--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পশ্চিম কেনিয়াৰ এজন ৬১ বছৰীয়া গাঁৱৰ লোক নিজৰ সংসাৰখনৰ বাবে চৰ্চালৈ আহিছে। তেওঁৰ সংসাৰত কোন কোন আছে জানেনে?  মানুহজনৰ নাম ডেভিদ ছাকায়ো কালুহানা। তেওঁৰ পত্নীৰ সংখ্যা ১৫ গৰাকী। সন্তানৰ সংখ্যা ১০৭ টা। ডেভিদৰ মতে, তেওঁ পত্নী আৰু সন্তানৰ সৈতে বৰ সুখেৰে দিন পাৰ কৰিছে।

ডেভিদক লৈ এখন তথ্যচিত্ৰও নিৰ্মাণ কৰা হৈছে। নহবনো কিয়, পৃথিৱীত এনে লোক বিৰল। শেহতীয়াকৈ ইণ্টাৰনেটত ভাইৰেল হৈছে এই তথ্যচিত্ৰখন। দেখা গৈছে যে ডেভিদে বিভিন্ন বয়সৰ পত্নীৰ সৈতে ভালদৰে জীৱন যাপন কৰি আছে। প্ৰতিজনী পত্নীৰ লগত আছে তেওঁৰ ভাল সম্পৰ্ক।


ডেভিদৰ দাবী, তেওঁ অপৰিসীম জ্ঞানৰ অধিকাৰী! তেওঁ এজন ইতিহাসবিদ। তেওঁৰ জীৱনৰ সাধনা হৈছে বিশাল ইতিহাস আয়ত্ত কৰা। তেওঁৰ জ্ঞানৰ ভাণ্ডাৰ অপৰিসীম। এনে মগজুক কোনো নাৰীয়ে একলে চম্ভালিব পৰাটো কেতিয়াও সম্ভৱ নহয়। সেইবাবেই তেওঁ এজনীতকৈ বেছি বিয়া পাতিলে।

"মই বহুত স্মাৰ্ট, কেৱল এজনী পত্নীয়ে মোক চম্ভালা সহজ নহয়!", এনে যুক্তিৰ প্ৰতিবাদ কৰাৰ সাহস চুবুৰীয়াৰ নাই। হয়তো তেওঁলোকে ডেভিদৰ আত্মবিশ্বাসী কথাত অলপ বিশ্বাস কৰে। ডেভিদ এজন জ্ঞানী মানুহ যিয়ে হাজাৰ হাজাৰ অধ্যয়ন জানে।

ডেভিদে তেওঁৰ পত্নীসকলক কয় যে, "আৰু আহি আছে!"অৰ্থাৎ ভৱিষ্যতে তেওঁ আৰু বিয়া কৰাব। ডেভিদে ইতিমধ্যে তেওঁৰ সকলো পত্নীক এই কথাটো জনাই থৈছে।

ডেভিদৰ মতে তেওঁ ৰজা চলোমনৰ দৰেই। চলোমন আছিল প্ৰাচীন ইস্ৰায়েলৰ ৰজা যিয়ে সমগ্ৰ জগতক জয় কৰিছিল। তেওঁ বৰ বুদ্ধিমান আছিল। চলোমনৰ ১০০০ গৰাকী পত্নী আছিল। আৰু ডেভিদে সেই ৰজাৰ লগত বাৰে বাৰে নিজকে তুলনা কৰিছিল।

বিভিন্ন জনগোষ্ঠীৰ লোকসকলে ডেভিদক ভাষণ দিবলৈ আমন্ত্ৰণ জনায়। এটা বৃহৎ ঘৰ চলোৱাৰ খৰচ ডেভিদৰ ভ্ৰমণ খৰচ আৰু সন্মানীয় ধনৰ পৰাই আহে। ডেভিদৰ পত্নীসকলে ঘৰৰ কামবোৰ নিজৰ মাজত ভাগ কৰি লয়। ডেভিদে সকলোৰে বাবে সময় উলিয়ায়।

"আমি ভাল জীৱন জীয়াই আছো।" আমাৰ মাজত ইজনে সিজনৰ প্ৰতি মৰম আছে। আমাৰ মাজত কোনো সংঘাত নাই।’- ডেভিদৰ এগৰাকী পত্নীয়ে এনদৰে কয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ