--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছিকিম মণিপাল ইনষ্টিটিউট অৱ টেকন’লজি চমুকৈ এছ এম আই টিৰ চৌহদত  নাইৰোবি মাখিৰ সংস্পৰ্শলৈ অহাৰ পিছত পূব ছিকিমৰ উক্ত মহাবিদ্যালয়ৰ প্ৰায় ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ছালৰ গুৰুতৰ সংক্ৰমণত আক্ৰান্ত হৈছে ।পিটিআইৰ খবৰ অনুসৰি, ৰাজ্যৰ স্বাস্থ্য বিভাগে জনাইছে, ছিকিম মণিপাল ইনষ্টিটিউট অব টেকন’লজীৰ চৌহদত দ্ৰুতগতিত বৃদ্ধি পাইছে পূব আফ্ৰিকাৰ নাইৰোবি মাখি।

তদুপৰি স্বাস্থ্য বিভাগৰ বিষয়াসকলে কয় উক্ত মাখিবোৰ থলুৱা নহয় আৰু প্ৰজনন ক্ষেত্ৰ আৰু প্ৰচুৰ খাদ্য যোগানৰ সন্ধানত ঠাইলৈ যাব পাৰে। এই মাখিবোৰে সাধাৰণতে শস্য নষ্ট কৰি খায়। পিটিআইৰ এক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, মাখিৰ আক্ৰমণৰ ভয়াৱহতাৰ বিষয়ে অধিক বিৱৰণ দি বিষয়াসকলে কয় “এই মাখিয়ে নাকামোৰে, হুলেৰেও নিবিন্ধে। কিন্তু যদি কাৰোবাৰ ছালত পৰাৰ সময়ত কোনো বাধা আহে তেন্তে এই মাখিয়ে এবিধ শক্তিশালী এচিডজাতীয় পদাৰ্থ নিৰ্গত কৰে যিয়ে ছাল পুৰি পেলায়।"
সাৱধানতাসমূহৰ তালিকা প্ৰস্তুত কৰি বিষয়াসকলে কয় যে মাখিবোৰ লাহে লাহে উৰুৱাই দিব লাগে আৰু ইয়াক স্পৰ্শ কৰিব নালাগে। ইয়াৰ উপৰিও সংস্পৰ্শলৈ অহা ঠাইখিনি চাবোনেৰে ধুব লাগে।মাখিবোৰৰ সংস্পৰ্শলৈ অহা ছাত্ৰ-ছাত্ৰীৰ অৱস্থা উল্লেখ কৰি মহাবিদ্যালয় প্ৰশাসনে কয় যে আক্ৰান্ত ছাত্ৰ-ছাত্ৰীসকলে ঔষধ গ্ৰহণ কৰি সুস্থ হৈ উঠিছে ।এই মাখিবোৰ ধ্বংস কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে অধিক অৱগত কৰি প্ৰশাসনে কয় কেম্পাছত কীটনাশক স্প্ৰে কৰা হৈছে আৰু পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক কৰিবলগীয়া আৰু নকৰিবলগীয়া বিষয়সমূহৰ বিষয়ে সজাগ কৰা হৈছে।

নাইৰোবি মাখি হৈছে পূব আফ্ৰিকাৰ স্থানীয় প্ৰজাতিৰ এবিধ মাখি । পেডেৰিন নামেৰে জনাজাত এবিধ জাৰণকাৰী পদাৰ্থ এইবিধ মাখিৰ গাত পোৱা যায় , যি ছালৰ সংস্পৰ্শলৈ আহিলে ৰাসায়নিকভাৱে জ্বলা-পোৰা কৰিব পাৰে। এই জ্বলা-পোৰাৰ বাবে নাইৰোবি মাখিক কেতিয়াবা "ড্ৰেগন বাগ" বুলিও কোৱা হয়। মণিপালৰ শৈক্ষিক-কেম্পাছ চহৰত (কৰ্ণাটক, ভাৰত)প্ৰচণ্ড বৰষুণৰ বাবে মাখিটো সাধাৰণতে পোৱা যায়। নাইৰোবি মাখি কেনিয়ান মাখি নামেৰেও পৰিচিত। ই এবিধ সৰু পোক আৰু ইয়াৰ দেহ দীঘলীয়া আকৃতিৰ। ইহঁত কমলা আৰু ক’লা ৰঙৰ এই মাখি বিধ পোহৰ আৰু আৰ্দ্ৰ স্থানৰ প্ৰতি অধিক আকৃষ্ট হয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন