--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘বাদাম বাদাম দাদা কাচা বাদাম, আমাৰ কাছে নাই গো বুবু ভাজা বাদাম’-এই কাচা বাদাম গান গাই ৰাতিৰ ভিতৰতে জনপ্ৰিয় হৈ উঠিল ভুৱন বাদ্যকৰ। ছ’চিয়েল মিডিয়াত ধুমুহা গতিত ভাইৰেল হৈ পৰিল গানটো।কাচা বাদাম গাই অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিলে পশ্চিমবংগৰ বীৰভূমৰ বাদাম বিক্ৰেতা ভুৱন বাদ্যকৰে। এক অৰ্থত তেওঁ ৰকষ্টাৰ হৈ পৰিছে। বৰ্তমান তেওঁ কলকাতাৰ বিভিন্ন অনুষ্ঠানত গান পৰিৱেশন কৰি সকলোৰে পৰা ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ভুবনে কলকাতাৰ এখন ফাইভ ষ্টাৰ হোটেলত লাইভ প্ৰদৰ্শন কৰে। জিলিকি থকা জেকেট পিন্ধি ভুৱনে সেই অভিজাত নাইট ক্লাবত তেওঁৰ গানত মানুহক খুব নচুৱাইছিল। তিনি মাহৰ আগলৈকে তেওঁৰ বাবে পৰিয়াল প্ৰতিপালন কৰাটো কঠিন আছিল। বৰ্তমান কাচা বাদাম গানটো ইউটিউৱত আপলোড কৰা মিউজিক কোম্পানীটোৱে তেওঁক ৰয়েলটি হিচাপে ৩ লাখ টকা দিছে। হঠাতে ইমান মৰম আৰু খ্যাতি লাভ কৰি অভিভূত হৈ পৰিছে ভুৱন। ভুবনে আৰু বাদাম বিক্ৰী কৰিব নিবিচাৰে। তেওঁ এগৰাকী শিল্পী হৈ জীৱন কটাব বিচাৰে। ভুৱন বাদ্যকৰে কয় যে তেওঁৰ চুবুৰীয়াসকলে এতিয়া তেওঁক বাদাম বিক্ৰী কৰিবলৈ মানা কৰিছে। ছ’চিয়েল মিডিয়াৰ শক্তি কিমান সেয়া হয়তো ভুৱন বাদ্যকৰতকৈ বেছি আন কোনেও বুজিব নোৱাৰে।ভুবনে কৈছিল যে তেওঁ মানুহৰ পৰা ইমান মৰম পাইছে যে তেওঁৰ সুখ প্ৰকাশ কৰিবলৈ তেওঁৰ ওচৰত শব্দ অভাৱ। ভুৱনক সোধা হৈছিল যে তেওঁ পৰৱৰ্তী সময়ত কি কৰিব? তেওঁ উত্তৰ দিছিল, "মই এজন শিল্পী হ'ব বিচাৰো। মই এজন চেলিব্ৰিটি হৈ পৰিছোঁ। এতিয়া যদি মই এজন চেলিব্ৰিটি হৈ বাদাম বিক্ৰী কৰোঁ, মানুহে মোক হাঁহিব... ঠাট্টা কৰিব। ভুবনে লগতে কয় যে যেতিয়াৰ পৰা তেওঁৰ গাওঁবাসীয়ে তেওঁৰ খ্যাতিৰ বিষয়ে জানিব পাৰিছে তেতিয়াৰে পৰা তেওঁক বাদাম বিক্ৰী কৰিবলৈ যোৱা বন্ধ কৰি দিছে। গাঁওবাসীয়ে কৈছে যে ‘‘এতিয়াও যদি মই ৰাস্তাই ৰাস্তাই ঘূৰি ঘূৰি বাদাম বিক্ৰী কৰি ফুৰোঁ,মোক কোনোবাই অপহৰণ কৰি নিব পাৰে।‘‘ উল্লেখ্য যে ভুবনে যোৱা ১০ বছৰ ধৰি বাদাম বিক্ৰী কৰি আছিল। য'ত তেওঁ প্ৰতিদিনে ২৫০-৩০০ টকা উপাৰ্জন কৰিছিল। বৰ্তমান সময়ত ভুৱন বাদ্যকৰ এগৰাকী ইণ্টাৰনেট ছেন্সেছন হৈ পৰিছে। আৰু পঢ়কঃ প্ৰিয়ংকাই মোৰ সৈতে অন্তৰংগ দৃশ্য কৰা নাছিল কাৰণ মই দেখাত বেয়াঃ অনু কাপুৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান