--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘এয়াৰ ইণ্ডিয়া’ৰ পাছত এইবাৰ ৰে’ল বিভাগক ব্যক্তিগত খণ্ডক গতাবলৈ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দেশৰ বিৰোধী সাংসদসকলে। বিৰোধী দলৰ সাংসদসকলে মঙলবাৰে ভাৰতীয় ৰে'লত নিযুক্তিত পলম হোৱাৰ বিষয়টো উত্থাপন কৰে আৰু লগতে চৰকাৰে এই গুৰুত্বপূ্ৰ্ণ ৰাজহুৱা খণ্ডটোৰ বেচৰকাৰীকৰণৰ পৰিকল্পনা কৰাৰ অভিযোগ তোলে। উল্লেখ্য যে, এই বছৰৰ প্ৰথম ভাগতে উত্তৰ প্ৰদেশ আৰু বিহাৰত ৰে’ল বিভাগত নিযু্ক্তিক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিবাদৰ সৃষ্টি হৈছিল। আনকি প্ৰথমবাৰৰ বাবে দেশত নিয়োগপ্ৰত্যাশীয়ে সংঘৰ্ষসদৃশ পৰিস্থিতি সৃষ্টি কৰিছিল। লোকসভাত ৰে'ল বিভাগৰ বাবে ২০২২-২৩ বৰ্ষৰ অনুদানৰ দাবী সম্পৰ্কীয় বিতৰ্কৰ আৰম্ভণি কৰি কংগ্ৰেছ সাংসদ কে সুৰেশে চৰকাৰক অদক্ষভাৱে ৰে'লপথ চলোৱাৰ অভিযোগ উত্থাপন কৰি কয় যে চৰকাৰে পুঁজি আৱণ্টনৰ ক্ষেত্ৰতো চালাকি কৰা পৰিলক্ষিত হৈছে। তেওঁ অভিযোগ কৰে যে, ‘এই চৰকাৰৰ উদ্দেশ্য হৈছে ভাৰতীয় ৰে’লৰ বেচৰকাৰীকৰণ কৰা। ‘এয়াৰ ইণ্ডিয়া’ ইতিমধ্যে বিক্ৰী হৈছে। এতিয়া, এই চৰকাৰৰ পৰৱৰ্তী পদক্ষেপ হৈছে ভাৰতীয় ৰেল। সেয়া অতি সোনকালে কৰা হ'ব।’ তেওঁ ৰে'ল মন্ত্ৰীক প্ৰশ্ন কৰে যে, ভাৰতীয় ৰে'ল ভাৰত চৰকাৰৰ অধীনত থাকিব নে নাই? বিতৰ্কত অংশগ্ৰহণ কৰি চিপিএম নেতা এ এম আৰিফেও চৰকাৰে ভাৰতীয় ৰে'লৰ বেচৰকাৰীকৰণৰ পৰিকল্পনা কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ অভিযোগ কৰে যে চৰকাৰে "ইচ্ছাকৃতভাৱে" নিযুক্তিত পলম কৰিছে। ‘ৰে'লৱেত মুঠ ২.৬৩ লাখ খালী পদ পূৰণ হোৱা নাই। চৰকাৰে উদ্দেশ্যপূৰ্ণভাৱে খালী পদসমূহ পূৰণ কৰা নাই আৰু বৰ্তমানৰ কৰ্মচাৰীসকলক অতিৰিক্ত সময় কাম কৰিবলৈ বাধ্য কৰি তেওঁলোকক চাপৰ মাজত ৰাখিছে। ইয়াৰ ফলত দক্ষতা হ্ৰাস পাব, আৰু তাৰ পাছত চৰকাৰে ক'ব যে, ৰে'ল বিভাগ অদক্ষ, আৰু সেইবাবে এতিয়া ইয়াক ব্যক্তিগত খণ্ডৰ হাতত গতাই দিব লাগিব।’ আৰিফৰ মতামতক সমৰ্থন কৰি কৰি আৰএছপি নেতা এন কে প্ৰেমচান্দ্ৰনে কয় যে, ৰে'লৱেই ২০১৪ চনৰ পৰা "ক্ৰমান্বয়ে ব্যক্তিগতকৰণ"ৰ পদক্ষেপৰ মুখামুখি হৈ আহিছে। জনতা দল (ইউনাইটেড)ৰ সাংসদ সুনীল কুমাৰ পিণ্টুৱে কয় যে ক’ভিড মহামাৰীৰ পাছত যুৱক-যুৱতীসকলৰ মাজত চাকৰিৰ প্ৰয়োজন বৃদ্ধি পাইছে। ‘শেহতীয়াকৈ, দুই লাখ শিক্ষাৰ্থীয়ে ৰে'লৱে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। আনকি তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাও সম্পন্ন হৈছিল। অনুগ্ৰহ কৰি উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক চাকৰি প্ৰদান কৰক’ তেওঁ কয়। বিজেডিৰ সাংসদ ভৰ্তুহৰি মাহতাবে ৰে'লৱেৰ দুৰ্বল অপাৰেটিং অনুপাতৰ বিষয়ে প্ৰকাশ কৰি কয়: "ৰে’লমন্ত্ৰীয়ে কৈছে যে তেওঁ ৯৬.৯৮% অপাৰেটিং অনুপাতৰ লক্ষ্য লৈছে। কিন্তু ২০২২ চনত ৰে'লৱেৰ পৰিচালনা অনুপাত ৯৮.৯৩% লৈ অৱনতি ঘটিছে।’ টিএমচিৰ সাংসদ অপৰূপা পোদ্দাৰে মুম্বাই-আহমেদাবাদ বুলেট ট্ৰেইন প্ৰকল্পৰ কাম তৰান্বিত কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰে। তেওঁ কয় যে ২০২৩ চনৰ ভিতৰত সম্পূৰ্ণ হ'বলগীয়া প্ৰকল্পৰ কাম এতিয়ালৈকে আৰম্ভ হোৱা নাই। "বুলেট ট্ৰেইন প্ৰকল্পটো বিফল হৈছে আৰু সাধাৰণ মানুহৰ ওপৰত কৰও বৃদ্ধি পাইছে," তেওঁ এই অভিযোগ কৰে। BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন