--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হেৰুৱা অতীতৰ সুঁহুৰিয়ে আজিও উদ্বিগ্ন কৰি তোলে শ্বেহনাজক। হেৰুৱা মাণিক বিচাৰি আহিব শ্বেহনাজে। 'মই জানো তুমি ইয়াতেই আছা সিদ্ধাৰ্থ৷ তোমাক বিচাৰি মই আহি আছো'- বিগ বছ-১৫ত পুনৰ ৱাইল্ডকাৰ্ড যোগে আগমন ঘটিব শ্বেহনাজ গিলৰ৷ অকালতে প্ৰাণ হেৰুওৱা প্ৰেমিক সিদ্ধাৰ্থক বিচাৰি আকৌ বিগ-বছৰ পদূলিত খোজ থ’ব শ্বেহনাজে ৷ 'ছিদনাজ'- এটি প্ৰেমিক যুগল৷ প্ৰেমৰ মোহাচ্ছনতাই আৱৰি ৰখা এহাল প্ৰেমিল চৰাই৷ অতি কম সময়ৰ ভিতৰত অনুৰাগীৰ হৃদয় জিনিছিল এই যুগলবন্দীয়ে৷ বিগ বছ-১৩ৰ প্ৰেমিকযুগল শ্বেহনাজ গিল আৰু সিদ্ধাৰ্থ শুক্লা৷ ৰূপালী পৰ্দাত দুয়োৰে আকুল প্ৰেমে সকলোকে আপ্লুত কৰিছিল৷ দুয়োৰে মাজত গঢ় লোৱা সম্পৰ্কই বিগ বছ-১৩ত সকলোকে দিছিল আমোদ, কৰিছিল ৰোমাঞ্চিত৷ অফুৰন্ত ভালপোৱাৰ কথা শ্বেহনাজে ব্যক্ত কৰিছিল প্ৰেমিক সিদ্ধাৰ্থক৷ সকলোবোৰ যেন থিকেই আছিল৷ কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস! অকালতে ছন্দ হেৰুৱালে শ্বেহনাজে। জীৱনৰ বাটত শ্বেহনাজ হৈ পৰিল নিসংগ! হৃদ ৰোগত আক্ৰান্ত হৈ আকস্মিকভাৱে আঁতৰি গ’ল সিদ্ধাৰ্থ, এখন নেদেখা নদীৰ সিপাৰে৷ সময়ৰ সোঁতত সকলো সলনি হ'ল৷ কিন্তু সলনি নহ'ল শ্বেহনাজৰ অন্তহীন প্ৰেম-ভালপোৱাৰ অবিচলিত ছন্দ৷ সেয়ে সিদ্ধাৰ্থক বিচাৰি শ্বেহনাজ আকৌ উভতি আহিব বিগ বছলৈ৷

শেহতীয়াকৈ কালাৰ্ছ টেলিভিছনৰ পৰ্দাত আৰম্ভ হৈছে বিগ বছ-১৫ৰ নৱতম সংস্কৰণ৷ ইতিমধ্যে এই অনুষ্ঠানটোৱে আমোদ দিবলৈ সক্ষম হৈছে দৰ্শকক৷ আৰু তেনে সময়তে শ্বেহনাজ গিলৰ বিগ বছ হাউছত আগমনৰ পুনৰ এক সম্ভাৱনা ইংগিত বহন কৰিছে৷ ইতিমধ্যেই শ্বেহনাজে 'বিগ বছ ১৩'ৰ যোগেদি দৰ্শকক হৃদয় জিনিবলৈ সক্ষম হৈছিল৷ আৰু তেনেদৰে শ্বেহনাজৰ অনুৰাগীও আগতকৈ বহু বৃদ্ধি পাইছিল৷ সিদ্ধাৰ্থ আৰু শ্বেহনাজৰ কেমেষ্ট্ৰিয়ে বিগ বছ-১৩ ত বহু আলোড়নৰ সৃষ্টি কৰিছিল৷ কিন্তু দুখৰ বিষয় যে, এই বছৰৰ আৰম্ভণিতে ২ ছেপ্টেম্বৰত সিদ্ধাৰ্থৰ আকস্মিক মৃত্যুৰ পাছত শুক্লাৰ অনুৰাগীসকলো শোকত ম্ৰিয়মান হৈ পৰিছিল। প্ৰেমিকা শ্বেহনাজো ভাগি পৰিছিল ৷

ছিদনাজৰ কাহিনীৰ সম্পৰ্কও ইয়াতেই সমাপ্ত হৈছিল। অতীত হৈছিল দুয়োৰে প্ৰেমগাথা৷ কিন্তু হেৰাই যোৱা নাছিল দুয়োৰে এই মধূৰ স্মৃতি। হেৰাই যোৱা নাছিল সিদ্ধাৰ্থৰ প্ৰতি থকা ভালপোৱা৷ বহু দিনৰ অপেক্ষাৰ পাছত অনুৰাগীসকলৰ মুখত হাহি বিৰিঙালে প্ৰেমিকা শ্বেহনাজে৷ বিগ বছ-১৫ত আকৌ আহিব শ্বেহনাজ গিল৷ এই খবৰটোৱে যেন উৎফুল্লিত কৰিলে অনুৰাগীক৷ এতিয়াৰ অনুৰাগীসকলৰ এটাই অপেক্ষা বিগ বছৰ ঘৰত প্ৰৱেশ কেতিয়া কৰিব শ্বেহনাজে? শ্বেহনাজৰ আগমনত ছিদনাজ অনুৰাগীসকলৰ বাবে এক আৱেগিক মুহূৰ্ত হ'বলৈ গৈ আছে বিগ বছৰ বাকৰি৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু