--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আহি আছে ‘গডৰ’ ছিকুৱেল৷ ছানী দেওলে তেওঁৰ বহু প্ৰতীক্ষিত ছবি ‘গডৰ-২’ৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিছে৷ চিকুৱেলৰ বাবে ছানী দেওলে তাৰা সিঙৰ চৰিত্ৰত অভিনয় কৰিব চাকিনাৰ চৰিত্ৰত অভিনয় কৰা আমিশা পেটেলে৷ ছবিখনৰ দৃশ্যগ্ৰহণৰ এটা ছবি বলীউডৰ বাণিজ্য বিশ্লেষক তৰণ আদৰ্শৰ দ্বাৰা এটা অনলাইন প্লেটফৰ্মত শ্বেয়াৰ কৰা হৈছিল, য’ত ছানী দেওলক কুৰ্তা আৰু পাগুৰি পৰিধান কৰা দেখা গৈছিল।

দৃশ্যগ্ৰহণৰ সামান্য এটা ক্লিপ শ্বেয়াৰ কৰি তৰণ আদৰ্শে লিখিছিল, ‘‘ছানী দেওলে ‘গডৰ-২’ ছবিৰ দৃশ্যগ্ৰহণ আজিৰ পৰা আৰম্ভ কৰিছে।”টুইটত তৰণ আদৰ্শে লগতে কয় যে, “ছানী দেওল, অমীশা পেটেল আৰু উৎকৰ্ষ শৰ্মা অভিনীত গদাৰৰ চিকুৱেল ‘গডৰ ২’ত অভিনয় কৰিব৷ অনিল শৰ্মাৰ দ্বাৰা পৰিচালিত হ’ব ছবিখন আৰু জি ষ্টুডিঅ' অনিল শৰ্মা প্ৰডাকচনৰ দ্বাৰা প্ৰযোজিত হ’ব।’’

উল্লেখ্য যে, ছানি দেওলে ইনষ্টাগ্ৰামতো এখন ছবিও শ্বেয়াৰ কৰিছে লগতে তেওঁ লিখিছে যে, “আমি ‘গডৰ-২ৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰিলো। সোনকালেই তাৰা সিঙক দেশবাসীয়ে দেখা পাব।” মুখ্য অভিনেত্ৰী অমীশা পেটেলেও দৃশ্যগ্ৰহণৰ প্ৰথম দিনাৰ পৰা কিছুমান ছবি তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছিল। ছানি আৰু আমিশাই তেওঁলোকৰ ফটো শ্বেয়াৰ কৰাৰ লগে লগে, তেওঁলোকৰ অনুৰাগীসকলৰ মাজত এতিয়া উৎসুকতা বৃদ্ধি পাইছে।


গডৰ: এক প্ৰেম কথাই ইতিমধ্যে ২০ বছৰ সম্পূৰ্ণ কৰিলে। ছবিখন ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত ভিত্তি কৰি নিৰ্মাণ কৰা এক সঁচা প্ৰেম কাহিনী। বিভাজনৰ সময়ত এগৰাকী মুছলমান সম্প্ৰদায়ৰ ছোৱালী চাকিনাক তাৰা সিং চৰিত্ৰত অভিনয় কৰা ছানী দেওলে ৰক্ষা কৰে আৰু দুয়োৰে মাজত গঢ়ি উঠা সঁচা প্ৰেমকাহিনীৰ বিষয়ে কেৱল ভাৰতেই নহয় পাকিস্তানো সাক্ষী আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু