--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছিকিম মণিপাল ইনষ্টিটিউট অৱ টেকন’লজি চমুকৈ এছ এম আই টিৰ চৌহদত  নাইৰোবি মাখিৰ সংস্পৰ্শলৈ অহাৰ পিছত পূব ছিকিমৰ উক্ত মহাবিদ্যালয়ৰ প্ৰায় ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ছালৰ গুৰুতৰ সংক্ৰমণত আক্ৰান্ত হৈছে ।পিটিআইৰ খবৰ অনুসৰি, ৰাজ্যৰ স্বাস্থ্য বিভাগে জনাইছে, ছিকিম মণিপাল ইনষ্টিটিউট অব টেকন’লজীৰ চৌহদত দ্ৰুতগতিত বৃদ্ধি পাইছে পূব আফ্ৰিকাৰ নাইৰোবি মাখি।

তদুপৰি স্বাস্থ্য বিভাগৰ বিষয়াসকলে কয় উক্ত মাখিবোৰ থলুৱা নহয় আৰু প্ৰজনন ক্ষেত্ৰ আৰু প্ৰচুৰ খাদ্য যোগানৰ সন্ধানত ঠাইলৈ যাব পাৰে। এই মাখিবোৰে সাধাৰণতে শস্য নষ্ট কৰি খায়। পিটিআইৰ এক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, মাখিৰ আক্ৰমণৰ ভয়াৱহতাৰ বিষয়ে অধিক বিৱৰণ দি বিষয়াসকলে কয় “এই মাখিয়ে নাকামোৰে, হুলেৰেও নিবিন্ধে। কিন্তু যদি কাৰোবাৰ ছালত পৰাৰ সময়ত কোনো বাধা আহে তেন্তে এই মাখিয়ে এবিধ শক্তিশালী এচিডজাতীয় পদাৰ্থ নিৰ্গত কৰে যিয়ে ছাল পুৰি পেলায়।"
সাৱধানতাসমূহৰ তালিকা প্ৰস্তুত কৰি বিষয়াসকলে কয় যে মাখিবোৰ লাহে লাহে উৰুৱাই দিব লাগে আৰু ইয়াক স্পৰ্শ কৰিব নালাগে। ইয়াৰ উপৰিও সংস্পৰ্শলৈ অহা ঠাইখিনি চাবোনেৰে ধুব লাগে।মাখিবোৰৰ সংস্পৰ্শলৈ অহা ছাত্ৰ-ছাত্ৰীৰ অৱস্থা উল্লেখ কৰি মহাবিদ্যালয় প্ৰশাসনে কয় যে আক্ৰান্ত ছাত্ৰ-ছাত্ৰীসকলে ঔষধ গ্ৰহণ কৰি সুস্থ হৈ উঠিছে ।এই মাখিবোৰ ধ্বংস কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে অধিক অৱগত কৰি প্ৰশাসনে কয় কেম্পাছত কীটনাশক স্প্ৰে কৰা হৈছে আৰু পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক কৰিবলগীয়া আৰু নকৰিবলগীয়া বিষয়সমূহৰ বিষয়ে সজাগ কৰা হৈছে।

নাইৰোবি মাখি হৈছে পূব আফ্ৰিকাৰ স্থানীয় প্ৰজাতিৰ এবিধ মাখি । পেডেৰিন নামেৰে জনাজাত এবিধ জাৰণকাৰী পদাৰ্থ এইবিধ মাখিৰ গাত পোৱা যায় , যি ছালৰ সংস্পৰ্শলৈ আহিলে ৰাসায়নিকভাৱে জ্বলা-পোৰা কৰিব পাৰে। এই জ্বলা-পোৰাৰ বাবে নাইৰোবি মাখিক কেতিয়াবা "ড্ৰেগন বাগ" বুলিও কোৱা হয়। মণিপালৰ শৈক্ষিক-কেম্পাছ চহৰত (কৰ্ণাটক, ভাৰত)প্ৰচণ্ড বৰষুণৰ বাবে মাখিটো সাধাৰণতে পোৱা যায়। নাইৰোবি মাখি কেনিয়ান মাখি নামেৰেও পৰিচিত। ই এবিধ সৰু পোক আৰু ইয়াৰ দেহ দীঘলীয়া আকৃতিৰ। ইহঁত কমলা আৰু ক’লা ৰঙৰ এই মাখি বিধ পোহৰ আৰু আৰ্দ্ৰ স্থানৰ প্ৰতি অধিক আকৃষ্ট হয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ