--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী শাহু সমাজৰ বাবে আদৰ্শ হৈ পৰিছে। শাহুগৰাকীয়ে তেওঁৰ বিধৱা বোৱাৰীক দ্বিতীয়বাৰৰ বাবে বিয়া পাতি দি সমাজত এক উদাহৰণ দাঙি ধৰিছে। শাহুৱেকে নিজ কন্যাৰ দৰে অন্য এগৰাকী যুৱকলৈ বিয়া দিলে বিধৱা বোৱাৰীক। এই ঘটনা ৰাজস্থানৰ ফতেহপুৰ শ্বেখাৱতীৰ। চৰকাৰী শিক্ষয়িত্ৰী কমলা দেৱীৰ সৰু পুত্ৰ শুভমে ২০১৬ চনৰ ২৫ মে'ত সুনীতা নামৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহৰ পাছত শুভমে এমবিবিএছ অধ্যয়ন কৰিবলৈ কিৰগিজস্তানলৈ যায়। তাত ২০১৬ চনৰ নৱেম্বৰত তেওঁ ব্ৰেইন ষ্ট্ৰোকৰ ফলত মৃত্যুবৰণ কৰে। শুভমৰ অকাল মৃত্যুত দুখত ভাগি পৰা বোৱাৰী সুনীতাৰ কাষত সাহস ৰূপে থিয় দিছিল শাহুৱেক কমলা দেৱী। বোৱাৰীক পঢ়াই-শুনাই আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে শাহুৱেকে। শাহুৱেকৰ সাহস আৰু সমৰ্থনত সুনীতা কলেজৰ এগৰাকী প্ৰবক্তা হবলৈ সক্ষম হয়। পুত্ৰৰ মৃত্যুৰ ৫ বছৰৰ পাছত শাহুৱেকে তেওঁৰ বোৱাৰী সুনীতাক মুকেশ নামৰ এজন যুৱকলৈ বিয়া দিয়ে৷ কমলা দেৱীয়ে কৈছিল যে তেওঁৰ পুত্ৰ শুভম আৰু সুনীতাই এটা অনুষ্ঠানত ইজনে সিজনক লগ পাইছিল। শুভমে ঘৰত এই কথা কোৱাত তেওঁলোকে সুনীতাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে বিয়াৰ বাবে কথা পাতিছিল। বিয়াৰ সময়ত সুনীতাৰ পৰিয়ালৰ আৰ্থিক অৱস্থা বেয়া আছিল। সুনীতাক যৌতুক অবিহনে বিয়া পাতি ঘৰৰ বোৱাৰী কৰিছিল শুভমৰ পৰিয়ালে। কিন্তু ভাগ্যই লিখি থৈছিল অন্য এক লিখন। শুভমৰ বিয়াৰ মাত্ৰ কেইমাহমান পাছতে মৃত্যু হয়। সুনীতাৰ সন্দৰ্ভত শাহুৱেকে কয় যে "সুনীতাই প্ৰথমে তাইৰ মাক-দেউতাকৰ ঘৰখন সুখেৰে ভৰাই তুলিছিল। বিয়াৰ পিছত আমাৰ ঘৰখনত পুত্ৰীৰ দৰে বাস কৰিছিল আৰু আমাক সুখী কৰি তুলিছিল। এতিয়া তেওঁ মুকেশৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে, সেই ঘৰখনো সুনীতাই সুখেৰে ভৰাই তুলিব।" [caption id="attachment_132715" align="aligncenter" width="300"] শাহু কমলা দেৱীৰ সৈতে সুনীতা[/caption] উল্লেখ্য যে সুনীতাৰ দ্বিতীয় স্বামী মুকেশে বৰ্তমান ভূপালত চিএজি অডিটৰ হিচাপে কাম কৰি আছে। মুকেশৰ পৰিয়ালত পিতৃ-মাতৃ আৰু ভাতৃ আছে, তেওঁলোকে চিকাৰৰ চান্দপুৰা গাঁৱত বাস কৰে। মুকেশৰো এইখন দ্বিতীয় বিবাহ। তেওঁৰ প্ৰথম পত্নীৰ নাম আছিল সুমন বাগাদিয়া। সুমন ৰাজস্থান আৰক্ষীৰ এগৰাকী এএছআই আছিল। তেওঁ এক পথ দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছিল। মুকেশ আৰু সুনীতাৰ যুগ্ম জীৱন সুখৰ হ'বলৈ শুভকামনা জনাইছে শুভাকাংক্ষীয়ে। আৰু পঢ়কঃ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ হ’লেই ‘কা’ বলবৎ হ’ব,পিছুৱাই অহাৰ প্ৰশ্নই নুঠেঃ অমিত শ্বাহ

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন