--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০ বছৰ বয়সতে তেওঁ প্ৰথমবাৰৰ বাবে বিবাহপাশত আবদ্ধ হয়। ইয়াৰ পিছত ৪৩টা বসন্ত পাৰ হৈ গৈছে। আৰু এই ৪৩ বছৰত তেওঁ ৫৩ বাৰ বিয়া পাতিছে। তেওঁক সকলোৱে ‘বহুবিবাহৰ ৰজা’ বুলি কয়। মানুহজনৰ প্ৰকৃত নাম আবু আব্দুল্লাহ। ৫৩ বাৰ বিয়া পাতি ছৌদি আৰৱৰ বাসিন্দা আব্দুল্লাই কয় যে ‘‘হ’ব আৰু বহুত হ’ল আৰু বিয়া নকৰাওঁ।’’ 

আব্দুল্লাই সংবাদ মাধ্যমৰ আগত কয় যে ২০ বছৰ বয়সত যেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে বিবাহপাশত আবদ্ধ হৈছিল তেতিয়া তেওঁ ভাবিছিল যে তেওঁ প্ৰথম পত্নীৰ সৈতে গোটেই জীৱন কটাব। কিন্তু তিনি বছৰৰ পাছত তেওঁৰ লগত মতানৈক্য হ’বলৈ ধৰিলে, সেয়ে তেওঁ দ্বিতীয়বাৰৰ বাবে বিয়া কৰাবলৈ সিদ্ধান্ত ল’লে। ইয়াৰ পাছত দ্বিতীয় পত্নীৰ লগতো অসুবিধা আৰম্ভ হোৱাৰ বাবে তেওঁ পুনৰ বিয়া পাতিলে। এইদৰেই আবু আব্দুল্লাহৰ বহু বিবাহৰ আৰম্ভণি হৈছিল। আব্দুল্লাই ৫৩ বাৰ বিয়া কেতিয়ানো পাতি পেলালে সেয়া হেনো তেওঁ নিজেও তলকিবই নোৱাৰিলে। 

৬৩ বছৰ বয়সত আব্দুল্লাই কয় যে তেওঁ জীৱনত কেতিয়াও নিজৰ প্ৰয়োজনৰ বাবে বিয়া কৰোৱা নাই। মানুহে জীৱনত শান্তি আৰু স্থিতিশীলতা বিচাৰে, সেই শান্তি বিচাৰি পাবলৈ বাৰে বাৰে বিয়া কৰোৱাটো প্ৰয়োজন।

বেছিভাগ ক্ষেত্ৰতে আব্দুল্লাই চৌদি আৰৱৰ মহিলাক বিয়া কৰাইছিল যদিও বিদেশ ভ্ৰমণ কৰি থাকোঁতে তেওঁ কেইবাবাৰো বিয়াও কৰিছিল। বাহিৰৰ পৰা বিয়া পতাৰ সময়তো তেওঁ শান্তি বিচাৰি নাপালে। সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত আব্দুল্লাই কয় যে তিনি-চাৰি মাহ বিদেশত থকাৰ সময়ত যাতে তেওঁ ব্যভিচাৰত লিপ্ত নহয় তাৰ বাবে তেওঁ মহিলাগৰাকীক বিয়া পাতি থয়। এই নীতি মানি চলি তেওঁ এৰাতিৰ বাবেও বিয়া কৰাব লগা হৈছিল বুলি স্বীকাৰ কৰে আব্দুল্লাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ