--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘বাদাম বাদাম দাদা কাচা বাদাম, আমাৰ কাছে নাই গো বুবু ভাজা বাদাম’-এই কাচা বাদাম গান গাই ৰাতিৰ ভিতৰতে জনপ্ৰিয় হৈ উঠিল ভুৱন বাদ্যকৰ। ছ’চিয়েল মিডিয়াত ধুমুহা গতিত ভাইৰেল হৈ পৰিল গানটো।কাচা বাদাম গাই অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিলে পশ্চিমবংগৰ বীৰভূমৰ বাদাম বিক্ৰেতা ভুৱন বাদ্যকৰে। এক অৰ্থত তেওঁ ৰকষ্টাৰ হৈ পৰিছে। বৰ্তমান তেওঁ কলকাতাৰ বিভিন্ন অনুষ্ঠানত গান পৰিৱেশন কৰি সকলোৰে পৰা ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ভুবনে কলকাতাৰ এখন ফাইভ ষ্টাৰ হোটেলত লাইভ প্ৰদৰ্শন কৰে। জিলিকি থকা জেকেট পিন্ধি ভুৱনে সেই অভিজাত নাইট ক্লাবত তেওঁৰ গানত মানুহক খুব নচুৱাইছিল। তিনি মাহৰ আগলৈকে তেওঁৰ বাবে পৰিয়াল প্ৰতিপালন কৰাটো কঠিন আছিল। বৰ্তমান কাচা বাদাম গানটো ইউটিউৱত আপলোড কৰা মিউজিক কোম্পানীটোৱে তেওঁক ৰয়েলটি হিচাপে ৩ লাখ টকা দিছে। হঠাতে ইমান মৰম আৰু খ্যাতি লাভ কৰি অভিভূত হৈ পৰিছে ভুৱন। ভুবনে আৰু বাদাম বিক্ৰী কৰিব নিবিচাৰে। তেওঁ এগৰাকী শিল্পী হৈ জীৱন কটাব বিচাৰে। ভুৱন বাদ্যকৰে কয় যে তেওঁৰ চুবুৰীয়াসকলে এতিয়া তেওঁক বাদাম বিক্ৰী কৰিবলৈ মানা কৰিছে। ছ’চিয়েল মিডিয়াৰ শক্তি কিমান সেয়া হয়তো ভুৱন বাদ্যকৰতকৈ বেছি আন কোনেও বুজিব নোৱাৰে।ভুবনে কৈছিল যে তেওঁ মানুহৰ পৰা ইমান মৰম পাইছে যে তেওঁৰ সুখ প্ৰকাশ কৰিবলৈ তেওঁৰ ওচৰত শব্দ অভাৱ। ভুৱনক সোধা হৈছিল যে তেওঁ পৰৱৰ্তী সময়ত কি কৰিব? তেওঁ উত্তৰ দিছিল, "মই এজন শিল্পী হ'ব বিচাৰো। মই এজন চেলিব্ৰিটি হৈ পৰিছোঁ। এতিয়া যদি মই এজন চেলিব্ৰিটি হৈ বাদাম বিক্ৰী কৰোঁ, মানুহে মোক হাঁহিব... ঠাট্টা কৰিব। ভুবনে লগতে কয় যে যেতিয়াৰ পৰা তেওঁৰ গাওঁবাসীয়ে তেওঁৰ খ্যাতিৰ বিষয়ে জানিব পাৰিছে তেতিয়াৰে পৰা তেওঁক বাদাম বিক্ৰী কৰিবলৈ যোৱা বন্ধ কৰি দিছে। গাঁওবাসীয়ে কৈছে যে ‘‘এতিয়াও যদি মই ৰাস্তাই ৰাস্তাই ঘূৰি ঘূৰি বাদাম বিক্ৰী কৰি ফুৰোঁ,মোক কোনোবাই অপহৰণ কৰি নিব পাৰে।‘‘ উল্লেখ্য যে ভুবনে যোৱা ১০ বছৰ ধৰি বাদাম বিক্ৰী কৰি আছিল। য'ত তেওঁ প্ৰতিদিনে ২৫০-৩০০ টকা উপাৰ্জন কৰিছিল। বৰ্তমান সময়ত ভুৱন বাদ্যকৰ এগৰাকী ইণ্টাৰনেট ছেন্সেছন হৈ পৰিছে। আৰু পঢ়কঃ প্ৰিয়ংকাই মোৰ সৈতে অন্তৰংগ দৃশ্য কৰা নাছিল কাৰণ মই দেখাত বেয়াঃ অনু কাপুৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন