--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হেৰুৱা অতীতৰ সুঁহুৰিয়ে আজিও উদ্বিগ্ন কৰি তোলে শ্বেহনাজক। হেৰুৱা মাণিক বিচাৰি আহিব শ্বেহনাজে। 'মই জানো তুমি ইয়াতেই আছা সিদ্ধাৰ্থ৷ তোমাক বিচাৰি মই আহি আছো'- বিগ বছ-১৫ত পুনৰ ৱাইল্ডকাৰ্ড যোগে আগমন ঘটিব শ্বেহনাজ গিলৰ৷ অকালতে প্ৰাণ হেৰুওৱা প্ৰেমিক সিদ্ধাৰ্থক বিচাৰি আকৌ বিগ-বছৰ পদূলিত খোজ থ’ব শ্বেহনাজে ৷ 'ছিদনাজ'- এটি প্ৰেমিক যুগল৷ প্ৰেমৰ মোহাচ্ছনতাই আৱৰি ৰখা এহাল প্ৰেমিল চৰাই৷ অতি কম সময়ৰ ভিতৰত অনুৰাগীৰ হৃদয় জিনিছিল এই যুগলবন্দীয়ে৷ বিগ বছ-১৩ৰ প্ৰেমিকযুগল শ্বেহনাজ গিল আৰু সিদ্ধাৰ্থ শুক্লা৷ ৰূপালী পৰ্দাত দুয়োৰে আকুল প্ৰেমে সকলোকে আপ্লুত কৰিছিল৷ দুয়োৰে মাজত গঢ় লোৱা সম্পৰ্কই বিগ বছ-১৩ত সকলোকে দিছিল আমোদ, কৰিছিল ৰোমাঞ্চিত৷ অফুৰন্ত ভালপোৱাৰ কথা শ্বেহনাজে ব্যক্ত কৰিছিল প্ৰেমিক সিদ্ধাৰ্থক৷ সকলোবোৰ যেন থিকেই আছিল৷ কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস! অকালতে ছন্দ হেৰুৱালে শ্বেহনাজে। জীৱনৰ বাটত শ্বেহনাজ হৈ পৰিল নিসংগ! হৃদ ৰোগত আক্ৰান্ত হৈ আকস্মিকভাৱে আঁতৰি গ’ল সিদ্ধাৰ্থ, এখন নেদেখা নদীৰ সিপাৰে৷ সময়ৰ সোঁতত সকলো সলনি হ'ল৷ কিন্তু সলনি নহ'ল শ্বেহনাজৰ অন্তহীন প্ৰেম-ভালপোৱাৰ অবিচলিত ছন্দ৷ সেয়ে সিদ্ধাৰ্থক বিচাৰি শ্বেহনাজ আকৌ উভতি আহিব বিগ বছলৈ৷

শেহতীয়াকৈ কালাৰ্ছ টেলিভিছনৰ পৰ্দাত আৰম্ভ হৈছে বিগ বছ-১৫ৰ নৱতম সংস্কৰণ৷ ইতিমধ্যে এই অনুষ্ঠানটোৱে আমোদ দিবলৈ সক্ষম হৈছে দৰ্শকক৷ আৰু তেনে সময়তে শ্বেহনাজ গিলৰ বিগ বছ হাউছত আগমনৰ পুনৰ এক সম্ভাৱনা ইংগিত বহন কৰিছে৷ ইতিমধ্যেই শ্বেহনাজে 'বিগ বছ ১৩'ৰ যোগেদি দৰ্শকক হৃদয় জিনিবলৈ সক্ষম হৈছিল৷ আৰু তেনেদৰে শ্বেহনাজৰ অনুৰাগীও আগতকৈ বহু বৃদ্ধি পাইছিল৷ সিদ্ধাৰ্থ আৰু শ্বেহনাজৰ কেমেষ্ট্ৰিয়ে বিগ বছ-১৩ ত বহু আলোড়নৰ সৃষ্টি কৰিছিল৷ কিন্তু দুখৰ বিষয় যে, এই বছৰৰ আৰম্ভণিতে ২ ছেপ্টেম্বৰত সিদ্ধাৰ্থৰ আকস্মিক মৃত্যুৰ পাছত শুক্লাৰ অনুৰাগীসকলো শোকত ম্ৰিয়মান হৈ পৰিছিল। প্ৰেমিকা শ্বেহনাজো ভাগি পৰিছিল ৷

ছিদনাজৰ কাহিনীৰ সম্পৰ্কও ইয়াতেই সমাপ্ত হৈছিল। অতীত হৈছিল দুয়োৰে প্ৰেমগাথা৷ কিন্তু হেৰাই যোৱা নাছিল দুয়োৰে এই মধূৰ স্মৃতি। হেৰাই যোৱা নাছিল সিদ্ধাৰ্থৰ প্ৰতি থকা ভালপোৱা৷ বহু দিনৰ অপেক্ষাৰ পাছত অনুৰাগীসকলৰ মুখত হাহি বিৰিঙালে প্ৰেমিকা শ্বেহনাজে৷ বিগ বছ-১৫ত আকৌ আহিব শ্বেহনাজ গিল৷ এই খবৰটোৱে যেন উৎফুল্লিত কৰিলে অনুৰাগীক৷ এতিয়াৰ অনুৰাগীসকলৰ এটাই অপেক্ষা বিগ বছৰ ঘৰত প্ৰৱেশ কেতিয়া কৰিব শ্বেহনাজে? শ্বেহনাজৰ আগমনত ছিদনাজ অনুৰাগীসকলৰ বাবে এক আৱেগিক মুহূৰ্ত হ'বলৈ গৈ আছে বিগ বছৰ বাকৰি৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ