--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দলীয় বিসম্বাদৰ পৰিণতিত ক্ৰমাৎ পতনৰ দিশে আগবাঢ়িছে মহাৰাষ্ট্ৰৰ শাসনাধিষ্ঠ মহা বিকাশ আঘাৰী চৰকাৰ। ইতিমধ্যে চৰকাৰৰ পতনৰ প্ৰায় ঈঙ্গিত পোৱা গৈছে শিৱসেনাৰ আগশাৰীৰ নেতা সঞ্জয় ৰাউটৰ মন্তব্যত। এইবাৰ একেই ঈঙ্গিতে প্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেই। আজি অনুষ্ঠিত হোৱা দলীয় বৈঠকত নিজ ভাষণত তেনে এক ঈঙ্গিতেই দাঙি ধৰে ঠাকৰেই। বৈঠকত এক আৱেগিক ভাষণ প্ৰদান কৰি ঠাকৰেই তেওঁৰ বিৰোধ কৰি বিধায়কসকলে তেওঁৰ সন্মুখলৈ আহি এই বিষয়ে ক’বলৈ আহ্বান জনায়। দলীয় সতীৰ্থই বিচাৰিলে মুখ্যমন্ত্ৰী পদ এৰিবলৈ সাজু আছে বুলি ঘোষণা কৰিছে ঠাকৰেই।

ঠাকৰেই লগতে স্পষ্ট কৰি দিয়ে যে শিৱসেনা এতিয়াও বালাচাহেবৰ আদৰ্শৰ পৰা বিচ্যুত যোৱা নাই। বালাচাহেবে যি হিন্দুত্বৰ পোষকতা কৰিছিল, সেই হিন্দুত্ব কেতিয়াও ত্যাগ নকৰে বুলি ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। দলীয় বিসম্বাদে জৰ্জৰিত কৰিলেও বালাচাহেবৰ আদৰ্শৰে শিৱসেনা পৰিচালিত হ’ব বুলিও ঠাকৰেই দলীয় বৈঠকত মন্তব্য কৰে।

শাসনাধিষ্ঠ চৰকাৰৰ বিৰুদ্ধে বিসম্বাদৰ সূচনা কৰা একনাথ সিন্দে আৰু তেওঁলৈ সমৰ্থন আগবঢ়োৱা শিৱসেনাৰ ৪০ গৰাকী বিধায়কক মুকলিকৈ তেওঁৰ সন্মুখত উপস্থিত হৈ মুখামুখিকৈ তেওঁৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাই ঠাকৰেই কয় যে তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা অব্যাহতি ল’বলৈ ইচ্ছুক আৰু এই মুহূৰ্তত নিজৰ পদত্যাগ পত্ৰ সাজু কৰি ৰাখিছে। তেওঁৰ বিৰুদ্ধে অসন্তুষ্ট হোৱা কোনো এগৰাকীও বিধায়কে যদি তেওঁক মুখ্যমন্ত্ৰী হিচাপে নিবিচাৰে বুলি অভিযোগ কৰিব পাৰে, লগে লগে মুখ্যমন্ত্ৰী পদৰ লগতে চৰকাৰী বাসভৱনো ত্যাগ কৰিব বুলি স্পষ্টকৈ ঘোষণা কৰে ঠাকৰেই। 

"যদি মোৰ নিজৰ মানুহে মোক মুখ্যমন্ত্ৰী হিচাপে নিবিচাৰে, তেন্তে তেওঁ মোৰ ওচৰলৈ আহি এই বিষয়ে কোৱা উচিত। মই পদত্যাগ কৰিবলৈ সাজু। মই বালাচাহেবৰ পুত্ৰ, মই এটা পদবীৰ  মোহত নাই।"-  ঠাকৰেই কয়। 

উল্লেখ্য যে কিছুসময় পূৰ্বে বিসম্বাদী বিধায়ক তথা কেবিনেট মন্ত্ৰী একনাথ সিন্দেই ৰাজ্যপাল আৰু বিধানসভাৰ উপাধ্যক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰি তেওঁৰ প্ৰতি থকা বিধায়কৰ সমৰ্থন প্ৰমাণ কৰিবলৈ কিছু সময় বিচাৰে।  আনহাতে সিন্দেৰ সৈতে বিসম্বাদী শিবিৰত থকা ৩৪ জন বিধায়কেও পত্ৰযোগে সিন্দেক তেওঁলোকৰ নেতা বুলি ঘোষণা কৰিছে। 

এই বিসম্বাদী শিবিৰটোৱে সিন্দেক শিৱসেনা বিধায়িনী দলৰ নেতা হিচাপে অভিহিত কৰাৰ উপৰিও মহাৰাষ্ট্ৰ চৰকাৰৰ দুৰ্নীতি, নৱাব মালিক আৰু প্ৰাক্তন মন্ত্ৰী অনিল দেশমুখৰ দৰে মন্ত্ৰীৰ দুৰ্নীতি আৰু প্ৰশাসনিক বিষয়ত অসন্তুষ্টি প্ৰকাশ কৰে।

উল্লেখ্য যে বৰ্তমান মহাৰাষ্ট্ৰ বিধানসভাত শিৱ সেনাৰ ৫৫ জন বিধায়ক আছে। ইয়াৰে ৪০ জনে একনাথ সিন্দেলৈ সমৰ্থন আগবঢ়াইছে বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি