--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০ বছৰ বয়সতে তেওঁ প্ৰথমবাৰৰ বাবে বিবাহপাশত আবদ্ধ হয়। ইয়াৰ পিছত ৪৩টা বসন্ত পাৰ হৈ গৈছে। আৰু এই ৪৩ বছৰত তেওঁ ৫৩ বাৰ বিয়া পাতিছে। তেওঁক সকলোৱে ‘বহুবিবাহৰ ৰজা’ বুলি কয়। মানুহজনৰ প্ৰকৃত নাম আবু আব্দুল্লাহ। ৫৩ বাৰ বিয়া পাতি ছৌদি আৰৱৰ বাসিন্দা আব্দুল্লাই কয় যে ‘‘হ’ব আৰু বহুত হ’ল আৰু বিয়া নকৰাওঁ।’’ 

আব্দুল্লাই সংবাদ মাধ্যমৰ আগত কয় যে ২০ বছৰ বয়সত যেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে বিবাহপাশত আবদ্ধ হৈছিল তেতিয়া তেওঁ ভাবিছিল যে তেওঁ প্ৰথম পত্নীৰ সৈতে গোটেই জীৱন কটাব। কিন্তু তিনি বছৰৰ পাছত তেওঁৰ লগত মতানৈক্য হ’বলৈ ধৰিলে, সেয়ে তেওঁ দ্বিতীয়বাৰৰ বাবে বিয়া কৰাবলৈ সিদ্ধান্ত ল’লে। ইয়াৰ পাছত দ্বিতীয় পত্নীৰ লগতো অসুবিধা আৰম্ভ হোৱাৰ বাবে তেওঁ পুনৰ বিয়া পাতিলে। এইদৰেই আবু আব্দুল্লাহৰ বহু বিবাহৰ আৰম্ভণি হৈছিল। আব্দুল্লাই ৫৩ বাৰ বিয়া কেতিয়ানো পাতি পেলালে সেয়া হেনো তেওঁ নিজেও তলকিবই নোৱাৰিলে। 

৬৩ বছৰ বয়সত আব্দুল্লাই কয় যে তেওঁ জীৱনত কেতিয়াও নিজৰ প্ৰয়োজনৰ বাবে বিয়া কৰোৱা নাই। মানুহে জীৱনত শান্তি আৰু স্থিতিশীলতা বিচাৰে, সেই শান্তি বিচাৰি পাবলৈ বাৰে বাৰে বিয়া কৰোৱাটো প্ৰয়োজন।

বেছিভাগ ক্ষেত্ৰতে আব্দুল্লাই চৌদি আৰৱৰ মহিলাক বিয়া কৰাইছিল যদিও বিদেশ ভ্ৰমণ কৰি থাকোঁতে তেওঁ কেইবাবাৰো বিয়াও কৰিছিল। বাহিৰৰ পৰা বিয়া পতাৰ সময়তো তেওঁ শান্তি বিচাৰি নাপালে। সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত আব্দুল্লাই কয় যে তিনি-চাৰি মাহ বিদেশত থকাৰ সময়ত যাতে তেওঁ ব্যভিচাৰত লিপ্ত নহয় তাৰ বাবে তেওঁ মহিলাগৰাকীক বিয়া পাতি থয়। এই নীতি মানি চলি তেওঁ এৰাতিৰ বাবেও বিয়া কৰাব লগা হৈছিল বুলি স্বীকাৰ কৰে আব্দুল্লাই।
FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রধানমন্ত্রী ধন-ধান্য কৃষি আঁচনিত অনুমোদন
তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ?
ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত গীতাৰ পাঠ বাধ্যতামূলক…
বন্ধ হৈ যাব পাৰে  আপোনাৰ আধাৰ কাৰ্ড ! আধাৰ কাৰ্ডক লৈ জৰুৰী নিৰ্দেশনা জাৰী UIDAIৰ
এজোপা ঘিলা গছৰ বয়স ৬০০ বছৰ ; গোলাঘাটৰ মাজাৰত অসমৰ আটাইতকৈ পুৰণি গছ
শ্ৰীভূমিত চাঞ্চল্যকৰ ডকাইতি কাণ্ড ; গৃহস্থৰ হাত ভৰি বান্ধি তাণ্ডব ডকাইত দলৰ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে