--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰমাৎ উৎকণ্ঠা বৃদ্ধি পাইছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক দৃশ্যপটৰ। শিৱসেনা-এনচিপি-কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰি নিশাটোৰ ভিতৰতে বিসম্বাদৰ সূচনা কৰা শিৱসেনাৰ আগশাৰীৰ নেতা একনাথ সিন্দেই এতিয়া মহাৰাষ্ট্ৰ চৰকাৰলৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি। এই বিসম্বাদৰ ফলশ্ৰুতিত প্ৰায় পতন ঘটাৰ উপক্ৰম হৈছে শাসনাধিষ্ঠ মহা বিকাশ আঘাৰী চৰকাৰৰ। 

দলৰ ভিতৰতে সৃষ্টি হোৱা বিসম্বাদে হঠাতে জুৰুলা কৰাৰ লগতে ক্ষমতাৰ স্থায়ীত্বৰ প্ৰতিও ভাবুকি কঢ়িয়াই অনাৰ পিছতে দিকবিদিক হেৰুৱাই পেলাইছে শিৱসেনাই। এনে সংকটাপন্ন পৰিস্থিতিৰ উপশম ঘটাবলৈ দলটোৱে আজি সন্ধিয়া আহ্বান কৰিছে এক জৰুৰী বৈঠকৰ। বৈঠকক কেন্দ্ৰ কৰি শিৱসেনাই দলীয় বিধায়কসকললৈ চূড়ান্ত সাৱধানবাণীও প্ৰেৰণ কৰিছে।

সন্ধিয়া ৫ বজাত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত শিৱসেনাই দলৰ সকলো বিধায়ককে উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে। হোৱাটছএপ, ইমেইল আৰু এছএমএছৰ জৰিয়তে প্ৰেৰণ কৰা এখন পত্ৰত শিৱসেনাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ চৰকাৰী বাসভৱন বৰ্ষাত অনুষ্ঠিত হ’বলগীয়া বৈঠকত উপস্থিত নথকা বিধায়কসকলৰ বাবে ফিশেষ সতৰ্কবাণীও প্ৰেৰণ কৰিছে। 

পত্ৰখনত কোৱা হৈছে যে যদি আজি সন্ধিয়া ৫ বজাত অনুষ্ঠিত হ’বলগীয়া এই সভাত কোনো বিধায়ক উপস্থিত নাথাকে, তেতিয়া সেই বিধায়ক গৰাকীয়ে দল ত্যাগ কৰিব বিচাৰে বুলি ধৰি লোৱা হ’ব আৰু দলীয় নীতিৰ আধাৰত সেই বিধায়কৰ সদস্যপদ বাতিল কৰা হ'ব।সম্প্ৰতি ক’ভিডত আক্ৰান্ত হোৱা শিৱসেনাৰ মুৰব্বী তথা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ভৱ ঠাকৰেই ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে সভাখনত সভাপতিত্ব কৰিব বুলি দলীয় সূত্ৰই লগতে উল্লেখ কৰিছে। 

শিৱসেনাই এই পত্ৰখন প্ৰকাশ কৰাৰ পিছতে বিসম্বাদৰ নেতৃত্ব বহন কৰা একনাথ সিন্দেই এই বৈঠকক অবৈধ আখ্যা দিছে। সম্প্ৰতি  সতীৰ্থ বিসম্বাদী বিধায়কসকলকৰ সৈতে গুৱাহাটীত বাহৰ পাতি থকা সিন্দেই দলৰ এই সাৱধানবাণীৰ প্ৰতি সঁহাৰি জনাই টুইটাৰ যোগে কয় যে ভাৰত গোগাভালেক শিৱসেনা বিধায়িনী দলৰ মুখ্য হুইপ হিচাপে নিযুক্তি দিয়া হৈছে আৰু সেয়েহে হুইপ সুনীল প্ৰভুৰ দ্বাৰা জাৰি কৰা এই নিৰ্দেশ অবৈধ।

উল্লেখ্য যে গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে সিন্দেই “বালাচাহেব ঠাকৰেৰ শিৱসেনা এৰি যোৱা নাই আৰু কেতিয়াও এৰি নাযাওঁ” বুলি ঘোষণা কৰিছিল। লগতে বালাচাহেব ঠাকৰেৰ হিন্দুত্ব প্ৰতিনিয়ত কঢ়িয়াই নিব বুলিও স্পষ্ট কৰি দিছিল সিন্দেই। মঙ্গবাৰেও ফোনযোগে উদ্ধৱ ঠাকৰেৰ সৈতে বাৰ্তালাপ কৰি শিৱসেনাৰ পৰা আঁতৰি নাযায় বুলি মন্তব্য কৰিছিল।

কিন্তু তেওঁ উদ্ধৱ ঠাকৰেক সিন্দেই কংগ্ৰেছ আৰু এনচিপিৰ সৈতে মিত্ৰতা ভংগ কৰি বিজেপিৰ সৈতে মিত্ৰতা কৰিবলৈ দাবী জনাইছিল। আজি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত সিন্দেই তেওঁৰ সৈতে ৪৬ গৰাকী বিধায়কৰ সমৰ্থন আছে বুলি দাবী কৰিছিল। সিন্দেৰ এই দাবীৰ পাছতে মহাৰাষ্ট্ৰৰ মহা বিকাশ আঘাৰী চৰকাৰ আক্ষৰিক অৰ্থতে ভংগ হোৱাৰ লক্ষণ গা কৰি উঠিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি