--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ "মই মোৰ সহোদৰ ৰাহুলৰ বাবে মৰিবলৈও সাজু। বিজেপিৰ অভিযোগৰ প্ৰতি উত্তৰ দিবলৈ গৈ দেওবাৰে প্ৰিয়ংকা গান্ধীয়ে সংবাদ মাধ্যমৰ আগত এই কথা কয়। উল্লেখ্য যে, নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাৰ মজিয়াত কংগ্ৰেছক সমালোচনাৰে একেবাৰে তুলাধনা দিছিল। সেই কথাৰ প্ৰসংগত শাসক পক্ষক উত্তৰ দিবলৈ গৈ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে এই কথা কয়। কিছুদিনৰ আগতে, কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে এটা ফেচবুক লাইভ কৰিছিল। তাতে প্ৰিয়ংকাই মন্তব্য কৰিছিল যে ৰাহুলৰ সৈতে তাইৰ সম্পৰ্ক সৰুৰে পৰা ভাল। য'ত তেওঁ বিভিন্ন শুভকাংশীৰ প্ৰশ্নৰ উত্তৰ দিছিল। প্ৰিয়ংকাই ক’য়, "সৰুতে ৰাহুল আৰু মই বহুত কাজিয়া কৰিছিলো। অৱশ্যে, এইসকলোবোৰত তেওঁ জয়ী হৈছিল। প্ৰসংগক্ৰমে তেওঁ ক’য় যে, মোৰ আইতাক ১২ বছৰ বয়সত হত্যা কৰা হৈছিল। হত্যাৰ পাছত ৰাহুল আৰু মই বিদ্যালয়লৈ যাব নোৱাৰিছিলো। ১২ বছৰ বয়সৰ পৰা ১৮ বছৰলৈকে, আমি ঘৰৰ পৰাই স্কুলীয়া শিক্ষা গ্ৰহণ কৰিব লগা হৈছিল আনকি পৰীক্ষাও ঘৰৰ পৰাই অৱতীৰ্ণ হব লগা হৈছিল। ইফালে, প্ৰিয়ংকা গান্ধীক দলৰ মুখ হিচাপে প্ৰক্ষেপ কৰি কংগ্ৰেছে উত্তৰ প্ৰদেশত প্ৰচাৰ চলাই আছে৷ যোগীৰ ৰাজ্যখন 'পৰিৱৰ্তন কা সংকল্প, কংগ্ৰেছ হি বিকল্প' শীৰ্ষক কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰ কৰি আছে। প্ৰিয়ংকাই লগতে ক’য় যে, "আপুনালোকে এতিয়াৰ পৰা মোক উত্তৰ প্ৰদেশৰ চাৰিওফালে দেখা পাব৷ লগতে ক’য় যে, উত্তৰ প্ৰদেশত মহিলাসকলৰ নিৰাপত্তাৰ, আইন-শৃংখলাৰ দ্ৰুত অৱনতি, দুৰ্বল স্বাস্থ্য আন্তঃগাঁথনি, নিবনুৱা আদি বিষয়বোৰত গুৰুত্ব দিয়াৰ সলনি যোগীয়ে এতিয়া কেৱল ধৰ্মীয় ৰাজনীতি কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি