--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুখ কেতিয়া দুখলে পৰিৱৰ্তন হয় সেয়া কোনেও নাজানে। পৰিয়ালৰ সৈতে নতুন ঘৰ চাবলৈ আনন্দ মনেৰে গৈ আছিল মাতৃ-কন্যা।  সেই সময়তে ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক সাৱটি ল’লে মাতৃ-কন্যাই। এই ঘটনা সংঘটিত হৈছে গুৰগাঁৱত।

গুৰগাঁৱৰ ছেক্টৰ ১০৬ত পৰিয়ালটো গৈ থকা বাহনখনত বিপৰীত দিশৰ পৰা আহি থকা এছইউভি বাহনে প্ৰচণ্ড জোৰে খুন্দা মৰাত মাতৃ-কন্যাৰ থিতাতে মৃত্যু ঘটে। আহত হৈছে দুজন লোক।

নিহত মাতৃ-কন্যাহালৰ নাম নীলম (৬২) আৰু মণিকা (৩২) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, দিল্লীৰ দ্বাৰকাৰ নিৱাসী কমল মত্তা নামৰ লোকজনে পত্নী নীলম, কন্যা মণিকা আৰু ৰিয়েল ইষ্টেটৰ এজেণ্ট কৰণজিৎ সিঙৰ সৈতে ছেক্টৰ ১০৮ত এটা সম্পত্তি চাবলৈ গৈছিল।

তেওঁলোকে ৰাহেজা বেদান্ত ছ’চাইটিৰ সমীপত এটা ইউ টাৰ্ণ লোৱাৰ সময়তে এখন এছইউভি বাহনে পৰিয়ালৰ বলেন’ বাহনখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

এই দুৰ্ঘটনাত মাতৃ নীলম আৰু কন্যা মণিকাৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

পিছত ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ আহত কমল আৰু কৰণজিৎ সিঙক গাড়ীৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ