--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী শাহু সমাজৰ বাবে আদৰ্শ হৈ পৰিছে। শাহুগৰাকীয়ে তেওঁৰ বিধৱা বোৱাৰীক দ্বিতীয়বাৰৰ বাবে বিয়া পাতি দি সমাজত এক উদাহৰণ দাঙি ধৰিছে। শাহুৱেকে নিজ কন্যাৰ দৰে অন্য এগৰাকী যুৱকলৈ বিয়া দিলে বিধৱা বোৱাৰীক। এই ঘটনা ৰাজস্থানৰ ফতেহপুৰ শ্বেখাৱতীৰ। চৰকাৰী শিক্ষয়িত্ৰী কমলা দেৱীৰ সৰু পুত্ৰ শুভমে ২০১৬ চনৰ ২৫ মে'ত সুনীতা নামৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহৰ পাছত শুভমে এমবিবিএছ অধ্যয়ন কৰিবলৈ কিৰগিজস্তানলৈ যায়। তাত ২০১৬ চনৰ নৱেম্বৰত তেওঁ ব্ৰেইন ষ্ট্ৰোকৰ ফলত মৃত্যুবৰণ কৰে। শুভমৰ অকাল মৃত্যুত দুখত ভাগি পৰা বোৱাৰী সুনীতাৰ কাষত সাহস ৰূপে থিয় দিছিল শাহুৱেক কমলা দেৱী। বোৱাৰীক পঢ়াই-শুনাই আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে শাহুৱেকে। শাহুৱেকৰ সাহস আৰু সমৰ্থনত সুনীতা কলেজৰ এগৰাকী প্ৰবক্তা হবলৈ সক্ষম হয়। পুত্ৰৰ মৃত্যুৰ ৫ বছৰৰ পাছত শাহুৱেকে তেওঁৰ বোৱাৰী সুনীতাক মুকেশ নামৰ এজন যুৱকলৈ বিয়া দিয়ে৷ কমলা দেৱীয়ে কৈছিল যে তেওঁৰ পুত্ৰ শুভম আৰু সুনীতাই এটা অনুষ্ঠানত ইজনে সিজনক লগ পাইছিল। শুভমে ঘৰত এই কথা কোৱাত তেওঁলোকে সুনীতাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে বিয়াৰ বাবে কথা পাতিছিল। বিয়াৰ সময়ত সুনীতাৰ পৰিয়ালৰ আৰ্থিক অৱস্থা বেয়া আছিল। সুনীতাক যৌতুক অবিহনে বিয়া পাতি ঘৰৰ বোৱাৰী কৰিছিল শুভমৰ পৰিয়ালে। কিন্তু ভাগ্যই লিখি থৈছিল অন্য এক লিখন। শুভমৰ বিয়াৰ মাত্ৰ কেইমাহমান পাছতে মৃত্যু হয়। সুনীতাৰ সন্দৰ্ভত শাহুৱেকে কয় যে "সুনীতাই প্ৰথমে তাইৰ মাক-দেউতাকৰ ঘৰখন সুখেৰে ভৰাই তুলিছিল। বিয়াৰ পিছত আমাৰ ঘৰখনত পুত্ৰীৰ দৰে বাস কৰিছিল আৰু আমাক সুখী কৰি তুলিছিল। এতিয়া তেওঁ মুকেশৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে, সেই ঘৰখনো সুনীতাই সুখেৰে ভৰাই তুলিব।" [caption id="attachment_132715" align="aligncenter" width="300"] শাহু কমলা দেৱীৰ সৈতে সুনীতা[/caption] উল্লেখ্য যে সুনীতাৰ দ্বিতীয় স্বামী মুকেশে বৰ্তমান ভূপালত চিএজি অডিটৰ হিচাপে কাম কৰি আছে। মুকেশৰ পৰিয়ালত পিতৃ-মাতৃ আৰু ভাতৃ আছে, তেওঁলোকে চিকাৰৰ চান্দপুৰা গাঁৱত বাস কৰে। মুকেশৰো এইখন দ্বিতীয় বিবাহ। তেওঁৰ প্ৰথম পত্নীৰ নাম আছিল সুমন বাগাদিয়া। সুমন ৰাজস্থান আৰক্ষীৰ এগৰাকী এএছআই আছিল। তেওঁ এক পথ দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছিল। মুকেশ আৰু সুনীতাৰ যুগ্ম জীৱন সুখৰ হ'বলৈ শুভকামনা জনাইছে শুভাকাংক্ষীয়ে। আৰু পঢ়কঃ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ হ’লেই ‘কা’ বলবৎ হ’ব,পিছুৱাই অহাৰ প্ৰশ্নই নুঠেঃ অমিত শ্বাহ

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান