--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুখ কেতিয়া দুখলে পৰিৱৰ্তন হয় সেয়া কোনেও নাজানে। পৰিয়ালৰ সৈতে নতুন ঘৰ চাবলৈ আনন্দ মনেৰে গৈ আছিল মাতৃ-কন্যা।  সেই সময়তে ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক সাৱটি ল’লে মাতৃ-কন্যাই। এই ঘটনা সংঘটিত হৈছে গুৰগাঁৱত।

গুৰগাঁৱৰ ছেক্টৰ ১০৬ত পৰিয়ালটো গৈ থকা বাহনখনত বিপৰীত দিশৰ পৰা আহি থকা এছইউভি বাহনে প্ৰচণ্ড জোৰে খুন্দা মৰাত মাতৃ-কন্যাৰ থিতাতে মৃত্যু ঘটে। আহত হৈছে দুজন লোক।

নিহত মাতৃ-কন্যাহালৰ নাম নীলম (৬২) আৰু মণিকা (৩২) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, দিল্লীৰ দ্বাৰকাৰ নিৱাসী কমল মত্তা নামৰ লোকজনে পত্নী নীলম, কন্যা মণিকা আৰু ৰিয়েল ইষ্টেটৰ এজেণ্ট কৰণজিৎ সিঙৰ সৈতে ছেক্টৰ ১০৮ত এটা সম্পত্তি চাবলৈ গৈছিল।

তেওঁলোকে ৰাহেজা বেদান্ত ছ’চাইটিৰ সমীপত এটা ইউ টাৰ্ণ লোৱাৰ সময়তে এখন এছইউভি বাহনে পৰিয়ালৰ বলেন’ বাহনখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

এই দুৰ্ঘটনাত মাতৃ নীলম আৰু কন্যা মণিকাৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

পিছত ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ আহত কমল আৰু কৰণজিৎ সিঙক গাড়ীৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস