--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পশ্চিম কেনিয়াৰ এজন ৬১ বছৰীয়া গাঁৱৰ লোক নিজৰ সংসাৰখনৰ বাবে চৰ্চালৈ আহিছে। তেওঁৰ সংসাৰত কোন কোন আছে জানেনে?  মানুহজনৰ নাম ডেভিদ ছাকায়ো কালুহানা। তেওঁৰ পত্নীৰ সংখ্যা ১৫ গৰাকী। সন্তানৰ সংখ্যা ১০৭ টা। ডেভিদৰ মতে, তেওঁ পত্নী আৰু সন্তানৰ সৈতে বৰ সুখেৰে দিন পাৰ কৰিছে।

ডেভিদক লৈ এখন তথ্যচিত্ৰও নিৰ্মাণ কৰা হৈছে। নহবনো কিয়, পৃথিৱীত এনে লোক বিৰল। শেহতীয়াকৈ ইণ্টাৰনেটত ভাইৰেল হৈছে এই তথ্যচিত্ৰখন। দেখা গৈছে যে ডেভিদে বিভিন্ন বয়সৰ পত্নীৰ সৈতে ভালদৰে জীৱন যাপন কৰি আছে। প্ৰতিজনী পত্নীৰ লগত আছে তেওঁৰ ভাল সম্পৰ্ক।


ডেভিদৰ দাবী, তেওঁ অপৰিসীম জ্ঞানৰ অধিকাৰী! তেওঁ এজন ইতিহাসবিদ। তেওঁৰ জীৱনৰ সাধনা হৈছে বিশাল ইতিহাস আয়ত্ত কৰা। তেওঁৰ জ্ঞানৰ ভাণ্ডাৰ অপৰিসীম। এনে মগজুক কোনো নাৰীয়ে একলে চম্ভালিব পৰাটো কেতিয়াও সম্ভৱ নহয়। সেইবাবেই তেওঁ এজনীতকৈ বেছি বিয়া পাতিলে।

"মই বহুত স্মাৰ্ট, কেৱল এজনী পত্নীয়ে মোক চম্ভালা সহজ নহয়!", এনে যুক্তিৰ প্ৰতিবাদ কৰাৰ সাহস চুবুৰীয়াৰ নাই। হয়তো তেওঁলোকে ডেভিদৰ আত্মবিশ্বাসী কথাত অলপ বিশ্বাস কৰে। ডেভিদ এজন জ্ঞানী মানুহ যিয়ে হাজাৰ হাজাৰ অধ্যয়ন জানে।

ডেভিদে তেওঁৰ পত্নীসকলক কয় যে, "আৰু আহি আছে!"অৰ্থাৎ ভৱিষ্যতে তেওঁ আৰু বিয়া কৰাব। ডেভিদে ইতিমধ্যে তেওঁৰ সকলো পত্নীক এই কথাটো জনাই থৈছে।

ডেভিদৰ মতে তেওঁ ৰজা চলোমনৰ দৰেই। চলোমন আছিল প্ৰাচীন ইস্ৰায়েলৰ ৰজা যিয়ে সমগ্ৰ জগতক জয় কৰিছিল। তেওঁ বৰ বুদ্ধিমান আছিল। চলোমনৰ ১০০০ গৰাকী পত্নী আছিল। আৰু ডেভিদে সেই ৰজাৰ লগত বাৰে বাৰে নিজকে তুলনা কৰিছিল।

বিভিন্ন জনগোষ্ঠীৰ লোকসকলে ডেভিদক ভাষণ দিবলৈ আমন্ত্ৰণ জনায়। এটা বৃহৎ ঘৰ চলোৱাৰ খৰচ ডেভিদৰ ভ্ৰমণ খৰচ আৰু সন্মানীয় ধনৰ পৰাই আহে। ডেভিদৰ পত্নীসকলে ঘৰৰ কামবোৰ নিজৰ মাজত ভাগ কৰি লয়। ডেভিদে সকলোৰে বাবে সময় উলিয়ায়।

"আমি ভাল জীৱন জীয়াই আছো।" আমাৰ মাজত ইজনে সিজনৰ প্ৰতি মৰম আছে। আমাৰ মাজত কোনো সংঘাত নাই।’- ডেভিদৰ এগৰাকী পত্নীয়ে এনদৰে কয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ