--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আহি আছে ‘গডৰ’ ছিকুৱেল৷ ছানী দেওলে তেওঁৰ বহু প্ৰতীক্ষিত ছবি ‘গডৰ-২’ৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিছে৷ চিকুৱেলৰ বাবে ছানী দেওলে তাৰা সিঙৰ চৰিত্ৰত অভিনয় কৰিব চাকিনাৰ চৰিত্ৰত অভিনয় কৰা আমিশা পেটেলে৷ ছবিখনৰ দৃশ্যগ্ৰহণৰ এটা ছবি বলীউডৰ বাণিজ্য বিশ্লেষক তৰণ আদৰ্শৰ দ্বাৰা এটা অনলাইন প্লেটফৰ্মত শ্বেয়াৰ কৰা হৈছিল, য’ত ছানী দেওলক কুৰ্তা আৰু পাগুৰি পৰিধান কৰা দেখা গৈছিল।

দৃশ্যগ্ৰহণৰ সামান্য এটা ক্লিপ শ্বেয়াৰ কৰি তৰণ আদৰ্শে লিখিছিল, ‘‘ছানী দেওলে ‘গডৰ-২’ ছবিৰ দৃশ্যগ্ৰহণ আজিৰ পৰা আৰম্ভ কৰিছে।”টুইটত তৰণ আদৰ্শে লগতে কয় যে, “ছানী দেওল, অমীশা পেটেল আৰু উৎকৰ্ষ শৰ্মা অভিনীত গদাৰৰ চিকুৱেল ‘গডৰ ২’ত অভিনয় কৰিব৷ অনিল শৰ্মাৰ দ্বাৰা পৰিচালিত হ’ব ছবিখন আৰু জি ষ্টুডিঅ' অনিল শৰ্মা প্ৰডাকচনৰ দ্বাৰা প্ৰযোজিত হ’ব।’’

উল্লেখ্য যে, ছানি দেওলে ইনষ্টাগ্ৰামতো এখন ছবিও শ্বেয়াৰ কৰিছে লগতে তেওঁ লিখিছে যে, “আমি ‘গডৰ-২ৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰিলো। সোনকালেই তাৰা সিঙক দেশবাসীয়ে দেখা পাব।” মুখ্য অভিনেত্ৰী অমীশা পেটেলেও দৃশ্যগ্ৰহণৰ প্ৰথম দিনাৰ পৰা কিছুমান ছবি তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছিল। ছানি আৰু আমিশাই তেওঁলোকৰ ফটো শ্বেয়াৰ কৰাৰ লগে লগে, তেওঁলোকৰ অনুৰাগীসকলৰ মাজত এতিয়া উৎসুকতা বৃদ্ধি পাইছে।


গডৰ: এক প্ৰেম কথাই ইতিমধ্যে ২০ বছৰ সম্পূৰ্ণ কৰিলে। ছবিখন ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত ভিত্তি কৰি নিৰ্মাণ কৰা এক সঁচা প্ৰেম কাহিনী। বিভাজনৰ সময়ত এগৰাকী মুছলমান সম্প্ৰদায়ৰ ছোৱালী চাকিনাক তাৰা সিং চৰিত্ৰত অভিনয় কৰা ছানী দেওলে ৰক্ষা কৰে আৰু দুয়োৰে মাজত গঢ়ি উঠা সঁচা প্ৰেমকাহিনীৰ বিষয়ে কেৱল ভাৰতেই নহয় পাকিস্তানো সাক্ষী আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ