ পূৰ্বে কৰা এটা টুইটৰ বাবে দিল্লী আৰক্ষীয়ে ২৭ জুনত মহম্মদ জুবেইৰক প্ৰথমে গ্ৰেপ্তাৰ কৰিছিল। ২০১৮ চনৰ যিটো টুইটৰ বাবে জুবেইৰক গ্ৰেপ্তাৰ কৰা হৈছে, সেই টুইটটোত জুবেইৰে ১৯৮৩ চনত প্ৰকাশ পোৱা বলীউডৰ হাস্যমধুৰ চিনেমা 'কিছি ছে না কেহনা'ৰ এটা দৃশ্যৰ এখন বিশেষ ফটো ব্যৱহাৰ কৰিছিল। কিন্তু উক্ত চিনেমাখনৰ মুক্তিৰ ক্ষেত্ৰত কোনো হকা-বাধা সেই সময়ত অহা নাছিল। সম্প্ৰতি এই চিনেমাখন ইণ্টাৰনেটত উপলব্ধ। গতিকে চিনেমাখনৰ পৰা ব্যৱহাৰ কৰা এখন ফটোৰ বাবে জুবেইৰ গ্ৰেপ্তাৰ হোৱাৰ পাছতো চিনেমাখন কিদৰে দৰ্শনৰ বাবে মুকলি হৈ আছে বুলিও প্ৰশ্ন উত্থাপন হৈছে।
এই গোচৰটো পিছতে হিন্দুত্ববাদী নেতাকেইজনৰ বিদ্বেষমূলক বক্তব্যক উন্মোচন কৰি দিয়া আন এটা টুইটৰ বাবে হিন্দুত্ববাদী নেতা কেইজনৰ অভিযোগৰ পাছত আন এক গোচৰ পঞ্জীয়ন কৰা হৈছিল আৰূ তেওঁক সীতাপুৰলৈ লৈ যোৱা হৈছিল। এই টুইটটোৰ জৰিয়তে জুবেইৰে ধৰ্মীয় অনুভূতিত আঘাত সনা বুলি গোচৰ তৰা হৈছিল।
স্মৰ্তব্য যে প্ৰতীক সিন্হাৰ সৈতে লগলাগি ‘অল্ট নিউজ’ নামৰ ফেক্ট চেক্ প’ৰ্টেলটো আৰম্ভ কৰাৰ পাছৰে পৰা জুবেইৰে বিজেপিৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত ভুৱা খবৰৰ প্ৰচাৰত চেঁচাপানী ঢালি আহিছিল৷ ইয়াৰ বাবে মহম্মদ জুবেইৰ হৈ পৰিছিল বিজেপিৰ লগতে হিন্দুত্ববাদী মহলৰ প্ৰধান শত্ৰু৷শাসক পক্ষই কোনো এটা নিৰ্দিষ্ট বিষয়ত অজস্ৰ পূৰ্ব নিৰ্ধাৰিত উৎসৰপৰা সামাজিক মাধ্যমত মিছা বাতৰি ৰহণ সানি সঁচাৰ দৰে প্ৰচাৰ কৰিছিল।
কোনো লোকে এনে খবৰ সমূহৰ ওপৰত সন্দেহ প্ৰকাশ কৰিলেও সেই খবৰৰ সত্যতা নিৰূপণৰ বাবে কোনো পথ বিচাৰি নাপায়৷ কিন্তু অল্ট নিউজে প্ৰায় প্ৰতিটো তেনে ভুৱা খবৰ তথ্য প্ৰযুক্তিৰ অনবদ্য কৌশল ব্যৱহাৰ কৰি ফাদিল কৰি আহিছিল৷ যিসময়ত দেশৰ মূলসুঁতিৰ সংবাদ মাধ্যমসমূহে শাসক পক্ষৰ প্ৰপাগাণ্ডা প্ৰচাৰত নামি পৰিছিল, সেই সময়তে এনে সংবাদ মাধ্যমৰ বিকল্প হৈ পৰিছিল অল্ট নিউজ৷
তথ্যক সত্য ৰূপত দাঙি ধৰাৰ বাবে সামাজিক মাধ্যমতো জুবেইৰৰ প্ৰভাৱ যথেষ্ট বৃদ্ধি পাইছিল। এনে অৱস্থাত জুবেইৰ শাসক পক্ষৰ বাবে অতি বিপজ্জনক হৈ উঠিছিল৷ গতিকে জুবেইৰৰ গ্ৰেপ্তাৰ শাষক পক্ষৰ ষড়যন্ত্ৰৰে পৰিণতি বুলি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।