--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ একক আৰু অদ্বিতীয় অভিনয়েৰে বলীউডৰ মঞ্চত গিজগিজাই থকা এটা নাম-অমিতাভ, অমিতাভ বচ্চন। সাৱলীল অভিনয়ৰ বাবে অনুৰাগীৰ মন মাজুলীত নিগাজী স্থান দখল কৰিছিল অমিতাভে। পাছে এই সুদিন দেখাৰ পূৰ্বে বহু ঘাত-প্ৰতিঘাত অতিক্ৰম কৰিবলগীয়া হৈছিল বলীউডৰ অদ্বিতীয় অভিনেতাজনে। অগণিত প্ৰত্যাহ্বানক নেওচি অমিতাভে স্পৰ্শ কৰিছে সাফল্যৰ উচ্চতম চূড়া। প্ৰায় দুই দশক আগৰ কথা। কঠোৰ পৰিশ্ৰমৰ মাজেৰে দিন নিয়াবলগীয়া হৈছিল অমিতাভ বচ্চনে। বিচাৰিও ছবিত কাম পোৱা নাছিল বলীউড শ্বেহেনশ্বাহে। জীৱন সংগ্ৰামৰ এই সময়তে সৰু পৰ্দাৰ এটা অনুষ্ঠান সঞ্চালনাৰ বাবে প্ৰস্তাৱ দিয়া হৈছিল বিগ বিক। আৰ্থিক দৈন্যতাৰ বাবে আগ-পাছ নেভাবি, নিচিন্তি প্ৰস্তাৱটোৰ প্ৰতি জনাইছিল ইতিবাচক সঁহাৰি। শেহতীয়াকৈ, ‘কৌন বনেগা কোড়ৰপতি’ৰ অনুষ্ঠানটোত এই কথা সদৰী কৰিছে অনিতাভে। অনুষ্ঠানটোৰ অতিথি হৈ আহিছিল অমিতাভৰ জীয়ৰী শ্বেতা বচ্চন নন্দা আৰু নাতিনী নব্যা নভেলী নন্দা।

দীৰ্ঘ বিৰতিৰ অন্তত পৰিয়ালৰ সদস্যসকলৰ সন্মুখত আৱেগিক হৈ পৰে অমিতাভ। অতীতলৈ উভতি যোৱা অমিতাভে ব্যক্ত কৰিলে মনৰ গুপুত কথা। অমিতাভে কয়, অনুষ্ঠানটোৱে ২১বছৰ অতিক্ৰম কৰিলে। ২০০০ চনত আৰম্ভ হৈছিল যাত্ৰা। তেতিয়া কি হ’ব একো জনা নাছিলো। বহুতে কৈছিল ডাঙৰ পৰ্দাৰ পৰা সৰু পৰ্দালৈ প্ৰত্যাৱৰ্তন কৰিলে মোৰ ভাবমূৰ্তি ম্লান পৰিব।’ কথাষাৰ কৈ আবেগিক হৈ পৰিছিল অমিতাভে। অনুষ্ঠানৰ মাজতে শ্বেহেনশ্বাহৰ দুচকুৰে বৈ আহিল চকুলো দুধাৰ। অমিতাভে কয়, ‘তেতিয়া মোৰ আৰ্থিক পৰিস্থিতি বৰ বেয়া আছিল। ভাগি পৰিছিলো। মই চিনেমাত কাম বিচাৰি পোৱা নাছিলো। কিন্তু এই অনুষ্ঠানটো আৰম্ভ হোৱাৰ পাছত মই মানুহৰ পৰা পাইছিলো অফুৰন্ত মৰম।আজিও পাই আছো।ইয়ে মোক জীয়াই তুলিছে। মোৰ এনেকুৱা লাগিছিল যেন পৃথিৱীখন হঠাতে সলনি হৈ গ’ল।’ উল্লেখ্য যে, দৰ্শকৰ নিভাজ,নিটোল,স্নিগ্ধ প্ৰেমে বাৰে বাৰে সোঁৱৰাই দিছে এই কথা যে, অমিতাভে সৰু পৰ্দাত প্ৰৱেশ কৰাৰ সিদ্ধান্তত কোনো ভুল নাছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ