--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মুকলি আকাশৰ তলত ৰাজীৱ গান্ধীৰ হত্যাকাৰী৷ সুদীৰ্ঘ ৩১ বছৰৰ কাৰাবাস খাটি জামিন লাভ কৰিলে জি পেৰাৰিভালন ওৰফে আৰিভুকে৷ উল্লেখ্য যে, ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ সাতজন দোষীৰ ভিতৰত এজন আছিল জি পেৰাৰিভালন৷ উচ্চতম ন্যায়ালয়ে জামিন দিয়াৰ এসপ্তাহ পাছত মঙলবাৰে চেন্নাইৰ পুঝাল কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয় তেওঁক। তেওঁ কাৰাগাৰৰ পৰা ওলাই অহাৰ লগে লগে তেওঁৰ মাতৃ অৰ্পুত্ৰম আম্মলে ন্যায়পালিকা আৰু শুভাকাংক্ষীসকলক তেওঁৰ দীঘলীয়া যুঁজত সমৰ্থন আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। পেৰাৰিভালনে ৩১ বছৰ কাৰাগাৰত কটাইছিল, যাৰ ভিতৰত ২৬ বছৰ পেৰোল অবিহনে আছিল। ৩১ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে পেৰাৰিভালনে সশস্ত্ৰ আৰক্ষীৰ জোৱান অবিহনে কাৰাগাৰৰ পৰা ওলাই আহিছে। কাৰাগাৰৰ পৰা মুক্ত হোৱা দিনটোত তেওঁ নিজকে এটা 'মুক্ত চৰাই' হিচাপে অভিহিত কৰিছে৷ ১৯৯১ চনৰ জুন মাহত, ১৯ বছৰ বয়সত, প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাৰ কেইসপ্তাহমান পাছত চিবিআইয়ে তেওঁক সোধা-পোছাৰ বাবে জিম্মাত লৈছিল। মৃত্যুদণ্ডৰ দণ্ডিত হোৱা অপৰাধী হিচাপে বহু বছৰ ধৰি অকলশৰীয়া কৈ থকাৰ পাছত, তেওঁক সকাহ দিছিল উচ্চতম ন্যায়ালয়ে৷ উচ্চতম ন্যায়ালয়ে ২০১৪ চনত তেওঁৰ মৃত্যুদণ্ডৰ শাস্তি পুনৰীক্ষণ আৱেদনৰ ৰায়ৰ দ্বাৰা আজীৱন কাৰাদণ্ডলৈ পৰিৱৰ্তন কৰিছিল। তেওঁৰ প্ৰথম পেৰোল পাবলৈ তেওঁক আৰু তিনি বছৰ সময় লাগিছিল। তেওঁৰ ৭০ বছৰীয়া মাতৃয়ে পুত্ৰৰ মৃত্যুদণ্ডৰ বিৰুদ্ধে দেশজুৰি আন্দোলনৰ এক প্ৰতিমূৰ্তি হিচাপে আত্মপ্ৰকাশ কৰিছে। ২০১৭ চনত তেওঁৰ প্ৰথম পেৰোলৰ সময়ত, তেওঁ কৈছিল যে কেনেদৰে কাৰাবাসৰ দুৰ্বিসহ জীৱন তেওঁ কটাইছিল৷ যাৰ ফলত তেওঁৰ ৫ ইন্দ্ৰিয়ৰ কাৰ্যক্ষমতা লাহে লাহে নাইকিয়া হৈ পৰিছিল৷ বন্ধ কুঠৰিত তেওঁ পেৰাৰিভালনে ইটা গণনা কৰিছিল, দুৱাৰৰ আকাৰ পৰ্যন্ত অনুমান কৰি তেওঁ কাৰাবাসৰ প্ৰাৰম্ভিক ১১ বছৰ অকলশৰীয়া বন্দীত্বৰ জীৱন অতিবাহিত কৰিছিল। অৱশ্যে, বৰ্তমান জামিন লাভ কৰিলেও তেওঁৰ ভ্ৰমণৰ ওপৰত ভালেমান চৰ্ত আৰোপ কৰা হৈছে৷ তাৰ ভিতৰত তামিলনাডুৰ বাহিৰত তেওঁৰ ভ্ৰমণত নিষেধাজ্ঞা জাৰি কৰিছে। ন্যায়াধীশ এল নাগেশ্বৰ ৰাও আৰু বি আৰ গাভাইৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কেন্দ্ৰৰ তীব্ৰ আপত্তি স্বত্বেও দীঘলীয়া কাৰাবাস, বহুতো শৈক্ষিক ডিগ্ৰী সম্পূৰ্ণ কৰা তথা কাৰবাসৰ সময়ত তেওঁৰ আচৰণৰ কথা বিবেচনা কৰি বিগত সপ্তাহত তেওঁক জামিন প্ৰদান কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ